কৰ’ণা বিভীষিকা: পেটত গামোচা বান্ধিবলগীয়া হৈছে একাংশ কুমাৰে
ক'ভিড পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে জাৰী কৰা নিৰ্দেশনাৰ ফলত বিশেষভাৱে ক্ষতি হৈছে চেলুন, পদ পথৰ ব্যৱসায়ী, বাচন-বৰ্তন নিৰ্মাণ, লোহাৰ সামগ্ৰী নিৰ্মাণ আদিৰ সৈতে জড়িত লোক সকল ৷ একেই অৱস্থাৰ সন্মুখীন হৈছে মাটিৰ পাত্ৰ আদি নিৰ্মাণ কৰা কুমাৰ সকলো ৷ বাক্সাৰ শালবাৰীৰ ৰাজাবিল গাঁৱৰ মৃট শিল্পকাৰী সকলে বজাৰৰ অভাৱত নিজ হাতে তৈয়াৰ কৰা টেকেলী,খোলা,কলহ সমূহ বিকিব নোৱাৰি আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে । এনে পৰিস্থিতিত কাল অমানিশা নামি আহিছে ৰাজ্যৰ মৃৎ শিল্পী সকলৰ জীৱনলৈ ৷
কৰ'ণা মহামাৰীৰ বাবে খাদ্য সংকটত ভূগিছে ৰাজ্যৰ জীৱকুল
মহামাৰীৰ কবলৰ পৰা দেশ তথা ৰাজ্যবাসীক উদ্ধাৰৰ বাবে চৰকাৰে জাৰি কৰা আংশিক লক ডাউন আৰু সান্ধ্য আইনত জুৰুলা হৈ পৰিছে জীৱকূল ৷ জনতাৰ লগতে ভীষণ খাদ্য সংকটত ভূগিছে কপিকূল ৷ মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ লগে লগে মন্দিৰৰ আশে-পাশে থকা বান্দৰকে ধৰি চৰাই-চিৰিকতি আদিয়েও পৰিছে খাদ্য সংকটত ৷ মন্দিৰলৈ অহা যাত্ৰীয়ে দিয়া ফলমূল খাই পেট পুৰোৱা কপিকূল এতিয়া হৈ পৰিছে ভোকাতুৰ ৷
সমষ্টিৰ গৰাখহনীয়া পৰিদৰ্শন বিধায়ক প্ৰদীপ সৰকাৰৰ
বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাচত পোন প্ৰথমবাৰৰ বাবে দক্ষিণ অভয়াপুৰী সমষ্টিত উপস্থিত হয় বিধায়ক প্ৰদীপ সৰকাৰ ৷ সমষ্টিটোৰ গৰাখহনীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে বিধায়ক প্ৰদীপ সৰকাৰসহ সৃজন গ্ৰাম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শুভ্ৰম আদিত্য বৰাই ৷ পৰিস্থিতিৰ বুজ লৈ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত কয় যে, গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে জিঅ’ বেগ সম্বলিত মথাউৰি নিৰ্মাণ কৰা হ’ব ৷
এটি দুৰ্ভগীয়া পৰিয়ালক প্ৰয়োজন আপোনাৰ সহায়
গোলাঘাট জিলাৰ বৰপথাৰৰ চাংপুল গাঁৱৰ বাবু গগৈ নামৰ লোকজন দীৰ্ঘদিনৰ পৰা আক্ৰান্ত হৈ আছে দুৰাৰোগ্য ৰোগত ৷ পত্নীসহ এটি কণমানিৰে এখন সুখৰ সংসাৰ থকা লোকজনৰ জীৱনলৈ হঠাৎ নামি অহা ধুমুহাই তচনচ কৰিলে বাবুৰ ঘৰখন ৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি থকা বাবু অসুস্থ হৈ পৰাত দেহত ধৰা পৰে দুৰাৰোগ্য কৰ্কট ৰোগৰ উপস্থিতি ৷ কিন্তু অৰ্থৰ অভাৱত বিনা চিকিৎসাই বিচনাত পৰি চটফটাই থাকিব লগীয়া হৈছে বাবু গগৈ
ড্ৰাগছ কিনি ৰাইজৰ ৰোষত পৰিল এজন যুৱক
নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত চিলঙনী আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ সমীপৰ শিমলুগুৰিৰ পৰা ড্ৰাগছ কিনি লৈ আহি থকা অৱস্থাতে ৰাইজৰ ৰোষত পৰিল জিয়াৰুল হক নামৰ ড্ৰাগছ আসক্ত যুৱকজন । শিমলুগুৰিৰ এঘৰ মানুহৰ পৰা যুৱকজনে ড্ৰাগছ কিনি লৈ আহি থাকোতে ৰাইজৰ সন্দেহ হোৱাত আদবাটতে যুৱকজনক সোধপোছ কৰা উৰহী গছৰ ওৰ উলাই পৰে ৷ ইয়াৰ পাচতে ৰাইজে হয়বৰগাঁও আৰক্ষী চকীত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী বাহিনী উপস্থিত হৈ যুৱকজনক কৰায়ত্ব কৰে ৷ উল্লেখ্য যে, যুৱকজনৰ পৰা ড্ৰাগছৰ লগতে চিৰিঞ্জো উদ্ধাৰ কৰা হয় । আটকাধীন যুৱকজনৰ ঘৰ ডুমডুমীয়াত বুলি জানিব পৰা গৈছে ।