কৰিমগঞ্জৰ কানিশাইলত বিজেপি বিধায়কৰ বাহনত ইভিএম উদ্ধাৰক লৈ উত্তেজনা
এখন বলেৰ’ বাহনৰ পৰা উদ্ধাৰ হয় ইভিএম মেচিন ৷ উক্ত গাড়ীখন পাথাৰকান্দিৰ বিধায়ক কৃষ্ঞেন্দু পালৰ বুলি অভিযোগ উত্তাপন কৰিছে স্থানীয় ৰাইজে ৷
হাগ্ৰামাই এতিয়া কেৱল আজমলকহে ভাল পায়: হিমন্ত বিশ্ব শৰ্মা
৬২ নং বৰমা সমষ্টিৰ কদমতলত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূপেন বড়োৰ সমৰ্থনত বিশাল গণ সমাবেশত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ইউপিপিএল মানে বিজেপি, বিজেপি মানে এজিপি এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷
উধাৰবন্দ নেট্ৰিপৰ সম্মুখত ইভিএম উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি
ইভিএম মেচিন উদ্ধাৰক লৈ বৃহস্পতিবাৰে নিশা উত্তপ্ত হৈ পৰিল উধাৰবন্দ নেট্ৰিপৰ ৷ স্থানীয় ৰাইজে নিশা ৩খন বাহনত উদ্ধাৰ কৰে কেইবাটাও ইভিএম মেচিন ৷
অসমত গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠন হ’ব: মুকুল চাংমা
বকোত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা ৷ সাম্প্ৰদায়িক ৰাজনীতি কৰা দলক ভোট প্ৰদান নকৰিবলৈ গাৰো ৰাইজক আহ্বান চাংমাৰ ৷
আজমলে সংখ্যালঘু ৰাইজক লজ্জানত কৰিছে: শ্বহিদুল ইছলাম
জনীয়া সমষ্টিৰ অন্তৰ্গত খৰিচলাত বৃহস্পতিবাৰে মিত্ৰজোঁট তথা বিজেপি প্ৰাৰ্থী অধিবক্তা শ্বহিদুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ ৷ বদৰুদ্দিন আজমলে সমগ্ৰ ধৰ্মীয় সংখ্যালঘু লোকক অসমবাসীৰ আগত লজ্জানত আৰু অপমানিত কৰিছে বুলি মন্তব্য প্ৰাৰ্থীগৰাকীৰ ৷