অসম

assam

ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি... - দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Feb 24, 2021, 1:01 PM IST

বিজেপি চৰকাৰ মিছলীয়া চৰকাৰ: লুৰিণজোতি গগৈ

বিজেপি চৰকাৰ এখন মিছলীয়া চৰকাৰ । চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰি আহিছে । ৰাইজৰ ধনৰ সদ ব্যৱহাৰ নকৰি আঁচনিৰ জৰিয়তে বিজেপিৰ নেতা-কৰ্মীসকলৰ পকেট গৰম হৈছে বুলি কয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷

নাবালিকাক যৌন আতিশয্য চলাই গ্ৰেপ্তাৰ মছজিদৰ ইমাম

ইমামৰূপী এজন পঞ্চাশোৰ্ধৰ ব্যক্তিৰ যৌন নিৰ্যাতনৰ বলি হৈছে এগৰাকী নাবালিকা । এই জঘন্য ঘটনা সংঘটিত হৈছে বৰপেটাৰ মাজদিয়াত ।

কংগ্ৰেছক তুলাধূনা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

বৰপেটাত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ অসম ৰাজ্যিক জীৱিকা অভিযানৰ উদ্যোগত বৰপেটা জিলা পুথিভঁৰালত অনুষ্ঠিত মহিলা সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰী পাটোৱাৰীয়ে জিলাখনৰ মহিলাসকলক সম্বোধন কৰি 189 গৰাকী জীৱিকা সখীৰ মাজত স্কুটী বিতৰণ কৰে ৷

অসম জাতীয় পৰিষদৰ নাহৰকটীয়াৰ সমিতি গঠন

2021 ত সুস্থ জাতীয়তাবাদী চিন্তাৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক নাহৰকটীয়াত জয়ী কৰোৱাৰ লক্ষ্যৰে গঠন হ'ল দলটোৰ নাহৰকটীয়া সমিতি ৷ নাহৰকটীয়াৰ ধৰমশালাত বিজয় গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত গঠন হয় এই সমিতি ৷

পাঁচ বছৰীয়া খতিয়ান দাখিলেৰে পৰিমলৰ শুক্লবৈদ্যৰ সংবাদমেল

সংবাদ মাধ্যমৰ সৈতে বার্তালাপ বন, মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷ 2016 চনৰ পৰা তিনিটা বিভাগৰ দায়িত্ব আৰু বিগত পাঁচ বছৰীয়া কাৰ্যকালৰ অভিজ্ঞতা সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিলে মন্ত্ৰী পৰিমলে ৷ সুৰাৰ অবৈধ বেহা, মীন বিভাগত হোৱা উন্নয়ন আৰু চোৰাং চিকাৰী সন্দৰ্ভতো মন্ত্ৰী গৰাকীৰ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷

২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব গৃহ মন্ত্রী অমিত শ্বাহ

২৫ ফেব্ৰুৱাৰীত গুৰুজনাৰ জন্মস্থানত বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ ৷ এই উপলক্ষে বটদ্ৰৱাত আয়োজন কৰা সভাস্থলী মঙলবাৰে পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই ।

আধাৰশিলা স্থাপনত ব্যস্ত মন্ত্ৰী যোগেন মহন

ৰাজ্যত সমাগত বিধানসভাৰ নিৰ্বাচন ৷ মন্ত্ৰী-বিধায়ক ব্যস্ত আধাৰশিলা স্থাপন কৰাত ৷ কিদৰে পুনৰ নিৰ্বাচিত হৈ বিধানসভালৈ আহিব পাৰে তাৰ সমীকৰণ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে জন প্ৰতিনিধি সকল ৷

সন্মানীয় হুইটলী এৱাৰ্ডৰ বাবে মনোনীত উত্তৰ-পূৱৰ দুই পৰিৱেশ কৰ্মী

সন্মানীয় হুইটলী এৱাৰ্ডৰ বাবে মনোনয়ন লাভ কৰিছে উত্তৰ-পূৱৰ দুই পৰিৱেশ কৰ্মী ৷ এই দুই পৰিৱেশ কৰ্মী হৈছে অসমৰ বিভূতি লহকৰ আৰু নাগালেণ্ডৰ নুকলু ফম ৷

Toolkit case : দিশা ৰবিৰ জামিন আবেদন মঞ্জুৰ

Toolkit গোচৰ সন্দৰ্ভত আটক হোৱা পৰিৱেশ কৰ্মী দিশা ৰবিৰ মঙলবাৰে জামিন আবেদন মঞ্জুৰ কৰিলে নতুন দিল্লীৰ পাটিয়ালা হাউছ আদালতে ৷ অতিৰিক্ত সত্ৰ ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণাৰ আদালতে মঞ্জুৰ কৰিলে দিশা ৰবিৰ জামিন আবেদন ৷

সাৰদা কেলেংকাৰীৰ শুনানিৰ দিন দুসপ্তাহলৈ বৃদ্ধি উচ্চতম ন্যায়ালয়ৰ

চিবিআইয়ে কলকাতাৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক জিম্মাত লৈ সোধা পোচা কৰিবলৈ আদালতৰ ওচৰত আবেদন জনাইছিল । কিন্তু উচ্চতম ন্যায়ালয়ে মঙলবাৰে দুসপ্তাহৰ বাবে স্থগিত ৰাখিলে সাৰদা কেলেংকাৰীৰ গোচৰৰ শুনানি ।

ABOUT THE AUTHOR

...view details