অসম

assam

ETV Bharat / state

3 বজাৰ শীৰ্ষ দহটা বাতৰি - top ten news at 3 pm

3 বজাৰ শীৰ্ষ দহটা বাতৰি

top-ten-news-at-3-pm
3 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : May 29, 2021, 3:16 PM IST

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ক'ভিডত আক্ৰান্ত

ক'ভিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে শুকুৰবাৰে নিশা ৰিপুণ বৰাক ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ।

ক’ভিডত আক্ৰান্ত হৈ দেহাৱসান লেহোৰাম বড়োৰ

তামুলপুৰ সমষ্টিৰ বিধায়ক লেহোৰাম বড়োৰ বিয়োগ ৷ ক’ভিডত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছিল তামুলপুৰৰ বিধায়কগৰাকী ৷

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ শিৱ থাপাৰ

শিৱ থাপাৰ লগতে ভাৰতীয় দলৰ আন এজন ডিফেণ্ডিং চেম্পিয়ন অমিত পাংঘালেও ফাইনেলত প্ৰৱেশ কৰে ৷ আনহাতে মহিলা শাখাত ছয়বাৰকৈ বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰা ভাৰতীয় বক্সাৰ মেৰী কমেও ফাইনেলত প্ৰৱেশ কৰে ৷

শিৱসাগৰৰ হালোৱাটিঙত গাঞ্জা ব্যৱসায়ী আটক
অসম আৰক্ষীৰ অবৈধ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান তীব্ৰতৰ ৰূপত অব্যাহত আছে সমগ্ৰ ৰাজ্যত ৷ বৃহস্পতিবাৰে শিৱসাগৰ জিলা আৰক্ষীয়ে জিলাখনৰহালোৱাটিঙত বৃহৎ পৰিমাণে গাঞ্জা উদ্ধাৰ কৰাৰ লগতে শুকুৰবাৰে এজন গাঞ্জা বেপাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

তিতাবৰত বনৰজাৰ আতংক

তিতাবৰৰ গড়আলিৰ ধলি অঞ্চলত নাহৰফুটুকীৰ মুক্ত বিচৰণ চলিছে ৷ আংশিক লক ডাউনৰ বাবে যান-বাহনৰ চলাচল কমি যোৱাত অঞ্চলটোত খাদ্যৰ সন্ধানত অহা বনৰজাই আতংকিত কৰি তুলিছে ৰাইজক ৷

খোৱাং চাহ বাগিচাৰ ক'ভিড কেন্দ্ৰ পৰিদৰ্শন ৰামেশ্বৰ তেলীৰ

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ সহ খোৱাং চাহ বাগিচাৰ ক'ভিড কেন্দ্ৰ পৰিদৰ্শন কৰে ৷

উত্তৰাখণ্ডৰ গংগোত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন

নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাৰ সুনগৰত ভূমিস্খলন হয় । শনিবাৰে পুৱতি নিশা হোৱা ভূমিস্খলনৰ ফলত গংগোত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে ৷

ভাৰত পালেহি তিনিখন ৰাফেল যুদ্ধ বিমান

বৃহস্পতিবাৰে ফ্ৰান্সৰ পৰা ভাৰত পালেহি ৩ খন ৰাফেল যুদ্ধ বিমান । শীঘ্ৰে ভাৰতীয় বায়ুসেনাই পশ্চিমবংগৰ হাছিমাৰাত এই বিমানসমূহৰ দ্বিতীয় লানি স্কোৱাড্ৰণ উৰণ অভিযান আৰম্ভ কৰিব । ভাৰতীয় বায়ুসেনাৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে ।

ক'ভিড-১৯: বিমান টিকটৰ মূল্য ১৫% বৃদ্ধি কৰিব কেন্দ্ৰই

ঘৰুৱা বিমানৰ টিকটৰ নুন্যতম মূল্য ১৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । লগতে যাত্ৰীৰ হাৰ ৮০ শতাংশৰ পৰা ৫০ শতাংশলৈ হ্ৰাস কৰাৰো সিদ্ধান্ত লোৱা হৈছে । ক'ভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

জম্মু চিকিৎসালয়ত মৃত্যু গুলীবিদ্ধ পাক অনুপ্ৰৱেশকাৰী

চাম্বা চেক্টৰত বিএছএফৰ জোৱানৰ দ্বাৰা গুলীবিদ্ধ হোৱা এগৰাকী পাকিস্তানী অনুপ্ৰৱেশকাৰীয়ে জম্মুৰ এখন চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে। তেওঁ এই মাহত চাম্বা খণ্ডত আইবিৰ আৰু বিএছএফৰ দ্বাৰা নিহত দ্বিতীয় পাকিস্তানী অনুপ্ৰৱেশকাৰী ।

ABOUT THE AUTHOR

...view details