পত্নী-পুত্রৰ সৈতে নিশা কটাই পুৱাই মাতৃৰ কাষলৈ ঢাপলি মেলিলে অখিল গগৈয়ে
ডেৰ বছৰৰ দীঘলীয়া সময়ৰ অন্তত পৰিয়ালৰ সৈতে মিলন অখিল গগৈ(AKHIL GOGOI)ৰ । শুকুৰবাৰে গুৱাহাটীৰ নিজৰাপাৰস্থিত ঘৰত উপস্থিত হৈ নিশা কটালে পত্নী আৰু পুত্ৰৰ লগত । শনিবাৰে পুৱাই যোৰহাটত থকা মাতৃ প্ৰিয়দা গগৈৰ ওচৰলৈ ঢাপলি মেলিলে অখিল গগৈয়ে ।
ৰে’ল বিভাগত পুনৰ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি
উত্তৰ পূৱ-সীমান্ত ৰে’লৱেৰ ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰবন্ধকৰ অধীনত ২৪ জনকৈ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দিয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
শোণিতপুৰ জিলাত সম্পূৰ্ণ লকডাউনৰ নাই কোনো সম্ভাৱনা
ক'ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পালেও শোণিতপুৰত জিলাত বৰ্তমানলৈকে লকডাউন ঘোষণা কৰাৰ কোনো সম্ভাৱনা নাই ৷ শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেছ চন্দ্ৰ দাসে সদৰী কৰিছে এই কথা ৷
শিলচৰত ক’ভিড প্ৰতিষেধক প্ৰদানক কেন্দ্ৰ কৰি উত্তেজনা
শিলচৰত পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি থকা ৰাইজ ভেকচিন প্ৰদান নকৰাৰ বাবে উত্তেজিত হৈ পৰে ৷ উত্তেজিত ৰাইজে শিলচৰ মেডিকেল কলেজলৈ যোৱা পথছোৱা অৱৰোধ কৰে ৷ যাৰ ফলত এম্বুলেঞ্চ সহ শতাধিক যান-বাহন আৱদ্ধ হৈ পৰে ৰাজপথত ৷
শিক্ষা বিষয়ক বিভিন্ন সমস্যা লৈ শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ বিধায়ক চক্ৰধৰ গগৈৰ
অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ কাৰ্যালয়ত সাক্ষাৎ কৰি মৰাণ সমষ্টিৰ শিক্ষা আৰু শৈক্ষিক অনুষ্ঠানৰ সমস্যা সম্পৰ্কে আলোচনা কৰি বিভিন্ন বিষয় সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে মৰাণৰ বিধায়ক গৰাকীয়ে ।