অসম

assam

By

Published : Apr 3, 2021, 9:04 AM IST

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 9 am
9 বজাৰ শীৰ্ষ দহটা বাতৰি

পৰৱৰ্তী ৪৮ ঘণ্টালৈ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই

প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে ৷ পৰৱৰ্তী ৪৮ ঘণ্টাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই চলাব নোৱাৰিব কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বদলিকৰণ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃক

ভাৰতীয় নিৰ্বাচন আয়োগে বদলিকৰণৰ নিৰ্দেশ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ তথা গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক ৷ শুকুৰবাৰে অসমৰ মুখ্য নিৰ্বাচন বিষয়াক এই নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে ৷

হিংসাৰ আশ্ৰয় লৈছে কৰিম উদ্দিন বৰভূঞাই: আমিনুল হক লস্কৰ

বিগত 30 মাৰ্চত সোনাই বিধানসভা সমষ্টিত হোৱা নিৰ্বাচনী হিংসাৰ প্ৰতিক্ৰিয়া স্বৰূপে এইবাৰ মুখ খুলিছে বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰে ৷ নিৰ্বাচনী ৰণত জয়ী হ’বলৈ এই আই ইউ ডি এফৰ প্ৰাৰ্থী কৰিম উদ্দিন বৰভূঞাই ৰাজনৈতিক ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷

৩২ মিনিটত ৩২ হাজাৰ গছপুলি ৰোপণ কৰি বঙাইগাঁৱত অভিলেখ

বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত বঙাইগাঁৱৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলত ভোটাৰৰ দ্বাৰা গছপুলি ৰোপনৰ বিশেষ কাৰ্যসূচী ৰূপায়ন। ৩২ মিনিটৰ ভিতৰত ৩২ হাজাৰ গছপুলি ৰোপণেৰে গঢ়িলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ড। ১৫০০ তকৈ অধিক ভোটাৰৰ অংশগ্ৰহণ।

অসমত লুঙী টুপীৰ চৰকাৰ হ’ব !

ভৱানীপুৰৰ এডিপি বজাৰত ফণী তালুকদাৰৰ নিৰ্ৱাচনী প্ৰচাৰ চলালে পুত্ৰসহ সাংসদ বদৰুদ্দিন আজমলে ৷ ফণী তালুকদাৰক ভোট দিবলৈ ৰাইজক আহ্বান জনাই সভাত বিতৰ্কতি মন্তব্য আগবঢ়ালে আজমলৰ পুত্ৰই । ৰাজহুৱা সভাতে আজমল পুত্ৰই ক’লে, এইবাৰ চৰকাৰ হ’ব লুঙী-টুপীৰ চৰকাৰ ।

‘এম চি এম চি’ৰ অনুমােদন অবিহনে প্ৰকাশ কৰিব নােৱাৰিব বিজ্ঞাপন

মঙলবাৰে তৃতীয় পর্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ ক্ষেত্ৰত ভােটগ্রহণৰ দিনা আৰু সােমবাৰে প্রকাশ কৰিবলগীয়া বিজ্ঞাপনসমূহ প্রকাশৰ আগত ৰাজ্যিক বা জিলাভিত্তিত গঠন কৰা ‘এম চি এম চি’ য়ে প্রমাণিকৰণ কৰিব । নির্বাচন আয়ােগে ভােটগ্রহণৰ দিনা আৰু ভােটগ্রহণৰ এদিনৰ পূর্বে প্রকাশিত ৰাজনৈতিক বিজ্ঞাপনৰ ক্ষেত্ৰত মিডিয়া প্রমাণিকৰণ আৰু নিৰীক্ষণ সমিতিয়ে (এমচিএমচি) প্রমাণিকৰণ কৰাতাে বাধ্যতামূলক কৰিছে ।

মন্ত্ৰী পীযুষ হাজৰিকাক গৰিহনা দিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে

সাংবাদিকক মন্ত্ৰী পীযুষ হাজৰিকাই ভাবুকি প্ৰদান কৰা সন্দৰ্ভত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে গৰিহণা দিয়ে। এই বিষয়ত শুক্ৰবাৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে নগাঁও জিলাৰ বটদ্ৰৱাৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলোত আয়োজন কৰে ৷

নাঙল মিউজিয়ামলৈ আৰু ট্ৰেক্টৰ-পদুম যাব দিছপুৰলৈ : মন্ত্ৰী হিমন্ত

শুকুৰবাৰে কোকৰাঝাৰত ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীৰ হৈ বিশাল ৰোড শ্ব' কৰি নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এইবেলি নাঙল মিউজিয়ামলৈ আৰু ট্ৰেক্টৰ-পদুম দিছপুৰলৈ যাব ৷ নিৰ্বাচনী ভাষণত এইদৰে মন্তব্য কৰে মন্ত্ৰী হিমন্তই ৷

মমতা বেনাৰ্জীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ বিজেপিৰ

ভাৰতীয় জনতা পাৰ্টীয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে পশ্চিম বংগৰ শীৰ্ষ নিৰ্বাচনী বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছে ৷ হুগলীত নিৰ্বাচনী ৰেলীত বিজেপিৰ সমৰ্থকক ভাবুকি প্ৰদান কৰাৰ লগতে ভয় দেখুৱাৰ অভিযোগ উত্থাপন কৰি এই অভিযোগ দাখিল বিজেপিৰ ৷

উত্তৰ প্ৰদেশত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ, ধৰ্যণ কৰি হত্যাৰ অভিযোগ

উত্তৰ প্ৰদেশৰ হাপুড়ৰ চিম্বাৱলীত নিজ গৃহৰ পৰা বিদ্যালয়লৈ বুলি ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰে এগৰাকী ছাত্ৰী ৷ যাৰ পাছতে নয়ডাৰ চেক্টৰ-33 ত উদ্ধাৰ হয় ছাত্ৰীগৰাকীৰ মৃতদেহ ৷ অভিযোগ অনুসৰি ছাত্ৰীগৰাকীক কোনো দূৰ্বৃত্তই ধৰ্ষণ কৰি হত্য়া কৰে ৷

ABOUT THE AUTHOR

...view details