কৰ'ণাৰ তৃতীয় ঢৌৱে শিশুসকলক আক্ৰান্ত কৰিব নেকি ?
কৰ'ণাৰ সংহাৰ আৰু শিশুৰ সুৰক্ষা সন্দৰ্ভত কি কয় বিশেষজ্ঞ চিকিৎসকে ? ইটিভি ভাৰতৰে (Etv Bharat) হোৱা আছুতীয়া সাক্ষাৎকাৰত শিশু বিশেষজ্ঞ ডাঃ য়াচিন আলীয়ে দিলে বহুকেইটা পৰামৰ্শ।
RBIএ দেশত পৰ্যায়ক্ৰমে প্ৰণয়ন কৰিব ডিজিটেল কাৰেঞ্চি
অতিশীঘ্ৰে ভাৰতত প্ৰণয়ন হ’ব Central Bank Digital Currency ৷ ইয়াক ক্ৰিপ্টোকাৰেঞ্চিৰ দৰে অন্যান্য ডিজিটেল সম্পত্তিৰ বিপৰীতে উপস্থাপন কৰা হ’ব ৷
"মুখ্যমন্ত্ৰী বিধবা সাহায্য আঁচনি"ৰ অধীনত হিতাধিকাৰীয়ে পালে সাহায্য
কাৰ্বি আংলঙত ক'ভিড ১৯ (Covid-19) ত স্বামীহাৰা বিধবা মহিলা সকলক আঢ়ৈ লাখ টকাকৈ চেক প্ৰদান কৰে ৷ পাৰ্বত্য উন্নয়ণ মন্ত্ৰী যোগেন মোহন আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰমহাঙে বিতৰণ কৰে এই অৰ্থ সাহাৰ্য ৷
নাই দলং : টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত
বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বেকী নৈত মৰণত শৰণ দি টুলুঙা নাৱেৰেই যাতায়াত কৰিব লগা হৈছে ৰাইজে । বছৰ বছৰ ধৰি বেকী নৈৰ সুঁতিত দলং এখন নিৰ্মাণ কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছিল স্থানীয় ৰাইজে ৷
ওদালগুৰিক লৈ বিজেপিৰ নতুন সমীকৰণ : গেৰুৱা হ’ব ৰিহণ দৈমাৰী
বিগত বিধানসভা নিৰ্বাচনত ওদালগুৰি সমষ্টিত ইউপিপিএল(UPPL)ৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ হাতত পৰাজিত হৈছিল বিপিএফৰ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰী । সুদীৰ্ঘ সময় জুৰি ওদালগুৰি সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা ৰিহণ দৈমাৰীৰ বাবে বিপদ নামি আহিছিল ৷ সম্প্ৰতি, আগষ্টৰ প্ৰথম ভাগৰ ভিতৰতেই দৈমাৰীয়ে গেৰুৱা বসন পৰিধান কৰি বিজেপিমুখী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।