নৱেম্বৰৰ পৰা আৰম্ভ হ’ব মাজুলীৰ দলং নিৰ্মাণৰ কাম !
বুধবাৰে সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ বৃহস্পতিবাৰে নিমাতীঘাটত উপস্থিত হয় উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট-মাজুলীৰ মাজত এটা ইঞ্জিনযুক্ত ফেৰী চলাচল বৃহস্পতিবাৰৰ পৰা বন্ধ ঘোষণা কৰে ৷ আনহাতে মাজুলীৰ দলং নিৰ্মাণৰ কাম নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ এই দলঙৰ কাম সম্পূৰ্ণ হ’বলৈ ৪ বছৰ লাগিব ।
নিমাতীঘাটত উপস্থিত DGP ভাস্কৰজ্যোতি মহন্ত
মাজুলীৰ ভৰলুইতৰ বুকুত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান ৷ বুধবাৰে নিশাই ঘটনাস্থলীত উপস্থিত হয় মন্ত্ৰী বিমল বৰা ৷ ওৰে নিশা অভিযান চলাৰ পিছত বৃহস্পতিবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷
৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন : পূৰ্ণ হব বিশ্বজিৎ দৈমাৰীৰ খালি আসন
বিশ্বজিৎ দৈমাৰীয়ে এৰি অহা ৰাজ্যসভাৰ আসনৰ বাবে ৪ অক্টোবৰত অনুষ্ঠিত হব নিৰ্বাচন ৷ অসমৰ সৈতে একেদিনাই পশ্চিমবংগ, তামিলনাডু, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশতো নিৰ্বাচন অনুষ্ঠিত হ'ব ৷
নিমাতীঘাটত সন্ধানহীন যাত্ৰীৰ তালিকা প্ৰকাশ যোৰহাট জিলা প্ৰশাসনৰ
নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ থকাৰ লগতে উদ্ধাৰ হোৱা যাত্ৰীৰ তালিকা প্ৰকাশ কৰিছে যোৰহাট প্ৰশাসনে ৷ অহৰহভাৱে লুইতৰ বুকুত চলাই থকা হৈছে উদ্ধাৰ অভিযান ৷
১০ ছেপ্তেম্বৰত থাওৰা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ৰাইজৰ দলে
উপ নিৰ্বাচনক লৈ এতিয়া বিভিন্ন দলৰ মাজত সৃষ্টি হৈছে ৰাজনৈতিক সমীকৰণ ৷ সমষ্টি দখলৰ বাবে ক’ৰবাত যদি আঞ্চলিক ৰাজনৈতিক দলৰ মাজত মিত্ৰতা হৈছে, আন ক’ৰবাত আকৌ মিত্ৰতা ভংগহে হোৱা পৰিলক্ষিত হৈছে ৷