পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...
কামৰূপ মহানগৰ জিলাত ৬০ গৰাকী ক’ভিডত মৃত ব্যক্তিৰ পৰিয়াললৈ এক লাখ টকাকৈ চেক বিতৰণ কৰা হয় । জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই হিতাধিকাৰীসকলক চেকসমূহ প্ৰদান কৰে ।
ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যিক চিৰিয়াখানা পুনৰ দৰ্শকৰ বাবে মুকলি । চিৰিয়াখানাত পুৱাই উপস্থিত হৈ বনমন্ত্রী পৰিমল শুক্লবৈদ্যই বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ কৰে । চিৰিয়াখানা দৰ্শনৰ বাবে দৰ্শনাৰ্থীসকলে অনলাইন মাধ্যমেৰে টিকট কাটিব পাৰিব ।
দুদিনীয়া ভ্ৰমণসূচী লৈ গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু । তেওঁ পাণবজাৰস্থিত পুৰণি উপায়ুক্তৰ বাসভৱনটো পৰ্যটকৰ দৰ্শনৰ বাবে মুকলি কৰাৰ লগতে শংকৰদেৱ কলাক্ষেত্ৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷
কেতিয়াবা শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক পাঠদান, কেতিয়াবা পুথিভঁৰালত, কেতিয়াবা আকৌ খেতিপথাৰত কৃষকৰ সতে কাম কৰা উপায়ুক্তগৰাকী এইবাৰ পুৱাতে ওলাল বছৰ বছৰ ধৰি পৰিত্যক্ত হৈ থকা ৰাজহুৱা পুখুৰী চাফা কৰিবলৈ । আমি কৈছো বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ কথা ।
উপ নিৰ্বাচনত ৪ টা সমষ্টিত প্ৰাৰ্থী দিব কংগ্ৰেছে ! অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক এটাকৈ সমষ্টি এৰি দিব কংগ্ৰেছে । বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰদানৰ প্ৰসংগকলৈ বিৰোধী শিবিৰত সঘনাই সলনি হৈছে ৰাজনৈতিক দৃশ্যপট । ৰাইজৰ দলে দুটা সমষ্টি দিলে প্ৰাৰ্থী ।
আপোনাৰ বাৰু পেৰিছৰ আইফেল টাৱাৰ অথবা নতুন দিল্লীৰ ইণ্ডিয়া গেট চোৱাৰ হেঁপাহ আছে নেকি ? এতিয়াৰে পৰা আইফেল টাৱাৰ আৰু ইণ্ডিয়া গেট চাবলৈ অসমৰ বাহিৰলৈ যাব নালাগে ৷ বিশ্বৰ প্ৰতিগৰাকী ভ্ৰমণ পিপাসু ব্যক্তিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আইফেল টাৱাৰ আৰু ইণ্ডিয়া গেট এতিয়াৰে পৰা দেখিবলৈ পাব ডিব্ৰুগড়তে ৷
উপ নিৰ্বাচনত কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা চূড়ান্ত হোৱাৰ পাছতে এই মিত্ৰতাকলৈ শুকুৰবাৰে নলবাৰীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই । শ্বহীদক অপমান কৰা কংগ্ৰেছ দলৰ লগত মিত্ৰতা কৰা লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ জাতীয়তাবাদৰ নামত কলংক বুলি মন্তব্য কৰে নলবাৰীৰ স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই ।
বৰ্তমানেও বৃদ্ধি হৈ আছে ভাৰতত কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়ে সদৰী কৰা তথ্য অনুসৰি, এদিনতে ২৪,৩৫৪ জন নতুনকৈ ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ লগতে বৃহস্পতিবাৰে ২৩৪ জনে লোকে মৃত্যুক সাৱটিব লগাত পৰিছে ৷
পৰ্যটকৰ বাবে চলিত বৰ্ষৰ ৮ অক্টোবৰৰ পৰা পুনৰ মুকলি হ'ব ৰামোজী ফিল্ম চিটীৰ দ্বাৰ । পৰ্যটকে যাতে সুৰক্ষিতভাৱে ভ্ৰমণৰ আনন্দ ল'ব পাৰে, সেয়া নিশ্চিত কৰাৰ বাবে ক'ভিড-১৯ সম্পৰ্কীয় সকলো সাৱধনতা অৱলম্বন কৰা হৈছে ।
উত্তৰ প্ৰদেশ চৰকাৰে অভিনেত্ৰী কংগনা ৰাণাৱটক তেওঁলোকৰ উচ্চাকাংক্ষী 'এক জিলা এক সামগ্ৰী' কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নামাকৰণ কৰিছে । অভিনেত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে ৷