হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত অতুল বৰা-কেশৱ মহন্ত
মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত । এই সাক্ষাৎ এক সৌজন্যমূলক সাক্ষাৎ বুলি মন্তব্য অগপৰ সভাপতি গৰাকীৰ ৷
বৃন্দাবন গোস্বামীৰ চৰকাৰী আৱাসগৃহ বাচনি কৰিলে অখিল গগৈয়ে
শিৱসাগৰ সমষ্টিৰ পৰা বৃহৎ জয়লাভৰ পাচতে সোমবাৰে 53 নং বিধায়কৰ চৰকাৰী আৱসাগৃহটো বাচনি অখিল গগৈৰ ৷ পূৰ্বে এই আৱাসগৃহটোত আছিল প্ৰাক্তন অগপ নেতা বৃন্দাবন গোস্বামী ৷
ক'ভিড-১৯: ভাৰতত নতুনকৈ ৩.৬৮ লাখ লোক আক্ৰান্ত
সমগ্ৰ দেশতে অব্যাহত আছে কৰ'ণা মহামাৰীৰ বিভীষিকা । বিগত ২৪ ঘণ্টাত ভাৰতত মহামাৰীৰ কবলত পৰিছে ৩.৬৮ লাখ লোক আৰু প্ৰাণ হেৰুৱাইছে ৩,৪১৭ জনে ।
দ্বিতীয়বাৰলৈ মাহমাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত মন্ত্ৰী যোগেন মহন
দ্বিতীয়বাৰলৈ মাহমৰাৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ল মন্ত্ৰী যোগেন মহন ৷ কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে মন্ত্ৰীগৰাকীৰ ভোট যুদ্ধত কিছু প্ৰত্যাহ্বান সৃষ্টি কৰিব বুলি ভৱা হৈছিল যদিও দেওবাৰে ঘোষণা কৰা নিৰ্বাচনৰ ফলাফলত বিপুল ভোটত জয় লাভ কৰিবলৈ সক্ষম হ'ল বিজেপি প্ৰাৰ্থী যোগেন মহন ৷
নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্ট প্ৰমোদ বড়ো
সংবাদমাধ্যমৰ আগত ৰাজ্যৰ ভোটগণনাৰ ফলাফলক লৈ সন্তোষ্ট প্ৰকাশ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োই কয়, ভোটাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ভোটদানেৰে ৰাইজে পৰিৱৰ্তন আনি দিলে ৷