সাত বজাৰ শীৰ্ষ দহটা বাতৰি...
পুনৰ অনুষ্ঠিত হ’ব APDCL ৰ পৰীক্ষা: ড৹ হিমন্ত বিশ্ব শৰ্মা
অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ সমানে ভয়ংকৰ APDCL ৰ নিযুক্তি কেলেংকাৰী । APDCL ৰ নিযুক্তি কেলংকাৰীৰ লগত উচ্চ পদস্থ বিষয়াৰ পৰা আৰম্ভ কৰি ১১ জনকৈ লোক কেলেংকাৰীৰ লগত জড়িত থকা বুলি CM ভিজিলেন্সে প্ৰকাশ কৰিছে । কেলেংকাৰী সন্দৰ্ভত CM ভিজিলেন্সে অভিযান চলায় মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ১০ জন লোকক গ্ৰেপ্তাৰ কৰিছে ।
1 অক্টোবৰৰ পৰা দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
1 অক্টোবৰৰ পৰা পুনৰ প্ৰাণ পাব কাজিৰঙাই ৷ দেশী-বিদেশী পৰ্যটক আদৰিবলৈ সাজু হৈছে উদ্যান কৰ্তৃপক্ষ ৷ উৎফুল্লিত হৈ পৰিছে পৰ্যটন উদ্যোগৰ লগত জড়িত লোক সকল ৷
কংগ্ৰেছৰ লগত খিলঞ্জীয়া নাই: সাংসদ দিলীপ শইকীয়া
বৰপেটাত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম দিৱসৰ অনুষ্ঠানত উপস্থিত সাংসদ দিলীপ শইকীয়া ৷ বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত জয়ন্ত দাসৰ লগতে বহু বিজেপিৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ কংগ্ৰেছক প্ৰত্যাহ্বান জনাই সাংসদ দিলীপ শইকীয়াই কয় যে, উপ নিৰ্বাচনত কংগ্ৰেছে অকলে বা সামূহিকভাৱে নিৰ্বাচন খেলি এখন আসন পাৰে যদি দখল কৰক ৷
শৰ্মা উপাধিৰ বিৰুদ্ধে কাপোৰ ফালিছো : ভূপেন বৰা
মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্যৰ উত্তৰ দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ সংবাদ মাধ্যমৰ আগত বৰাই কয়, পীযুষ হাজৰিকাই ঠিকেই কৈছে ৷ হয়, মই উপাধি চায়ে কাপোৰ ফলা মানুহ ৷ কাৰণ গৰুখুটিত কোনে গুলিয়াইছে আৰু কোনে নিৰ্দেশ দিছে, সেই মানুহ কেইজনৰ উপাধি একেই । গতিকে শৰ্মা উপাধিৰ বিৰুদ্ধেই কাপোৰ ফালিছো বুলি ক'লে APCC ৰ সভাপতি ভূপেন বৰাই ৷