মৰিয়নীৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে অখিল গগৈয়ে: ৰাইজৰ দল
বৃহস্পতিবাৰে এক সংবাদমেলযোগে অখিল গগৈৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা সন্দৰ্ভত স্পষ্ট কৰিলে ৰাইজৰ দলে ৷ কেৱল শিৱসাগৰৰ পৰাহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অখিল গগৈয়ে ৷ এই কথা সদৰী কৰে দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই ৷
উজনিত এইবাৰ সম্পূৰ্ণৰূপে চলিব জাহাজ: লুৰিণ
নাহৰকটীয়াত এইবাৰ অসম জাতীয় পৰিষদৰ জয় নিশ্চিত বুলি মন্তব্য প্ৰদান অসম জাতীয় পৰিষদৰ সভাপতি তথা 120 নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ ৷ লগতে কংগ্ৰেছ, বিজেপিকো তীব্ৰ সমালোচনা কৰে সভাপতি গগৈয়ে ৷
কংগ্ৰেছত মোক্ষম আঘাত : গৌতম ধানোৱাৰৰ পদত্যাগ
ডিগবৈত কংগ্ৰেছ দলত মোক্ষম আঘাত ৷ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গৌতম ধানোৱাৰৰ পদত্যাগ ৷
বদৰুদ্দিন আজমল জাতিৰ লগতে বিজেপিৰ বাবেও প্ৰত্যাহ্বান: হিমন্ত বিশ্ব শৰ্মা
বিজেপিৰ বাবে কংগ্ৰেছ দল প্ৰত্যাহ্বান নহয় কিন্তু বদৰুদ্দিন আজমল জাতিৰ লগতে বিজেপিৰ বাবেও প্ৰত্যাহ্বান ৷ বদৰউদ্দিনে সভ্যতা-সংস্কৃতি ধ্বংস কৰিছে ৷ ডিফুৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰে মন্ত্রী ডাঃ হিমন্ত বিশ্ব শর্মাই । লগতে তেওঁ কয়, কংগ্ৰেছে বদৰুদ্দিন আজমলৰ নেগুৰত ধৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰিব খুজিছে ৷
তেজপুৰত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ
বৃহস্পতিবাৰে তেজপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ 5 টা গেৰাণ্টিৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ৷ অগপ দলে জেষ্ঠ নেতা বৃন্দাবন গোস্বামী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ওপৰত ওপৰত অন্যায় কৰিছে বুলিও মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷