অসম

assam

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Dec 22, 2020, 1:01 PM IST

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

1PM TOP TEN NEWS
দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

অৰুণাচলৰ পৰা অপহৃত অইলৰ দুই বিষয়াৰ সন্ধানত অভিযান আৰম্ভ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত অৰুণাচলৰ পৰা সোমবাৰে সন্ধিয়া অপহৃত হোৱা অইলৰ দুই বিষয়াৰ সন্ধানত অভিযান আৰম্ভ কৰা হৈছে ৷ অৰুণাচল আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান আৰ পি উপাধ্যায়ে এই কথা জানিবলৈ দিছে ৷ এটা ব্যক্তিগত তেল কোম্পানীত কৰ্মৰত শিৱসাগৰৰ এগৰাকী আৰু বিহাৰৰ এগৰাকী বিষয়াক এটা অস্ত্ৰধাৰী দলে সোমবাৰে অপহৰণ কৰিছিল ৷

মুছলপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড

বাক্সাৰ মুছলপুৰত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ ডেগাৰেৰে হানি-খুচি হত্যা বিজেপি কৰ্মী তথা ব্যৱসায়ী মিণ্টু কলিতাক ৷

পিডিপিৰ 3 জন সাংগঠনিক বিষয়াসহ 20 জনক নজৰবন্দী প্ৰশাসনৰ

জিলা উন্নয়ন পৰিষদৰ(DDC) নিৰ্বাচনৰ ভোট গণনা পূৰ্বেই PDP ৰ তিনিজন সাংগঠনিক বিষয়াসহ 20 জন ৰাজনৈতিক নেতাক প্ৰশাসনে প্ৰতিৰোধমূলক জিম্মাত ৰাখিছে ৷ DDC নিৰ্বাচনত ভোট গণনাত বিজেপিয়ে কিছু ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰা অভিযোগ উত্থাপন কৰিছিল প্ৰাক্তন মুখ্য মন্ত্ৰী মেহবুবা মুফতিয়ে ৷

নগাঁৱৰ কন্দলী তপতজুৰিত বন্যহস্তীৰ পোৱালী উদ্ধাৰ

সোমবাৰে পুৱতি নিশা নগাঁৱৰ কন্দলী তপতজুৰিত আঘাত প্ৰাপ্ত অৱস্থাত উদ্ধাৰ হয় এটা বন্যহস্তীৰ পোৱালী ৷ জাকৰ মাজত যুঁজ লাগি দ খাৱৈত বাগৰি পৰি পোৱালি বন্যহস্তীটো গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে ।

মাছৰ বাবে সংৰক্ষিত কৰা হ'ল নাওবৈচাৰ দীঘলীবিল

লখিমপুৰ জিলাৰ নাওবৈচাৰ বহু পৌৰাণিক তথা ইতিহাস প্ৰসিদ্ধ এখন বিল হ'ল দীঘলীবিল ৷ দুৰ্ভাগ্যজনক ভাৱে এই পৌৰাণিক বিলখন একাংশ স্বাৰ্থলোভী মানুহৰ হাতত পৰি নিঃশেষ হ'বলৈ আৰম্ভ কৰোতেই এই বিলখনক জীয়াই ৰখাৰ স্বাৰ্থত আগবাঢ়ি আহিছে বন্যপ্ৰাণী সুৰক্ষা নামৰ এটি সংগঠন । ২০১৮ চনৰ পৰাই এই সংগঠনটোৱে দীঘলীবিলক মাছৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে ৷

নিশা হাউলীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

হাউলী চহৰৰ মাজমজিয়াত সোমবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতে উক্ত অগ্নিকাণ্ড ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

বৰপেটাত ভাড়াতীয়াৰ ঘৰত উদ্ধাৰ এটি অপহৃত দহ বছৰীয়া শিশু

বৰপেটাৰ হাউলীত চাঞ্চল্যকৰ ঘটনা । ভাড়াতীয়াৰ দ্বাৰা অপহৃত দহ বছৰীয়া এটি শিশু উদ্ধাৰ ৷ অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ হোৱা শিশুটোৰ নাম মুজাহিদ হুছেইন । হাউলীৰ লাচিত ৰোডৰ সৰবেশ আলিৰ ঘৰত ভাড়াতীয়া হিচাপে থকা গুলজাৰ আৰু মামনি বেগম নামৰ দম্পতিহালে হাত ভৰি বান্ধি নিজ কোঠাত আবদ্ধ কৰি ৰাখিছিল শিশুটিক ৷

বৰখলাত ৰঞ্জিৎ দাসৰ নিৰ্বাচনী ৰণডংকা

কৰিমগঞ্জৰ বৰখলাত নিৰ্বাচনী ৰণডংকা বজালে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসে ৷ সোমবাৰে বৰখলা সমষ্টিত বিজেপিৰ কাৰ্যকৰ্তা সভাত অংশ লৈ ৰঞ্জিৎ কুমাৰ দাসে সমষ্টিটোত নিৰ্বাচনী ৰণডংকা বজাই ৷

অস্ত্ৰ ত্যাগ কৰি মূলসূঁতিলৈ আহিল 64 গৰাকী বিদ্ৰোহী

অসমত আজিলৈ 2,259 গৰাকী উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত এনডিএফবিৰ 1,615 গৰাকী কেডাৰৰ লগতে এনএলএফবিৰ 301 গৰাকী, এডিএফৰ 178 গৰাকী, এনএছএলৰ 78 গৰাকী আৰু অন্যান্য 8টা সংগঠনৰ মুঠ 644 গৰাকী কেডাৰে আত্মসমৰ্পণ কৰিছিল ৷

হোজাই জিলাৰ লংকাত জব্দ কয়লা ভৰ্তি ট্ৰাক

লংকাৰ ইছলামবস্তিত জব্দ কয়লা ভৰ্তি ট্ৰাক ৷ দীৰ্ঘদিনে উমৰাংছুৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আছে কয়লা ৷ সৰবৰাহ হৈ থকা কয়লাৰ বিপৰীতে উপযুক্ত নথি আছে নে নাই আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব ৷

ABOUT THE AUTHOR

...view details