টিংৰাই বিস্ফোৰণত জড়িত থকা সন্দেহত এজনক আটক
টিংৰাইত বোমা বিস্ফোৰণৰ ঘটনাত জড়িত থকাৰ সন্দেহত এজন যুৱকক আটক । আটকাধীন অভিযুক্ত যুৱকজন নাজিৰাটিং তামুলী বন গাঁৱৰ দিপেন শইকীয়া (২৮) ৷ বৰ্তমান আৰক্ষীয়ে যুৱকজনক সোধপোছ অব্যাহত ৰাখিছে ৷
এঘাৰমাইলৰ অগ্নিকাণ্ডত জাহ গ'ল 7 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান
শনিবাৰে নিশা নগাঁৱৰ এঘাৰমাইলত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত নিমিষতে ছাই হৈ গ'ল সাতখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ অগ্নিকাণ্ডত কামপুৰ আৰু নগাঁও অগ্নিনিৰ্বাপক বাহিনীৰ সাতখনকৈ বাহন উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰে ৷
বিধ্বংসী অগ্নিকাণ্ডত ছাৰ-খাৰ শিৱসাগৰৰ নতুন দৈনিক বজাৰ
দেওবাৰে পুৱতি নিশা শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিৰ নতুন দৈনিক বজাৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত 30 খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হোৱাৰ লগতে কোটি কোটি টকাৰ সা-সম্পত্তি জুইত জাহ যায় । বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ।
ধোঁৱা আৰু ছাইৰ মাজত বিলীন হৈ গ’ল তেজপুৰ বাসীৰ এক আবেগ
8 মে’ৰ নিশা হঠাৎ অগ্নিৰ সূত্ৰপাত হৈছিল তেজপুৰৰ চ’ক বজাৰৰ কোনো এটা দোকান গৃহত ৷ আৰু তাৰ পাচতেই ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় ৷ দোকান গৃহটোৰ জুই মূহুৰ্ততে বিয়পি পৰে বজাৰখনৰ আন দোকান সমূহলৈ ৷ সান্ধ্য আইনৰ বাবে তেতিয়া জনশূন্য আছিল সমগ্ৰ অঞ্চল ৷ নিমিষতে প্ৰায় 300 দোকান ভস্মীভূত হয় এই অগ্নিকাণ্ডত ৷
নগাঁৱৰ 18 টাকৈ হাতীৰ মৃত্যুৰ তদন্তৰ দাবী বাক্সাৰ দুই সংগঠনৰ
শনিবাৰে বাক্সা জিলাৰ শালবাৰীৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সন্মুখত তপতজুৰিত 18 টাকৈ বনৰীয়া হাতীৰ মৃত্যু সন্দৰ্ভত সদৌ অসম আদিবাসী ছাত্র সন্থা আৰু মানাহ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ বজ্রপাতত একেলগে 18 টাকৈ হাতীৰ মৃত্যু অস্বাভাৱিক বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ উচিত তদন্তৰ দাবী কৰিছে সংগঠন দুটাই ৷