2016 পাচত এইবাৰো বিজেপিৰ প্ৰাৰ্থী তালিকাত দাদা ব্ৰিগেডৰ আধিপত্য
শুকুৰবাৰে প্ৰকাশিত বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত সৰহ সংখ্যক প্ৰাৰ্থী দেখা গ’ল হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ ৷ চৰ্চা চলিছে যে, নিজৰ ঘনিষ্ঠ প্ৰাৰ্থীক টিকট দিয়াৰ বাবেই হিমন্ত বিশ্ব শৰ্মাই বঞ্চিত কৰিলে নেকি একাংশ জ্যেষ্ঠ নেতাক ৷ কেৱল বিজেপিৰে নহয়, অগপৰো বহু কেইগৰাকী জ্যেষ্ঠ নেতাক বঞ্চিত কৰা হ’ল প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা ৷
মহিলা বিষয়াই পৰিচালনা কৰিব কৰিমগঞ্জৰ নিৰ্বাচন !
নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হোৱাৰ লগতে নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিখন জিলাৰ প্ৰশাসন ৷ সমান্তৰালকৈ কৰিমগঞ্জ জিলাৰ 5 টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে কৰিমগঞ্জ জিলা প্ৰশাসন ৷
বিধানসভা নিৰ্বাচনঃ এসপ্তাহত ৰাজ্যত জব্দ ৮৪.৪৩ লাখ নগদ ধন
বিধানসভা নিৰ্বাচনৰ পূৰ্বে টকাৰ উজান উঠিছে ৰাজ্যত । মাত্ৰ এসপ্তাহত ৰাজ্যত জব্দ হ'ল মুঠ ৮৪.৪৩ লাখ নগদ ধন । ৩ দিনত জব্দ ৫৪ লাখ টকা মূল্যৰ সুৰা ।
ছিপাঝাৰত পৰমানন্দই মুকলি কৰিব নেকি বিৰোধীৰ কপাল ?
66নং ছিপাঝাৰ বিধান সভা সমষ্টিও জৰ্জৰিত এতিয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে ৷ প্ৰথমাৱস্থাত অগপৰ হৈ পৰমানন্দ ৰাজবংশীয়ে সমষ্টিটোত প্ৰতিদন্দিতা কৰাৰ কথা-বতৰা চলি আছিল যদিও ক্ষোভৰ উদগীৰণ হৈছিল বিজেপি সমৰ্থকৰ মাজত ৷ কোনোপধ্যে সমষ্টিটো সবল ভেটি নথকা অগপক এৰি দিব নিবিচৰাত অগপ ত্যাগ কৰি শনিবাৰে বিজেপিত যোগদান কৰে পৰমানন্দ ৰাজবংশীয়ে ৷
মানসিকভাৱে গভীৰ হতাশ টিকট বঞ্চিত ৰাজেন গোহাঁই
দলীয় টিকট লাভ কৰাৰ ক্ষেত্ৰত প্ৰতিবাৰেই ব্যৰ্থ এসময়ৰ শক্তিশালী নেতাগৰাকী ৷ 1999 চনৰ পৰা একেৰাহে 2014 চন পৰ্যন্ত চাৰিবাৰকৈ নগাঁও লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন সাংসদ তথা মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি এইগৰাকী ৰাজেন গোঁহাইৰ ৰাজনৈতিক জীৱনত যেন কোনোবাখিনিত কেনা লাগিল ৷ হয়টো ন-বিজেপিৰ ৰাজনীতিৰ পাশাখেলত দিশহাৰা হৈ পৰিছে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী ৷