অসম

assam

By

Published : Nov 6, 2021, 6:58 PM IST

ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

top-ten-news-at-7-pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

নদী পৰ্যটনৰ ওপৰত গুৰুত্ব প্ৰদান ঋতুপৰ্ণ বৰুৱাৰ

অসমৰ পৰ্যটন উন্নয়নৰ অধ্যক্ষৰ পদত নিয়োজিত প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাই কয়, অসমখন নদী পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে ৷ অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰাৰ পাচতে বৃহস্পতিবাৰে ডিব্ৰুগড়ত সাংবাদিকক সম্বোধন কৰে ঋতুপৰ্ণ বৰুৱাই ৷

ছত্তিশগড়ত জিলা ৰিজাৰ্ভ গাৰ্ড (DRG) আৰু মাওবাদীৰ মাজত সংঘৰ্ষ

ছত্তিশগড়ত আৰক্ষীৰ গুলিত মাওবাদী নিহত ৷ ঘটনাস্থলীত উদ্ধাৰ পিষ্টল আৰু 5 কিল’গ্ৰাম ওজনৰ আই ই ডি তাঁৰ ৷

দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত উদ্বেগ প্ৰকাশ মীৰা ৰাজপুতৰ

লাহে লাহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিল্লীৰ বায়ু প্ৰদূষণে । দীপাৱলীৰ পাছতে ধোঁৱা-কুঁৱলীয়ে আৱৰি ধৰিছে সমগ্ৰ দিল্লী চহৰ । ৰাজধানী চহৰৰ এনে পৰিৱেশক লৈ চিন্তিত হৈ পৰিছে শ্বাহিদৰ পত্নী মীৰা ৰাজপুত ।

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ গাজিয়াবাদ : কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে(চিপিচিবি) প্ৰকাশ কৰা তথ্য অনুসৰি, দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ হ'ল গাজিয়াবাদ । গাজিয়াবাদক 'ডাৰ্ক ৰেড জ'ন'ত নথিভুক্ত কৰা হৈছে । বৰ্তমান গাজিয়াবাদৰ বায়ুৰ মান সূচক (AQI) হৈছে 486 ৷


দীপাৱলীৰ পাছত প্ৰদূষিত গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডল

আতচবাজীৰ অভাৱনীয় ব্যৱহাৰৰ ফলত মহানগৰীৰ বায়ুমণ্ডলৰ মান সূচাংক মজলীয়াৰ পৰা নিম্নমানলৈ গতি কৰিছে । শুকুৰবাৰে গুৱাহাটীত বায়ুমণ্ডলৰ মান সূচাংক ২৪০ লৈ বৃদ্ধি পায় । এই মান দুগুণলৈ বৃদ্ধি পােৱাত গুৱাহাটীৰ এয়াৰ কোৱালিটি ইনডেক্স মজলীয়াৰ পৰা নিম্নমানলৈ গতি কৰে । ৰাজ্যজুৰি প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ নিৰ্দেশনা উলংঘা ।

PMLA আদালতত হাজিৰ অনিল দেশমুখ

মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক শনিবাৰে PMLA ৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় ৷ 2 নৱেম্বৰত মুম্বাইৰ আদালতে দেশমুখক 6 নৱেম্বৰলৈ ED ৰ জিম্মালৈ প্ৰেৰণ কৰিছিল ৷

আথিয়া চেট্টীলৈ কে এল ৰাহুলৰ জন্মদিনৰ উপহাৰ

অৱশেষত সম্পৰ্ক ৰাজহুৱা হ’ল ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুল আৰু আথিয়া চেট্টীৰ ৷ আথিয়াৰ জন্মদিন উপলক্ষে পূৰ্বে উঠা এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি ৰাহুলে মৰমেৰে জন্মদিনৰ শুভেচ্ছা জনায় ৷

কেদাৰনাথ দৰ্শনৰ বাবে সমালোচনাৰ সন্মুখীন চাৰা আলী খান

চাৰা আলী খানে কেদাৰনাথ দৰ্শনৰ ফটো শ্বেয়াৰ কৰাৰ পাছতে একাংশ মুছলমান সমৰ্থক অসন্তুষ্ট হৈ পৰিছে । মুছলমান হৈও হিন্দুৰ ধৰ্মীয় স্থান দৰ্শন কৰাৰ বাবে একাংশই সমালোচনা কৰিছে অভিনেত্ৰীগৰাকীক ।

মহাকাশত সফলতাৰে ৩ টাকৈ ৰিম'ট চেঞ্চিং উপগ্ৰহ উৎক্ষেপণ চীনৰ

চীনে শনিবাৰে দক্ষিণ-পশ্চিম চিচুয়ান প্ৰদেশৰ জিচাং উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰে ৰিম'ট চেঞ্চিং উপগ্ৰহকেইটা । উপগ্ৰহ কেইটা লং মাৰ্চ-২ডি কেৰিয়াৰ ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰা হয় ।
নিউজিলেণ্ডত নতুনকৈ ক’ভিড 19 ত আক্ৰান্ত 207 গৰাকী

নিউজিলেণ্ডত নতুনকৈ পোহৰলৈ আহিছে 207 টা ক’ভিড 19 ৰ ঘটনা ৷ নিউজিলেণ্ডৰ স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰিছে এই কথা ৷

ABOUT THE AUTHOR

...view details