হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত অতুল বৰা-কেশৱ মহন্ত
মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত । এই সাক্ষাৎ এক সৌজন্যমূলক সাক্ষাৎ বুলি মন্তব্য অগপৰ সভাপতি গৰাকীৰ ৷
অখিলৰ বিজয় সন্দৰ্ভত মাতৃ প্ৰিয়দা গগৈৰ প্ৰতিক্ৰিয়া
২০২১ ৰ বিধানসভা নিৰ্বাচনত কাৰাগাৰৰ পৰা প্ৰতিনিধিত্ব কৰা কৃষক নেতা তথা ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ নিৰ্বাচনী জয়ত সন্তোষ প্ৰকাশ মাতৃ প্ৰিয়দা গগৈৰ । অনাগত সময়ত সমষ্টি উন্নয়নৰ বাবে, ৰাইজৰ বাবে কৰণীয় সকলোখিনি কাম কৰিবলৈ উৎসাহ আৰু পৰামর্শ দিব বুলি জনাইছে মাতৃ গৰাকীয়ে ৷ ৰাজনীতিলৈ আহিলেও অখিলৰ নীতি আদর্শ সালসলনি নহয় বুলি ষ্পষ্টকৈ কৈছে মাতৃ প্ৰিয়দা গগৈয়ে ।
নিৰ্বাচনী বিজয়ে প্ৰভাৱিত নকৰিব অখিলৰ জামিনত
শিৱসাগৰৰ জনতাই বিজয়মালা পিন্ধালে কৃষক নেতা অখিল গগৈক । কিন্তু এই বিজয়ে কাৰাগাৰৰ পৰা উলিয়াই আনিব পাৰিবনে তেওঁক ! নে স্বাভাৱিক গতিতে আগবাঢ়িব আইনী প্ৰক্ৰিয়া ! অসমৰ প্ৰতি গৰাকী সচেতন লোকৰ মনত উত্থাপিত এই প্ৰশ্নৰ উত্তৰ কি ?
সৰ্বানন্দ সোণোৱালৰ জয়ত মাজুলীত আনন্দৰ বন্যা
মাজুলী সমষ্টিত সৰ্বানন্দ সোণোৱালে জয় লাভ কৰাৰ পাচতে সমষ্টিবাসীৰ মাজত এক প্ৰকাৰ বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে ৷ সমষ্টিটোৰ পৰা বিপুল সংখ্যক ভোটত জয় লাভ কৰাৰ পাছতেই ডেকা শেনছোৱাৰ গাঁওবাসীয়ে আনন্দতে 3 হাজাৰ বন্তি জ্বলাই ক’ভিড প্ৰ’টকলৰ মাজেৰে ‘আকৌ এবাৰ সৰ্বা চৰকাৰ’ লিখি বিজয় উৎসৱ অনুষ্ঠিত কৰে ৷
ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰই দখল কৰিলে বৰক্ষেত্ৰীৰ আসন
নলবাৰী জিলাৰ 3টাকৈ সমষ্টিৰ ফলাফল ঘোষণা হ'ল দেওবাৰে ৷ তিনিটা সমষ্টিৰ ভিতৰত দুটা সমষ্টি বিজেপিৰ দখললৈ যোৱাৰ সমান্তৰালভাৱে জিলাখনৰ উল্লেখযোগ্য বৰক্ষেত্ৰী সমষ্টি আহিল কংগ্ৰেছৰ দখললৈ ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান জেষ্ঠ কংগ্ৰেছী নেতা সদ্য প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মনৰ দখলত আছিল যদিও 2016 চনৰ নিৰ্বাচনত বিজেপিৰ দখললৈ যায় সমষ্টিটো ৷ কিন্তু, 2021ৰ বিধানসভা নিৰ্বাচনত পুনৰ সমষ্টিটো আজুৰি আনিবলৈ সক্ষম হয় ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনে ৷