অসম

assam

ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি - top ten news at 1 pm

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

top ten news at 1 pm
দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Dec 21, 2020, 12:55 PM IST

আলোচনাত মিলিত হ'বলৈ প্ৰতিবাদী কৃষকক নিমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰৰ সংশোধিত নতুন কৃষি আইন সন্দৰ্ভত আলোচনা কৰিবলৈ নিমন্ত্ৰণ কেন্দ্ৰ চৰকাৰৰ । ৰাজধানীস্থিত বিজ্ঞানভৱনত আলোচনাত মিলিত হ'বলৈ নিমন্ত্ৰণ কৃষক সংঘক ।

গুৱাহাটীত উপস্থিত বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি

সোমবাৰে পুৱা গুৱাহাটীত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত জাতি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি লাল সিং আৰ্য ৷ দিল্লীৰ পৰা বিমান যোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত জাতি মৰ্চাৰ কৰ্মীসকলে আদৰণি জনায় সভাপতিগৰাকীক ।

দিল্লীত উদ্ধাৰ শতাধিক সন্ধানহীন শিশু

দিল্লীৰ আৰক্ষী আয়ুক্তই এক আঁচনিৰ জৰিয়তে চলিত বৰ্ষৰ ভিতৰত ১৪ বছৰৰ তলৰ ৫০ৰ অধিক সন্ধানহীন শিশুক উদ্ধাৰ কৰাত সহায় কৰা যিকোনো কনিষ্টবল বা হেড কনিষ্টবলক আউট-অফ প্ৰমোচন দিয়াৰ সিদ্ধান্ত লৈছে ।

বিকল চাচনীৰ চেলেং গাঁৱৰ পানী যোগান আঁচনি

বিগত কেইবাবছৰ ধৰি বিকল হৈ আছে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত চাচনী গাঁৱৰ পানী যোগান আঁচনি ৷ ২০১২ চনতেই তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতে নিৰ্মান কৰা হৈছিল আঁচনিটো ৷

গোলাঘাটৰ পাচলি বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

দেওবাৰে নিশা গোলাঘাট নগৰৰ পুৰণা জেইল মাৰ্কেটৰ পাচলি বজাৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডৰ ফলত গুদামত থকা বহু লক্ষাধিক টকাৰ কাপোৰ জাহ যায় ৷ ইপিনে গোলাঘাট,দেৰগাঁও,মেৰাপানীৰ পৰা অহা 4খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি জুই নুমুৱাবলৈ সক্ষম হয় ৷

বিশ্বকবিৰ ফটোৰ ওপৰত অমিত শ্বাহৰ ফটো : টিএমচিৰ প্ৰতিবাদ

বিশ্বকবিৰ ফটোৰ ওপৰত অমিত শ্বাহৰ ফটো সংলগ্ন কৰি হৰ্ডিং লগোৱাৰ বিৰোধিতা তৃণমূল কংগ্ৰেছৰ ৷ দেওবাৰে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাসগৃহৰ বাহিৰত তৃণমূল কংগ্ৰেছ কৰ্মীৰ দিনজোৰা অৱস্থান ধৰ্মঘট ৷ হৰ্ডিং লগোৱাক লৈ বিজেপিৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগক অস্বীকাৰ বিজেপি নেতা তথা মন্ত্ৰী প্ৰতাপ বেনাৰ্জিৰ ৷

আন্দোলনৰ পৰা উভতি আহি বিহপান কৰি আত্মহত্যা কৃষকৰ

25 দিনত ভৰি দিয়া কৃষক আন্দোলন এতিয়াও শাম কটা নাই ৷ এনে অৱস্থাত কৃষক আন্দোলনৰ পৰা উভটি আহি নিজ গৃহত আত্মহত্যা কৰে এগৰাকী 22 বছৰীয়া যুৱ কৃষকে ৷

ক'ৰণা ভাইৰাছৰ নতুন লক্ষণ সন্দৰ্ভত উচ্চস্তৰীয় বৈঠকৰ আহ্বান স্বাস্থ্য মন্ত্ৰণালয়ৰ

ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে শনিবাৰে নতুন ক'ৰণা ভাইৰাছৰ প্ৰভাৱৰ বহু সহজে সংক্ৰমিত হয় বুলি উল্লেখ কৰিছিল। বৰিছ জনছনে নতুন ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে শনিবাৰে লণ্ডন আৰু পূৱ ইংলেণ্ডত সকলোকে "ঘৰত থকাৰ" বাবে নিৰ্দেশনা জাৰি কৰে ।

বিপদসংকুলভাৱে চলিছে শিৱসাগৰৰ দিখৌমুখ-মাজুলী ফেৰীসেৱা

বিপদসংকুলভাৱে চলি আছে শিৱসাগৰ জিলাৰ দিখৌমুখ-মাজুলী ফেৰীসেৱা ৷ পাৰঘাটৰ অভাৱত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে দিখৌমুখত নিৰ্মাণ কৰিবলগীয়া হৈছে অস্থায়ী পাৰঘাট ৷ আনকি বতাহ-বৰষুণটো কৰ্মচাৰীৰ জিৰণিৰ বাবে নাই এটা স্থায়ী গৃহ ৷

নেপালৰ সংসদ ভংগৰ প্ৰস্তাৱক অনুমোদন ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীৰ

নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে দেওবাৰে পুৱাই নেপালৰ সংসদ ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ তেওঁ কেবিনেটৰ বৈঠকৰ আয়োজন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

...view details