অসম

assam

ETV Bharat / state

বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি - বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি

বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি

top-ten-news-at-5-pm
বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Jun 5, 2021, 5:14 PM IST

ৰাইমনা অভয়াৰণ্যলৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি

বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ৰাজ্যলৈ সুখবৰ । এতিয়াৰে পৰা ৰাজ্যত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৬খনলৈ বৃদ্ধি পালে । দিহিং পাটকাই অভয়াৰণ্যকো ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতিৰ বাবে প্ৰাৰম্ভিক কাম আৰম্ভ কৰা হৈছে । গুৱাহাটীৰ গান্ধী মণ্ডপত বিশ্ব পৰিৱেশ দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ।

টকা লৈ কোনে দিছিল কংগ্ৰেছৰ টিকট ?

ৰাজ্যৰ শেহতীয়া বিধান সভা নিৰ্বাচনত বিধ্বস্ত হৈছিল কংগ্ৰেছ দল ৷ দলটোৱে নিজৰ পৰাজয়ৰ গ্লানি আঁতৰাবলৈ নৱগঠিত আঞ্চলিক দলক দোষ প্ৰদান কৰাৰ চেষ্টা কৰিছিল যদিও, শেহতীয়াকৈ দলটোৰ এগৰাকী নেতাই অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ ইটিভি ভাৰতৰ এক্সক্লুচিভ প্ৰতিবেদন ৷

প্ৰকৃতিৰ নামত জীৱন উচৰ্গিত এগৰাকী বিশেষ ব্যক্তি

জীৱনৰ অধিক সময় পৰিৱেশ গঢ় দিয়াত ব্যস্ত ৬০ উৰ্দ্ধৰ এজন লোক ৷ ব্যক্তিগত প্ৰচেষ্টাত তেওঁ গঢ় দিবলৈ সক্ষম হৈছে এখন উদ্যান ৷ যিখন উদ্যানলৈ আগমন ঘটে বহু বন্য জীৱ-জন্তুৰ ৷ সবিশেষ চাওক এই প্ৰতিবেদনত...

শিঙৰা নদীৰ বানত বিধস্ত দক্ষিণ নাওবৈচাৰ ৩০ খনতকৈ অধিক গাঁও

লখিমপুৰ জিলা গাতে লাগি থকা পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত যোৱা এসপ্তাহে দি থকা ধাৰাসাৰ বৰষুণৰ ফলত শিঙৰা নদীৰ জলপৃষ্ঠ অস্বাভাৱিক ভাৱে ওফন্দি অহাত নাওবৈচাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । নদীখনৰ বাহনিপানীয়ে নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ দক্ষিণ নাওবৈচাৰ ৩০ খনতকৈ অধিক গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷

ৰাজ্য চৰকাৰে সাল-সলনি কৰিলে ক’ভিডৰ নীতি নিৰ্দেশনা

কৰ'ণাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাত পুনৰ কেতবোৰ নতুনত্ব অনা হৈছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অব্যাহত থকা নীতি-নিৰ্দেশনাত কিছু শিথিলতা অনা হৈছে । শুকুৰবাৰে জাৰি কৰা নতুন নীতি নিৰ্দেশনা ৬ জুনৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ'ব । সেই অনুসৰি দুপৰীয়া ১২ বজাত বন্ধ কৰিব লাগিব সকলো দোকান-পোহাৰ । পূৰ্বতে এই সময়সীমা আছিল পুৱা ১১ বজা ।

১১ এচিএছ বিষয়াক আইএএছলৈ মনোনিত

শেহতীয়াভাৱে ৰাজ্য চৰকাৰে এক নিৰ্দেশ যোগে কৰ্মৰত হৈ থকা ১১ গৰাকী এচিএছ বিষয়াক আইএএছ পদমৰ্যদালৈ মনোনিত কৰিছে ।এই ১১ গৰাকী বিষয়া হ'ল ক্ৰমে অশোক কুমাৰ বৰ্মন, বন্দনা চৌধুৰী, দেৱজ্যোতি দত্ত, পাৰ্থপ্ৰতীম মজুমদাৰ, অভিজিত বৰুৱা, মৃদুল কুমাৰ মহন্ত, নন্দিতা দত্ত, ৰিতুৰাজ বৰা, ভাৰতভুষণ দেৱচৌধুৰী, শেৱালী দেৱী শৰ্মা আৰু পবিত্ৰৰাম খাউণ্ড ।

বিশ্ব পৰিৱেশ দিৱসত কি ক’লে বৃক্ষবন্ধু লীলা হাজৰিকাই ?

বিগত 30 বছৰে এখন সেউজীয়া পৃথিৱী গঢ়াৰ উদ্দেশ্যে অহৰ্নিশে কাম কৰি গৈছে 2017 বৰ্ষত 'নৰ্থ ইষ্ট হিৰো' স্বীকৃতিৰে বিভূষিত হোৱা লীলা হাজৰিকাই ৷ নিজৰ ব্যতিক্ৰমী কামেৰে ইতিমধ্যেই ৰাইজৰ সমাদৰ লাভ কৰিছে ব্যক্তি জনে ৷

পৰেশ বৰুৱাক মূল সুঁতিলৈ আহিবলৈ আহ্বান প্ৰমোদ বড়োৰ

এইবাৰ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা (Paresh Baruah)ক মূল সুঁতিলৈ আহিবলৈ আহ্বান জনাইছে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে (Pramod Boro) । উল্লেখ্য যে, ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আলফা (ULFA) সন্দৰ্ভত ইতিবাচক মন্তব্য কৰাৰ পাছতে সমগ্ৰ বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছিল ।

কোন হ’ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ?

বিজেপি দলৰ এক শীৰ্ষ সূত্ৰৰ মতে, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ কুমাৰ শইকীয়া ৰাজ্যিক সভাপতি আসনৰ বাবে আগ্ৰহী । এই কথা তেওঁ জনাইছে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকো । গতিকে বিষয়টো দলৰ মজিয়াত আছে ।

থুৰাজান চাহ বাগিচাত পূৰ্বে নেদেখা বিৰল দৃশ্য

বিশ্ব পৰিৱেশ দিৱস(WORLD ENVIRONMENTAL DAY)ৰ দিনটোৰ পুৱা থুৰাজান চাহ বাগিচা(Thurajan tea estate)ত দেখা গ'ল হাতী-মানুহৰ সংঘাতৰ বিপৰীতে মিলাপ্ৰীতিৰে সহাৱস্থান কৰা এক বিৰল দৃশ্য ৷ এই দৃশ্যই দৃষ্টি আকৰ্ষণ কৰে সকলোৰে ৷

ABOUT THE AUTHOR

...view details