অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten news at 9 am

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 9 am
9 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : May 15, 2021, 8:58 AM IST

সমগ্ৰ অসমত লকডাউনৰ সম্ভাৱনা নাই: মুখ্যমন্ত্ৰী

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ক'ভিডৰ সম্পৰ্কীয় গুৰুত্ব পূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ । বৰ্তমানলৈ লকডাউন সন্দৰ্ভত কোনো চিন্তা-চৰ্চা কৰা হোৱা নাই যদিও পৰিস্থিতি চাই ব্যৱস্থা লোৱা হ'ব । কণ্টেইনমেণ্ট জ'নৰ ভিতৰত থকা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকক 2 হাজাৰ টকাৰ খাদ্য সামগ্ৰী যোগান ধৰা হ’ব । ক'ভিডত আক্ৰান্ত হোৱা 50ৰ উৰ্দ্ধৰ ব্যক্তিক 17 মে'ৰ পৰা হাস্পতাল নাইবা ক'ভিড কেয়াৰ চেন্টাৰত ৰখা হ'ব ।

অসম আৰক্ষীত ব্যাপক ৰদ-বদল

মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম বাৰৰ বাবে সাল-সলনি কৰিছে আৰক্ষী অধীক্ষক সকলক ৷ কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াক অসম আৰক্ষীৰ মুখ্য কাৰ্যালায়লৈ বদলি ৷

ক'ভিডকালত এখন এখনকৈ বন্ধ হৈছে চাহ বাগিচা: ৩৫ শতাংশলৈ বিক্ৰী হ্ৰাস

ক'ভিডৰ সংক্ৰমণৰ বাবে বহু চাহ বাগিছাত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিব লগা হোৱাত একপ্ৰকাৰ বাগানেই বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে ৷ কৰ’নাৰ সংক্ৰমণৰ উৎস হৈ পৰিছে চাহ বাগানসমূহ ৷ চাহ বাগান কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰি উৎপাদন বন্ধ কৰি দিব লগা হোৱাত চাহ উদ্যোগটোৱে ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৷

ডিগবৈ বিস্ফোৰণ সন্দৰ্ভত আলফা(স্বা)ৰ প্ৰতিক্ৰিয়া

ডিগবৈত বোমা বিস্ফোৰণৰ পিছতে সংযুক্ত মুক্তি বাহিনী,অসম (স্বা)এ প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ এয়া আলফা (স্বা)ক জন মানসত হেয় প্ৰতিপন্ন কৰিবলৈ নিকৃষ্ট ষড়যন্ত্ৰ বুলি উল্লেখ কৰে ৷

সৰ্বা-হিমন্ত ৰাম-লক্ষ্মণ: প্ৰদীপ হাজৰিকা

নতুনকৈ গঠন হোৱা চৰকাৰক প্ৰশংসা কৰা লগতে সৰ্বা আৰু হিমন্তক ৰাম-লক্ষ্মনৰ লগত তুলনা কৰি অসমৰ সৰ্বাংগীন উন্নয়ণ হ’ব বুলি মন্তব্য বিধায়ক প্ৰদীপ হাজৰিকাৰ ।

কৰ'ণাৰ হটস্পতলৈ পৰিণত অভয়াপুৰী জিলা কাৰাগাৰ

অভয়াপুৰী জিলা কাৰাগাৰত কৰ'ণাৰ আতংক ৷ কাৰাগাৰখনত বৰ্তমানলৈ 36 গৰাকী কয়দীৰ দেহত ধৰা পৰিছে ক'ভিড-19 পজিটিভ ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কাৰাগাৰৰ ভিতৰতে কৰা হৈছে ক'ভিড কেয়াৰ চেন্টাৰৰ ব্যৱস্থা ৷

ভাৰতৰ ভেকচিন পৰিকল্পনাত লাগিল আউল : চীনে বাংলাদেশক দিলে ঈদৰ উপহাৰ

বাংলাদেশলৈ ঈদৰ উপহাৰ হিচাবে চীনে পঠালে কৰ’ণাৰ ভেকচিন ৷ বাংলাদেশলৈ ৫ লাখ ভেকচিনৰ উপহাৰ চীনৰ ৷

অসম ৰাইফলছৰ বিষয়াক হত্যাৰ অভিযুক্তক গ্ৰেপ্টাৰ এনআইএৰ

২০১৭ চনৰ ১৫ নৱেম্বৰত অসম ৰাইফলছৰ চতুৰ্থ বেটেলিয়নৰ এটা গোটৰ ওপৰত চলা আক্ৰমণৰ এগৰাকী অভিযুক্তক আটক এনআইএৰ ৷ ধৃত অভিযুক্তজন মণিপুৰৰ কাকচিং জিলাৰ ৩২ বছৰীয়া মায়াংলাম্বাম চিৰোমানি ৷

ধলাইত ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

আগৰতলা পৌৰ নিগমৰ প্ৰতিটো পৰিয়ালৰে বাবে ক'ভিড পৰীক্ষা বাধ্যতামূলক কৰিছে ত্ৰিপুৰা চৰকাৰে । বৃহস্পতিবাৰে ধলাই জিলাৰ কেইবাটাও ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰি এই কথা প্ৰকাশ কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে ।

"স্পুটনিক-ভি"ৰ প্ৰতিটো পালিৰ মূল্য ৯৯৫.৪০ টকা

ভাৰতত ক'ভিড-১৯ৰ প্ৰতিষেধক "স্পুটনিক-ভি"ৰ প্ৰতিটো পালিৰ খুচুৰা মূল্য হ'ব ৯৯৫.৪০ টকা । শেহতীয়াকৈ হায়দৰাবাদস্থিত মেজৰ ড০ ৰেড্ডীজ লেবৰেটৰিজে প্ৰকাশ কৰিছে এই কথা । শুকুৰবাৰে হায়দৰাবাদত প্ৰতিষেধকটোৰ প্ৰথম পালি প্ৰদান কৰা হৈছে ।

ABOUT THE AUTHOR

...view details