অসম

assam

By

Published : Jun 20, 2020, 7:04 PM IST

ETV Bharat / state

সন্ধিয়া 7 বজাৰ 10 টা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ 10 টা শীৰ্ষ বাতৰি...

TOP TEN NEWS 7 PM
TOP TEN NEWS 7 PM

বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ

বাঘজান তৈলক্ষেত্ৰৰ 5 নং খাদত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডই জৈৱ বৈচিত্ৰৰে ভৰা ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰি মতাপুং বিলৰ জলজ প্ৰাণীলৈ অহা ভাবুকিৰ কথা উল্লেখ কৰি শনিবাৰে বাঘজান তৈলক্ষেত্ৰ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৷

ভাৰত-চীন সীমান্তৰ অস্থিৰ পৰিস্থিতি সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

ভাৰত-চীন সীমান্তৰ অস্থিৰ পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিৰোঘী দলপতি দেৱব্ৰত শইকীয়াই ৷ চাওক এই প্ৰতিবেদন...

নিয়ন্ত্ৰণ ৰেখা উলংঘন কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব: কেন্দ্ৰ.

পূৰ্বতে ৰাষ্ট্ৰীয় সন্মানক লৈ কৰা উপেক্ষাৰ পৰিৱৰ্তে বৰ্তমান ভাৰতীয় সেনা সীমান্তত যিকোনো অনৈতিক কাৰ্যৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু ।

চৰকাৰী নিয়ম উলংঘা কৰি ৰাজহুৱা সভাত অংশগ্ৰহণ এগৰাকী বিধায়কৰ

হাইলাকান্দি জিলাৰ আলগাপুৰ বিধানসভা সমষ্টিৰ এ আই ইউ ডিএফৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে,কৰ'ণা মহামাৰী প্ৰতিহত কৰিবলৈ চৰকাৰে জাৰি কৰা নিয়ম উলংঘন কৰা পৰিলক্ষিত হ'ল ৷

নগাঁৱত আন্তঃৰাজ্যিক প্ৰৱঞ্চকৰ ভয়ংকৰ জাল

এইবাৰ নগাঁৱত জাল পেলাইছে আন্তঃৰাজ্যিক প্ৰৱঞ্চক চক্ৰই । জালিয়াতিৰে ফাইনেন্সৰ পৰা ট্ৰেক্টৰ ক্ৰয় কৰি আন্তঃৰাজ্যিক চক্ৰৰ হাতত বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহিছে নগাওঁ আৰক্ষীৰ এক অনুসন্ধানত । বহিৰাগত প্ৰৱঞ্চকৰ চক্ৰটোৱে সামান্য ধনৰ বিনিময়ত ব্যৱহাৰ কৰে স্থানীয় লোকক ।

লামডিং শাখা সাহিত্য সভাৰ উদ্যোগত ৰাভা দিৱস উদযাপন

কলাগুৰুৰ 52 সংখ্যক মৃত্যুবাৰ্ষিকী ৷ এই উপলক্ষে শনিবাৰে হোজাই জিলাৰ লামডিং শাখা সাহিত্য সভাৰ উদ্যোগত ৰাভা দিৱস পালন কৰা হয় ৷ কিন্তু কৰ'ণা মহামাৰীৰ বাবে পূৰ্বৰ তুলনাত অনুষ্টুপীয়াকৈ পালন কৰা হৈছে কলা গুৰুজনাৰ মৃত্যু দিৱস ৷

কয়লা ব্ল'কৰ নিলাম প্ৰসংগ : কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ ঝাৰখণ্ড চৰকাৰ

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ঝাৰখণ্ডৰ চৰকাৰ । কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা বাণিজ্যিক খননৰ বাবে কয়লা ব্ল'কৰ নিলাম সিদ্ধান্তৰ বিৰোধীতা কৰিয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে বিচাৰাধ্যক্ষ ৰাজীৱ ৰঞ্জন । এই নিলাম সিদ্ধান্তত অন্তৰ্ভুক্ত হৈ আছে ঝাৰখণ্ডৰ বহু কেইটা কয়লা ব্ল'ক ।

অৰুণাচলত প্ৰদেশত কৰ'ণা আক্ৰান্তৰ সংখ্যা ১৩৫ জনলৈ বৃদ্ধি

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশটো তীব্ৰ গতিত বৃদ্ধি পাইছে COVID 19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ অৰুণাচল প্ৰদেশত বৰ্তমানলৈকে কৰ'ণা আক্ৰান্তৰ সংখ্যা ১৩৫ জনলৈ বৃদ্ধি পোৱা বুলি জানিবলৈ দিয়ে প্ৰশাসনে । ‌‌‌‌‌ইয়াৰে ইটানগৰৰ কেপিটেল কম্পলেক্সত ১৮, চাংলাং জিলাত- ৬৪,ইষ্ট চিয়াং ৯,লোহিত জিলাত ৩,লংডিং ১, লৱাৰ ডিবাং ভেলি ৩, নামচাই ২, টাৱাং ১,তিৰাপ ২,ৱেষ্ট কামেং ১২,ৱেষ্ট চিয়াঙত ১,লৱাৰ চিয়াং ১ জন ৷

লক ডাউনৰ মাজতে ধুমুহাৰ দুৰন্ত গতি

লক ডাউনৰ মাজতে শেহতীয়াকৈ ৰাহুল গৌতম শৰ্মাৰ কথাৰে দীপক দে'ৰ পৰিচালনাৰে মুকলি কৰা হ'ল ধুমুহা শীৰ্ষক এটি গীত। ধুমুহাৰ ভিডিঅ' গীতটি মুকলিৰ পিছতে গীতটিয়ে লাভ কৰিছে ৰাইজৰ বিপুল সঁহাৰি ৷ গীতটো দৰ্শকে আদৰি লোৱাৰ বাবে স্বাভাৱিকতে সুখী হৈ পৰিছে গীতটিৰ লগত জড়িত কলা-কুশলী সকল। ইটিভি ভাৰতৰ সৈতে গীতটিৰ লগত জড়িত কলা-কুশলী আৰু পৰিচালকৰ এক আছুতীয়া সাক্ষাৎকাৰ ।

হস্তী-মানৱ সংঘাত : গোলাঘাটত বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাইজৰ

আগে বৃহৎ হাতীৰ জাক পিছে পিছে হাতে হাতে লাঠী, শিল গুটি,কেটেপা লৈ এদল মানুহ । হাতীৰ জাকক আঁতৰাই পঠাবলৈ কৰিছে চেষ্টা হাতীয়েও উভিত চোঁচা লৈছে মানুহলৈ । কেমেৰাত বন্দী হৈছে শিহৰণকাৰী দৃশ্য । যি কোনো মুহূৰ্তত ভয়াবহ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই দেখা দিছে সেই স্থানত ।

ABOUT THE AUTHOR

...view details