ৰাজ্যত পুনৰ ৪.১ প্ৰাব্যল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি ৷ ৰিখতাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৪.১ ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা ৷
আজি মমতা বেৰ্নাজীৰ নিৰ্বাচনী আবেদনৰ শুনানি গ্ৰহণ কৰিব কলকাতা উচ্চ ন্যায়ালয়ে
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক প্ৰত্যাহ্বান জনাই কলিকতা উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷ তেওঁৰ আবেদনত পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীক জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৩ ৰ অধীনত দুৰ্নীতিমূলক কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে । ইয়াৰ শুনানিৰ বাবে শুকুৰবাৰৰ দিনটো তালিকাভুক্ত কৰা হৈছে ৷
ৰাজকোষৰ ধন অবৈধ আহৰণ: অভিযুক্ত ত্ৰিপুৰাৰ প্ৰাক্তন ডিজিপি
ত্ৰিপুৰাৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান একে শুক্লাৰ বিৰুদ্ধে ৰাজকোষৰ ধনৰ অবৈধ আহৰণৰ অভিযোগ ৷ প্ৰাপ্য দৰমহাতকৈ 1,01,500 টকাকৈ অতিৰিক্ত ধন বিগত বৰ্ষৰ 13 জুলাইৰ পৰা প্ৰতি মাহে আহৰণ কৰি আহিছিল শুক্লাই ৷
পাছিঘাটত অসমৰ গাড়ী চালকক ধন দাবী অৰুণাচল আৰক্ষীৰ
চুবুৰীয়া ৰাজ্য অৰুণাচল(Arunachal pradesh)ত অসমৰ গাড়ী চালক সকল যে সুৰক্ষিত নহয় সেই অভিযোগ নতুন নহয় ৷ নিজৰ জীৱনক তুচ্ছ কৰি চুবুৰীয়া ৰাজ্যখনলৈ বিভিন্ন অত্যাৱশ্যকীয় সা-সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ চালক সকলক অৰুণাচলী দুৰ্বৃত্তই (goons from Arunachal) দাবী ধমকিৰে ধন কাঢ়ি লোৱা আৰু ধন নিদিলেই মাৰপিট কৰা ধটনা প্ৰায়েই চলি থাকে।
অচিৰেই ৰঙিয়াৰ পৰা কামাখ্যালৈ চলিব বিদ্যুৎ চালিত ৰেল
বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ ইতিমধ্যে বিদ্যুৎ চালিত ৰেল চলাচলৰ বাবে অনুমতি লাভ কৰিছে যদিও ৰঙিয়াৰ পৰা কামাখ্যালৈ ৰেল চলাবলৈ অনুমতি লাভ কৰা নাই ৰেল বিভাগে ৷ অনুমতি লাভ কৰাৰ লগে লগে বিদ্যুৎ চালিত ৰেল কামাখ্যাৰ পৰা বঙাইগাঁৱলৈ চলোৱা হ'ব ৷