নেপালৰ সংসদ ভংগৰ প্ৰস্তাৱক অনুমোদন ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীৰ
নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে দেওবাৰে পুৱাই নেপালৰ সংসদ ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ তেওঁ কেবিনেটৰ বৈঠকৰ আয়োজন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে ৷
ভাৰত আৰু ভিয়েটনামৰ আজি অনুষ্ঠিত হ'ব ভাৰ্চুৱেল সন্মিলন
ভাৰত আৰু ভিয়েটনামে তেওঁলোকৰ সম্পৰ্কক ২০১৬ চনত বিস্তৃত কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰিছিল আৰু প্ৰতিৰক্ষা সহযোগিতা দ্বিপাক্ষিক ক্ষেত্ৰত দ্ৰুত সম্প্ৰসাৰিত হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছিল ।
বিশ্বকবিৰ ফটোৰ ওপৰত অমিত শ্বাহৰ ফটো : টিএমচিৰ প্ৰতিবাদ
বিশ্বকবিৰ ফটোৰ ওপৰত অমিত শ্বাহৰ ফটো সংলগ্ন কৰি হৰ্ডিং লগোৱাৰ বিৰোধিতা তৃণমূল কংগ্ৰেছৰ ৷ দেওবাৰে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাসগৃহৰ বাহিৰত তৃণমূল কংগ্ৰেছ কৰ্মীৰ দিনজোৰা অৱস্থান ধৰ্মঘট ৷ হৰ্ডিং লগোৱাক লৈ বিজেপিৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগক অস্বীকাৰ বিজেপি নেতা তথা মন্ত্ৰী প্ৰতাপ বেনাৰ্জিৰ ৷
কৰিমগঞ্জৰ বিস্কুট বেকাৰী কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড
কৰিমগঞ্জৰ শ্ৰীগৌৰীত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ এটা বিস্কুট বেকাৰী কাৰখানাত সংঘটিত এই অগ্নিকাণ্ডত জাহ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি ৷
অতি শীঘ্ৰে কৃষিমন্ত্ৰী টোমৰে প্ৰতিবাদী কৃষকক লগ কৰাৰ সম্ভাৱনা আছেঃঅমিত শ্বাহ
নতুন কৃষি আইন বাতিলৰ দাবীৰে ৰাষ্ট্ৰৰ ৰাজধানীৰ সীমাত অৱস্থান কৰি প্ৰতিবাদত বহা কৃষকসকলক কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিঙ টোমৰে লগ কৰাৰ সম্ভাৱনা ৷ দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা সদৰী কৰে ৷ শ্বাহে কয় যে কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীয়ে দুই এদিনৰ ভিতৰতে প্ৰতিবাদী কৃষক সংগঠনসমূহক লগ কৰাৰ সম্ভাৱনা আছে ৷