দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি
দুদিনীয়া ভ্ৰমণসূচী লৈ দেওবাৰে গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷
সাম্প্ৰদায়িক মন্তব্য দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ হ'ব লাগে : শ্বেৰমান আলী
‘সাম্প্ৰদায়িক মন্তব্য দিয়া বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ হ’ব লাগে’ ৷ পাণবজাৰ আৰক্ষী থানাৰ পৰা এমএমচিএইচলৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়ত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীয়ে ৷
গ্ৰেপ্তাৰ কৰা হ’ল শ্বেৰমান আলীক
গৰুখুটিৰ ঘটনাৰ পিছত অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাকে ধৰি আন সকলক ঘাতক আখ্যা দি অৱশেষত গ্ৰেপ্তাৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলী ৷
36 ঘণ্টীয়া ডিমা হাছাও জিলা বন্ধ ঘোষণা প্ৰাক্তন ডিএইচডি সদস্যৰ
36 ঘণ্টীয়া ডিমা হাছাও জিলা বন্ধৰ আহ্বান প্ৰাক্তন ডিএইচডি উগ্ৰপন্থী সংগঠনৰ সদস্য সকলৰ । 5 অক্টোবৰৰ পুৱা 5 বজাৰ পৰা 6 অক্টোবৰৰ বিয়লি 5 বজালৈ ডিমা হাছাও জিলাৰ বন্ধ ঘোষণা কৰিছে প্ৰাক্তন ডিএইচডি সদস্য সকলে ।
আইডল কাণ্ডৰ অভিযুক্ত ড৹ কন্দৰ্প দাসে নিদিলে জাননীৰ উত্তৰ
আইডৰ কেলংকাৰীত দোষী সাব্যস্ত হোৱা ড৹ কন্দৰ্প দাসৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে পৰৱৰ্তী বৈঠকত ল'ব চূড়ান্ত সিদ্ধান্ত ৷ ড৹ কন্দৰ্প দাসক দোষী সাব্যস্ত কৰা সন্দৰ্ভত কৈফয়ৎ বিচাৰি দহ দিনৰ ভিতৰত উত্তৰ দিবলৈ জাননী জাৰি কৰা হৈছিল ৷ যোৱা 30 ছেপ্তেম্বৰত সেই দহ দিনৰ সময়সীমা উকলি যায় ৷ কিন্তু সময়সীমা পাৰ হোৱাৰ পাছতো ড৹ কন্দৰ্প দাসে জাননীৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে ৷