অসম

assam

1 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Mar 4, 2021, 1:01 PM IST

1 বজাৰ শীৰ্ষ 10 বাতৰি

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি
দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

তাজমহলত বোমাতংক

বন্ধ কৰি দিয়া হ'ল তাজমহলৰ প্ৰৱেশদ্বাৰ ৷ কোনো অজ্ঞাত ব্যক্তিৰ ফোন কলৰ ভিত্তিত বন্ধ কৰি দিয়া হৈছে তাজমহলৰ দুৱাৰ ৷ তাজমহলত বিস্ফোৰক সামগ্ৰী ৰখাৰ সন্দেহ ব্যক্ত কৰা হৈছে ৷

COVID-১৯: ভাৰতত নতুনকৈ ১৭,৪০৭ জন আক্ৰান্ত

দেশত COVID-১৯ত দৈনিক আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । মাত্ৰ এটা দিনত নতুনকৈ মহামাৰীৰ কবলত পৰিছে ১৭,৪০৭ জন লোক । বৰ্তমান ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১,১১,৫৬,৯২৩ জন । আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে ১,০৮,২৬,০৭৫ জন লোক আৰোগ্য হৈ উঠিছে ।

নিৰ্বাচনৰ পূৰ্বে তেজপুৰ বিজেপিত খহনীয়া আৰম্ভ

বিজেপিৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাটে তেজপুৰ সমষ্টিত এক নতুন ৰূপ ধাৰণ কৰিছে ৷ সমষ্টিচো অগপক এৰি দিলে ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে সমষ্টিটোৰ একাংশ বিজেপিৰ কৰ্মীয়ে ৷

মিজোৰামে উন্নত কৰিব আন্তৰ্জাতিক বাণিজ্য

মিজোৰামৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী ড০ আৰ লালথাংলিয়ানাই ৰাজ্যখনৰ জোখাৱথাৰ ট্ৰেড পইণ্ট বডিৰ জৰিয়তে ভাৰত আৰু ম্যানমাৰৰ মাজত সকলো স্বাভাৱিক বাণিজ্যৰ অনুমতি দিছে ৷

দিল্লী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চিলনী চোৰ

পশ্চিম দিল্লীৰ ৰাজৌৰী গাৰ্ডেন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৫ টাকৈ চিলনী চোৰক । তেওঁলোকৰ বিৰুদ্ধে ৫০ টাকৈ গোচৰ ৰুজু হৈ আছে বিভিন্ন থানাত ।

দুৰ্গ অটুট থাকিবনে মহন্তৰ !

সলনি হোৱাৰ দিশে বঢ়মপুৰ সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা সময়তে সকলো ৰাজনৈতিক দলৰ লগতে বঢ়মপুৰ সমষ্টিৰ বিভিন্ন চুকে-কোণে সোমাই পৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুৰেশ বৰা ৷ তদুপৰি বহুকেইজন অগপ কৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছত ৷

মাজুলীৰ বনগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

মাজুলীৰ বনগাঁৱত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত জাহ যায় ফাৰ্মাচী আৰু হোটেলকে ধৰি কেইবাখনো বিপণী ৷ অগ্নিকাণ্ডৰ ফলত লাখৰো অধিক ক্ষতিসাধন হোৱাৰ সম্ভাৱনা ৷

পাঁচ বছৰীয়া ভুলৰ ক্ষমা বিচাৰিলে নিজাম উদ্দিন চৌধুৰীয়ে

আবেগভৰা মন্তব্যৰে ৰাইজৰ পৰা ভোট ভিক্ষা কৰিলে বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে ৷ বিগত পাঁচ বছৰৰ ভুলৰ ক্ষমা বিচাৰি আলগাপুৰ সমষ্টিত তেওঁক পুনৰ জয়ী কৰোৱাৰ আহ্বান চৌধুৰীৰ ৷

তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড

তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ অন্তৰ্গত বজালনী নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড ৷ জুইত জাহ গ'ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰৰ লগতে সা-সম্পত্তি ৷

দিল্লী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চিলনী চোৰ

পশ্চিম দিল্লীৰ ৰাজৌৰী গাৰ্ডেন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৫ টাকৈ চিলনী চোৰক । তেওঁলোকৰ বিৰুদ্ধে ৫০ টাকৈ গোচৰ ৰুজু হৈ আছে বিভিন্ন থানাত ।

ABOUT THE AUTHOR

...view details