তিনি বজাৰ দহটা শীৰ্ষ বাতৰি...
দেওবাৰে গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু
দুদিনীয়া ভ্ৰমণসূচী লৈ গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু । তেওঁ পাণবজাৰস্থিত পুৰণি উপায়ুক্তৰ বাসভৱনটো পৰ্যটকৰ দৰ্শনৰ বাবে মুকলি কৰাৰ লগতে শংকৰদেৱ কলাক্ষেত্ৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷
অসমীয়া জাতিৰ বাবে লুৰিণ-অখিল ভয়াৱহ : জয়ন্ত মল্ল বৰুৱা
উপ নিৰ্বাচনত কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা চূড়ান্ত হোৱাৰ পাছতে এই মিত্ৰতাকলৈ শুকুৰবাৰে নলবাৰীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই । শ্বহীদক অপমান কৰা কংগ্ৰেছ দলৰ লগত মিত্ৰতা কৰা লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ জাতীয়তাবাদৰ নামত কলংক বুলি মন্তব্য কৰে নলবাৰীৰ স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই ।
উপ নিৰ্বাচন : বিৰোধী শিবিৰত মিলা নাই অংক
উপ নিৰ্বাচনত ৪ টা সমষ্টিত প্ৰাৰ্থী দিব কংগ্ৰেছে ! অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক এটাকৈ সমষ্টি এৰি দিব কংগ্ৰেছে । বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰদানৰ প্ৰসংগকলৈ বিৰোধী শিবিৰত সঘনাই সলনি হৈছে ৰাজনৈতিক দৃশ্যপট । ৰাইজৰ দলে দুটা সমষ্টি দিলে প্ৰাৰ্থী ।
শ্বেৰমান আলীয়ে প্ৰথমতে অসম আন্দোলনৰ বিষয়ে অধ্যয়ন কৰক : ৰামেশ্বৰ তেলী
দৰঙৰ গৰুখুঁটিত অবৈধ বেদখলকাৰীক ৰাজ্য চৰকাৰে উচ্ছেদ চলোৱাৰ সময়ত সংঘটিত হোৱা পৰিস্থিতিৰ পাছতে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ অসম আন্দোলনৰ শ্বহীদৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল । আলীৰ এই মন্তব্যৰ পাছতে শুকুৰবাৰে বিষয় সন্দৰ্ভত ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ মন্ত্ৰীগৰাকীয়ে শ্বেৰমান আলীক প্ৰথমতে অসম আন্দোলন সম্পৰ্কে অধ্যয়ন কৰাৰ বাবে আহ্বান জনায় ৷