অসম জাতীয় পৰিষদৰ প্ৰতীক ঘোষণা
জাহাজ হ’ব অসমৰ জাতীয় পৰিষদৰ প্ৰতীক ৷ এইবেলি নিৰ্বাচনত দলটোৱে জাহাজৰ প্ৰতীকত প্ৰতিদ্বন্দিতা কৰিব ৷
"মহাজোঁট"ত চামিল হ'ব বিপিএফঃ টুইট যোগে ঘোষণা হাগ্ৰামাৰ
হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চামিল হ'ব কংগ্ৰেছ, এ আই ইউ ডি এফ, বাওঁদলেৰে গঠিত "মহাজোঁট"ত ৷ শনিবাৰে নিশা টুইটযোগে এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ তদুপৰি এতিয়াৰে পৰা আৰু বিজেপিৰ সৈতে কোনো ধৰণৰ সম্পৰ্কও নাথাকিব বিপিএফৰ ৷
হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতহে গঠন হ'ব দিহিৰা সমষ্টিত ভিচিডিচি: ঘনশ্যাম দাস
বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ গৃহ সমষ্টি দিহিৰাত এটা ৰাজনৈতিক চক্ৰই নিজৰ প্ৰভাৱ বিস্তাৰৰ বাবে ভিচিডিচি গঠনৰ ক্ষেত্ৰত বিধি-পথালি দি অহাত সদ্যহতে উক্ত সমষ্টিটোত ভিচিডিচি গঠন স্থগিত ৰাখিবলৈ ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়া বুলি কথা উল্লেখ কৰে গণ সুৰক্ষা পাৰ্টীৰ নেতা ঘনশ্যম দাসে ৷
হিন্দু-মুছলমানৰ ভোটক লৈ সামাজিক মাধ্যমত চৰ্চা
হিন্দু-মুছলমানৰ ভোট সন্দৰ্ভত ভুৱা প্ৰচাৰ সামাজিক মাধ্যমত ৷ হিন্দু ভোট কৰিমগঞ্জৰ কংগ্ৰেছক নেলাগে বুলি এটা ভুৱা ভিডিঅ’ প্ৰচাৰৰ বিৰুদ্ধে কৰিমগঞ্জৰ জিলা কংগ্ৰেছৰ সভাপতি সতু ৰয়ে শনিবাৰে 4 জন লোকৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷
আৰক্ষীৰ ৰদবদলত নিৰ্বাচন আয়োগৰ স্থগিতাদেশ
আৰক্ষীৰ ৰদবদলত স্থগিতাদেশ নিৰ্বাচন আয়োগৰ ৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত নহ’ব অসম আৰক্ষীৰ ৰদবদল প্ৰক্ৰিয়া ৷ শনিবাৰে স্থগিতাদেশ জাৰি নিৰ্বাচন আয়োগৰ ৷