বিটিচিত 17 বছৰে হাগ্ৰামাই গান্ধীৰ শাসন চলাইছিল: প্ৰমোদ বড়ো
সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰমোদ বড়োৱে বিগত সোতৰ বছৰে হাগ্ৰামাই গান্ধীৰ শাসন চলাইছিল নেকি বুলি কটাক্ষ কৰে ৷ প্ৰমোদ বড়োৱে কয় যে, এতিয়া কি শাসন চলিছে সকলোৱে দেখিছে । এতিয়া সকলোৱে পৰিৱৰ্তন আৰু উন্নয়ন বিচাৰিছে ৷ দৰাচলতে নিজৰ দোষ ঢাকিবলৈ হাগ্ৰামাই এনে মূল্যহীন মন্তব্য কৰা বুলি বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে মন্তব্য কৰে ৷
বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ যোৱাৰ পথ প্ৰশস্ত হ'ল বিশ্বজিৎ দৈমাৰীৰ
মনোনয়ন পৰীক্ষাৰ অন্তত শুকুৰবাৰে ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়াই বিশ্বজিৎ দৈমাৰীৰ মনোনয়ন বৈধ বুলি ঘোষণা কৰে । ইয়াৰ লগে লগে একমাত্ৰ প্ৰাৰ্থী হিচাপে দৈমাৰীৰ পুনৰ ৰাজ্যসভা সাংসদ হিচাপে মনোনিত হোৱাৰ পথ স্পষ্ট হৈ পৰে ৷ উল্লেখ্য যে, ৰাজ্যসভাত খালি হোৱা এখন আসনৰ বাবে একমাত্ৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে বিশ্বজিৎ দৈমাৰীয়ে মনোনয়ন দাখিল কৰে ।
মিচিং জনগোষ্ঠীক বিশ্বাসঘাটকতা কৰিলে ভূৱন আৰু ৰণোজ পেগুৱে
লোভৰ বশৱৰ্তী হৈ মিচিং জনগোষ্ঠীটোক বিশ্বাসঘাটক কৰিলে ভূৱন পেগু আৰু ৰণোজ পেগুৱে ধেমাজিত এই দৰে কয় সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷
কাক সন্মুখত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছ ? গগৈৰ ফটোৱেই শেষ ভৰসা
কাৰ নেতৃত্বত কংগ্ৰেছে আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব ? এইসকল নেতাৰ মাজৰ পৰা কাক ৰাষ্ট্ৰীয় নেতৃত্বই নিৰ্বাচনত সন্মুখৰ নেতা হিচাপে প্ৰক্ষেপ কৰিব ? এই প্ৰশ্নৰ কোনো স্পষ্ট উত্তৰ নাই কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ হাতত ।
ভাৰতত অসমৰ স্থান-2020 উন্মোচন কৰিলে ৰাইজৰ দলে
পাঁচ বছৰীয়া খতিয়ান সন্নিবিষ্ট কৰি ৰাইজৰ দলে শুকুৰবাৰে প্ৰকাশ কৰিলে এখন হাতপুথি ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাইজৰ দলে প্ৰকাশ কৰা 'ভাৰতত অসমৰ স্থান-2020' নামৰ এই হাতপুথিখন সম্পাদনা কৰিছে ৰাইজৰ