ৰিঅ' অলিম্পিকে বহু কথা শিকাই থৈ গৈছিল: মীৰাবাই চানু
টকিঅ'ৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰি মীৰাবাই চানুৱে অলিম্পিকত ভাৰতৰ পদকৰ তালিকাও মুকলি কৰে ।
PM কিষাণ সন্মান নিধিৰ ধনেৰে অসমত ভোট কিনিছিল বিজেপি চৰকাৰে : লুৰিণজ্যোতি গগৈ
অসমত বিজেপি চৰকাৰে ভোট কিনিছিল । নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটৰ অংকত ভুৱা কৃষকৰ মাজত আঁচনিৰ নামত ধন দিয়া হৈছিল । এই অভিযোগ লুৰিণজ্যোতি গগৈৰ ৷
এইবাৰ বিজেপিলৈ মন মেলিছে AIUDF ৰ বিধায়কে
গেৰুৱা বসন পিন্ধিবলৈ মন মেলিছে AIUDF ৰ ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰে । ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷
বাঘজানত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ: উত্তপ্ত পৰিস্থিতি
বাঘজান কাণ্ডই এটা বছৰ সম্পূৰ্ণ কৰিলে ৷ 173 দিনৰ অন্তত নিৰ্বাপিত হৈছিল অভিশপ্ত বাঘজানৰ জুই ৷ কিন্তু আজিও শেষ হোৱা নাই বাঘজানবাসীৰ দুৰ্দশা ৷ উচিত ক্ষতিপূৰণ নাপালে বাঘজানবাসীয়ে ৷ শনিবাৰে পুনৰ বাঘজানত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত থকা প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চাৰ্জ কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰে ৷
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে চৰকাৰ : শংকৰজ্যোতি বৰুৱা
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান(Dihing patkai national park)ক ৰাজ্যৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পিছতেই বন মাফিয়াৰ দ্বাৰা বন ধ্বংস চলি থকা অৱস্থাত বনকৰ্মীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত এটা হাতীৰ মৃত্যু হয় ৷এই ঘটনাৰ পিছত শুকুৰবাৰে সদৌ অসম ছাত্র সন্থা(All Assam Students' Union)ৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা নেতৃত্বত এটা আছুৰ সঁজাতি দলে ঘটনাস্থলী পৰিদৰ্শন কৰে ।