সোঁ-শৰীৰে স্ব-গৃহলৈ ৰিতুল শইকীয়া
প্ৰায় এটা মাহৰ অন্তত স্ব-ভূমিত উপস্থিত হৈছে অপহৃত ৰিতুল শইকীয়া ৷ শনিবাৰে পুৱা প্ৰায় 7 বজাত ভাৰত-ম্যানমাৰ সীমান্তৰ লংৱা গাঁৱত আলফা স্বাধীনে মুকলি কৰি দিয়ে অপহৃত অ’ এন জি চিৰ কৰ্মচাৰী গৰাকীক ৷ বহু অপেক্ষাৰ অন্তত ঘৰৰ অভিমুখে যাত্ৰা কৰিছে ৰিতুলে ৷
মাতৃলৈ ৰিতুল শইকীয়াৰ ফোন : ‘‘মা মই ভালে আছো’’
ঘৰ অভিমুখে যাত্ৰা অপহৃত ৰিতুল শইকীয়াৰ ৷ পুত্ৰৰ মাত শুনি আৱেগিক ৰিতুল শইকীয়াৰ মাতৃ ৷ অতি সোনকালে মাতৃৰ কাষত থিয় হোৱাৰ প্ৰতিশ্ৰুতি দিলে ৰিতুল শইকীয়াই ৷
কিশোৰী নিৰ্যাতনৰ গোচৰত অভিযুক্ত কোন এইগৰাকী আইপিএছ গৌৰৱ উপাধ্যায় ?
এগৰাকী ১৩ বছৰীয়া কিশোৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগত অভিযুক্ত এগৰাকী আইপিএছ বিষয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছ ৷ শেহতীয়াকৈ বিটিআৰৰ এখন জিলাত আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি লাভ কৰা আইপিএছ বিষয়া গৰাকীক নিলম্বন কৰাৰ দাবী তুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা লৈ এক দাবীপত্ৰ প্ৰেৰণ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ অধ্যক্ষ সুস্মিতা দেৱে ৷
বৰপেটা জিলা কাৰাগাৰত ১১ জন বন্দীসহ এগৰাকী কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত
বৰপেটা জিলা কাৰাগাৰত ১১ জন বন্দীসহ এগৰাকী কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে ৬ গৰাকী আক্ৰান্তক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে আন ৬ গৰাকী আক্ৰান্তক কাৰাগাৰতে আইচলেচনত ৰখা হৈছে ৷
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকা আগবঢ়ালে মাজুলীৰ যুৱকে
সমগ্ৰ দেশৰ লগতে অসমতো কৰ'ণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰাৰ সময়তে মহামাৰীবিধৰ সৈতে মোকামিলা কৰিবলৈ ৰাজ্য চৰকাৰখনৰ সহায় হোৱাকৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ সমাজ-কৰ্মী বিতোপন দলেই ব্যক্তিগতভাৱে এক লাখ টকা আগবঢ়ায় ।