বিজেপিৰ দিনত অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন হ'ল: প্ৰদ্যুৎ বৰদলৈ
'গুৰুজনাৰ জন্মস্থান পবিত্ৰ বটদ্ৰৱাত অমিত শ্বাহ জিন্দাবাদ, বিজেপি জিন্দাবাদ ধ্বনি দিবলৈ ৰাইজক বাধ্য কৰোৱাই গুৰুজনাক অপমান কৰিলে বিজেপিয়ে ৷' শুকুৰবাৰে গুৱাহাটী ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কংগ্ৰেছ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷
কংগ্ৰেছৰ বাবে গ্ৰহণ কৰিব লাগিব চছমাজ্যোতি আঁচনিঃ ৰূপক শৰ্মা
বিজেপি চৰকাৰৰ শাসন কালত ৰাজ্যত উন্নয়নমূলক কাম সম্পন্ন হোৱা নাই বুলি কংগ্ৰেছে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ । কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয় যে, বিজেপিয়ে উন্নয়নমূলক কাম কৰা স্বত্বেও সেইবোৰ দেখি নোপোৱাসকলৰ বাবে চছমাজ্যোতি আঁচনি গ্ৰহণ কৰি চছমা বিতৰণ কৰিব লাগিব । নগাঁৱত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে বিধায়গৰাকীয়ে ।
উপ-আৰক্ষী অধীক্ষক পদত ধিং এক্সপ্ৰেছ হিমা দাস
অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰিলে ধিং এক্সপ্ৰেছ হিমা দাসে ৷ উল্লখ্য যে, শুকুৰবাৰে সৰুসজাইত এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয় ৷ এই অনুষ্ঠানতে ধিং এক্সপ্ৰেছ হিমা দাসক উপ-আৰক্ষী অধীক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷
হিমন্ত বিশ্ব শৰ্মা আধাতে পলোৱা মানুহ : ৰকিবুল হুছেইন
চাপৰত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন ৷ অসম বচাওঁ আহক কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি দলৰ শীৰ্ষ নেতাক সমালোচনা কৰে হুছেইনে ৷
কৰিমগঞ্জ জিলাৰ মিজোৰাম সীমান্তত পুনৰ উত্তেজনা
অসম মিজোৰাম সীমান্তত শুকুৰবাৰে পুনৰ উত্তেজনাৰ সৃষ্টি হয় ৷ কৰিমগঞ্জ জিলাৰ বৰুৱা টিলা অঞ্চলত মিজো লোকে এক অনুষ্ঠান আয়োজন কৰাক কেন্দ্ৰ কৰিয়ে এই উত্তেজনাৰ সৃষ্টি হয় ৷