অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten news 24 june

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 11 am
11 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jun 24, 2021, 11:04 AM IST

কামৰূপ মহানগৰৰ তুলনাত অন্য জিলাত বৃদ্ধি পাইছে ক'ভিড(Covid-19ৰ সংক্ৰমণ

বিগত ১০ দিনত শোণিতপুৰ জিলাত ২,৩৩১ গৰাকী, গোলাঘাটত ২,১৭৫ গৰাকী, ডিব্ৰুগড়ত ১,৯৩৭ গৰাকী, তিনিচুকীয়াত ১,৮৭০ গৰাকী, কাছাৰত ১,৭২৩ গৰাকী, নগাঁৱত ১,৭২১ গৰাকী লোক ক'ভিড-১৯(Covid-19)ত আক্ৰান্ত হৈছে । ২৪ ঘণ্টাত ৰাজ্যৰ ২,৭২৮ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩ গৰাকীৰ । আক্ৰান্তৰ হাৰ ১.৬৪ শতাংশলৈ হ্ৰাস পাইছে । তিনিদিনত ৯,৬৭,৫৯৫ গৰাকী লোকৰ টীকাকৰণ সম্পন্ন কৰা হৈছে ।

সকলোৰে দৃষ্টি নিবদ্ধ প্ৰধানমন্ত্ৰীৰ সৰ্বদলীয় বৈঠকলৈ

বৃহস্পতিবাৰে নতুন দিল্লীত জম্মু-কাশ্মীৰৰ 14 গৰাকী শীৰ্ষ ৰাজনীতিবিদৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া সৰ্বদলীয় বৈঠকৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ আছে । 2019 চনৰ 15 আগষ্টত অনুচ্ছেদ 370 আৰু অনুচ্ছেদ 35 (A) বাতিল কৰাৰ পাচত এইখনেই হ'ব প্ৰথমখন সৰ্বদলীয় বৈঠক ৷

আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱালে কুখ্যাত অপৰাধী বুবু কোঁৱৰে

কুখ্যাত অপৰাধী হিচাবে পৰিচিত বুবু কোঁৱৰে ২০০৭ চনত শিৱসাগৰৰ চিকিৎসক মৃদুল দত্তক টীয়ক অঞ্চলত গুলিয়াই হত্যা কৰিছিল ৷ ইয়াৰ উপৰি বহুকেইটা হত্যাকাণ্ডৰ লগত জড়িত বুবু কোঁৱৰৰ বিৰুদ্ধে কংগ্ৰেছ নেতা হেমন্ত বৰুৱাক হত্যা কৰাৰ অভিযোগৰ লগতো নাম সাঙুৰ খাইছিল ৷ অৱশেষত নিহত হ’ল বুবু কোঁৱৰ ৷

ভ্ৰাম্যমাণৰ সৈতে জড়িত শিল্পী কলা-কুশলীক আৰ্থিক সাহায্য দিব ৰাজ্য চৰকাৰে

বুধবাৰে বজালী জিলাত উপস্থিত হ’ল জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ৷ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ স্বাভিমান স্বৰূপ অসমৰ ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগ সম্পৰ্কত মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় ৰাজ্য চৰকাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত সকলো শিল্পী কলা-কুশলীৰ সৈতে সদায়ে আছে আৰু থাকিব । শিল্পী সকলক চৰকাৰৰ ফালৰ পৰা আৰ্থিক সকাহ দিয়াৰ ক্ষেত্ৰত চিন্তা-চৰ্চা চলি থকা বুলি সাংবাদিকক অৱগত কৰে মন্ত্ৰী গৰাকীয়ে ৷

ছেবাৰ কাৰ্যালয়ত পৰীক্ষাৰ মূল্যায়নক লৈ উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক

শিক্ষানুষ্ঠানৰ তথ্যৰ ওপৰত মূল্যায়ন কৰা হ’ব পৰীক্ষাৰ নম্বৰ । ইতিমধ্যে সকলো তথ্য সংগ্ৰহ কৰা হৈছে । আজিৰ বৈঠকত সম্পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা নহ'লে বৃহস্পতিবাৰে পুনৰ অনুষ্ঠিত হ'ব বৈঠক ।

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পাৰত চোৰাং কাঠ জব্দ

বুধবাৰে ডিব্ৰুগড় চহৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত বৃহৎ সংখ্যক চোৰাং কাঠৰ কুণ্ডা জব্দ কৰা হয় ৷ বন বিভাগে এই কাঠৰ কুণ্ডাখিনি মূল্য কেইবা লাখ টকাৰ হ'ব বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

কৃষি বিভাগৰ বিৰুদ্ধে সৰৱ কলগাছিয়াৰ কৃষক

কলগাছিয়াত প্ৰকৃত কৃষকসকলক বঞ্চিত কৰি কৃষি বিভাগে (Agriculture Department) যোগান ধৰা "সৌৰ চালিত পাম্প" চোৰাংভাৱে অন্য লোককহে বিক্ৰী কৰা বুলি গুৰুতৰ অভিযোগ কৰিছে ৰাইজে ৷ শীঘ্ৰেই বিষয়টো তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে কৃষক সকলে ৷

গা ধুবলৈ গৈ সোণাই নৈত নিখোজ এগৰাকী শিক্ষক

গা ধুবলৈ গৈ মৰিগাঁৱৰ (Morigaon) সোণাই নৈত নিখোজ এগৰাকী 23 বছৰীয়া যুৱ শিক্ষক ৷ এচ.ডি.আৰ.এফ (SDRF) বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছিল যদিও এতিয়ালৈ কোনো সন্ধান পোৱা শিক্ষকগৰাকীৰ ৷

ৰহস্যময়ী পাগলী মাহীৰ শেষ নিশ্বাস ত্যাগ

ৰহস্যময়ী খ্যাত ত্ৰিপুৰাৰ পাগলী মাহীৰ শেষ নিশ্বাস ত্যাগ ৷ বুধবাৰে আবেলি 3 বজাত ইহ সংসাৰ ত্যাগ কৰে পাগলী মাহীয়ে ৷ পাগলী মাহীৰ মৃত্যুত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ শোক প্ৰকাশ ৷

পুত্ৰক অট্টালিকাৰ পৰা পেলাই মাতৃৰ আত্মহত্যা

ৰেশ্মাৰ স্বামী ক’ভিড (Covid-19)ত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৷ স্বামীৰ মৃত্যুৰ পাছত চুবুৰীৰ লোকে মহিলাগৰাকীক হাৰাশাস্তি কৰা আৰম্ভ কৰিছিল ৷

ABOUT THE AUTHOR

...view details