অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten news at 11am

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...
11 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : May 28, 2021, 11:15 AM IST

প্ৰায় দুমাহৰ পিচত মুকলি হ'ল বৰপেটাৰ ৰাজীৱ ভৱনৰ দুৱাৰ

বৰপেটাৰ সাংসদ আব্দুল খালেকে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি বিগত 6 এপ্ৰিলত ৰাজীৱ ভৱনৰ মুখ্য দুৱাৰ বন্ধ কৰি ইটাৰ দেৱাল নিৰ্মাণ কৰিছিল জিলা কংগ্ৰেছৰ নেতা কৰ্মী সকলে ৷ এই ঘটনাৰ দুমাহৰ পিচত বৃহস্পতিবাৰে মুকলি হ'ল বৰপেটা ৰাজীৱ ভৱনৰ দুৱাৰ ৷

মাধৱদেৱৰ আবিৰ্ভাৱ তিথিত নিমাওমাও পৰিৱেশ পাটেকীবড়ি সত্ৰত

বৃহস্পতিবাৰে শ্ৰী শ্ৰী মাধৱদেৱৰ পূণ্য আবিৰ্ভাৱ তিথিত শ্রীমন্ত শংকৰ দেৱৰ পৱিত্ৰ জন্মস্থান ঐতিহাসিক আলি পুখুৰী পাটেকীবড়ি সত্ৰত দেখা নগ’ল ভক্তৰ আনন্দ উছাহ ৷ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবেই শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৩ সংখ্যক জন্ম জয়ন্তীৰ দিনটোত ঐতিহাসিক সত্ৰখনত এইবেলি ভক্তৰ সমাগম নহ’ল ৷

ৰাজেন গোহাঁইৰ সৈতে কি আলোচনা কৰিলে মন্ত্ৰী ৰণজিৎ দাসে ?

নগাঁৱৰ প্ৰাক্তন সাংসদ তথা অসম বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁই বাসগৃহত ৰঞ্জিত দাস। মূল্য বৃদ্ধি সম্পৰ্কত প্ৰতিক্ৰিয়া ৰণজিৎ দাসৰ । কণী আৰু মিঠাতেলৰ মূল্য বৃদ্ধিৰ বিশ্লেষণ আগবঢ়াই মন্ত্ৰীজনে ।

বাংলাদেশৰ যুৱতী নিৰ্যাতন : আৰক্ষীৰ জালত ৪ অভিযুক্ত

যুৱতীক যৌন নিৰ্যাতন চলাই অৱশেষত গ্ৰেপ্তাৰ হ'ল বাংলাদেশৰ ৪ জনকৈ অভিযুক্ত । বেংগালুৰুৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আটাইকেইজনকে । শেহতীয়াকৈ বুকু কঁপি যোৱা এক শিহৰণকাৰী ভিডিঅ' ভাইৰেল হৈ পৰিছিল চ’ছিয়েল মিডিয়াত । পিছত বাংলাদেশৰ আৰক্ষীয়ে ভিডিঅ'টোত থকা অভিযুক্ত আৰু নিৰ্যাতিতা বাংলাদেশৰ বুলি চিনাক্ত কৰিছিল ।

নিজ ৰাজ্যলৈ উভতিল অসমত আশ্ৰয় লোৱা পশ্চিমবংগৰ লোকসকল

অৱশেষত আপোন ঘৰলৈ উভতিল পশ্চিমবংগৰ ঝাউকুঠীৰ পৰা আহি অসমত আশ্ৰয় লোৱা বহু লোক । যোৱা ২ মে'ত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে পশ্চিমবংগৰ ঝাউকুঠীত‌ আৰম্ভ হৈছিল নিৰ্বাচনী হিংসা । আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ বহু লোকে নিজৰ ঘৰ এৰি আহি অসমৰ ৰণপাগলীত আশ্ৰয় লৈছিল ।

মাণিকপুৰত একে নিশাই ছখন দোকানত চোৰৰ হাত চাফাই অভিযান

একেটা ৰাতিৰ ভিতৰতে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ সমীপৰ ছখন দোকানত চোৰৰ অভিযান ৷ যাক লৈ ব্যৱসায়ীসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

লংকাত এণ্টি কৰ’ণা টাস্ক ফ’ৰ্চৰ সজাগতা অভিযান

হোজাই জিলাৰ লংকা ৰেল ষ্টেচনত এণ্টি কৰ'ণা টাস্ক ফ’ৰ্চৰ সজাগতা অভিযান । এই অভিযানৰ জৰিয়তে মাস্ক, ছেনিটাইজাৰ আৰু দৰিদ্ৰ লোকক আৰ্থিক সাহায্যৰ চেক বিতৰণ ।

খটখটীত ড্ৰাগছ আৰু নগধ ধন সহ গ্ৰেপ্তাৰ তিনি ড্ৰাগছ ব্যৱসায়ী

কাৰ্বি-আংলং জিলাৰ বোকাজান মহকুমাৰ খটখটীত আৰক্ষীৰ অভিযানত তিনি ড্ৰাগছ ব্যৱসায়ী সহ ২০.৯০ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন, নগদ ধন ৩ লাখ ৬০ হাজাৰ টকা আৰু ১৪ টা ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

বাঁহৰ বান্ধেৰে নৈৰ গৰাখহনীয়া ৰোধৰ চেষ্টা ৰাইজৰ

গাঁঠিৰ ধন খৰচ কৰি গৰাখহনীয়া ৰোধ কৰিবলৈ চেষ্টা স্থানীয় ৰাইজৰ । কাণসাৰ নাই জন প্ৰতিনিধিৰ ।

দিচাং নৈৰ গৰাখহনীয়াই ত্ৰাস সৃষ্টি কৰিছে খালৈঘুগুৰা বৰবামত

দিচাং নৈৰ ভয়াৱহ গৰাখহনীয়াই শংকিত কৰিছে মাহমৰা সমষ্টিৰ খালৈঘুগুৰা বৰবাম অঞ্চলবাসীক ৷ আজি পৰ্যন্ত কাৰ্যকৰী নহ'ল বান প্ৰতিৰোধ আঁচনি ৷

ABOUT THE AUTHOR

...view details