অহা নিৰ্বাচনত কংগ্ৰেছ হ'ব ডিজিটেলাইজ : আৰ পি শৰ্মা
নিজকে দলৰ নীতি আদৰ্শ মানি চলা মানুহ বুলি দাবী কৰি আৰ পি শৰ্মা আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে ডিজিটেলাইজ হৈ নিৰ্বাচন খেলিব বুলি ব্যক্ত কৰিলে । নীতি আদৰ্শৰ কথা কোৱা এইগৰাকী নেতাই বিজেপি দলৰ পৰা সাংসদৰ নিৰ্বাচনী টিকট নাপাই কংগ্ৰেছত যোগদান কৰি কংগ্ৰেছ দলৰ পৰা টিকট লৈ ২০২১ ত নিৰ্বাচন খেলাৰ মন মেলিছে ।
ধেমাজিৰ বন বিভাগৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান
ধেমাজি জিলাত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে এজনৰ পিছত আনজন বন বিষয়া ৷ বৃহস্পতিবাৰে চোৰাং কাঠ ব্যৱসায়ীৰে মিতিৰালি কৰি ধন সংগ্ৰহৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে জোনাইৰ আঞ্চলিক বন বিষয়া ফকৰুল ইছলামক ৷
ৰঙা চীনক মুকলি প্ৰত্যাহ্বান প্ৰাক্তন ভাৰতীয় সেনানীৰ
লাডাখত চীন আৰু ভাৰতৰ মাজত হোৱা সোমবাৰৰ সংঘৰ্ষৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনাইছে সৰ্বদলীয় বৈঠকৰ। সমগ্ৰ পৰিস্থিতিৰ ওপৰত আলোচনা কৰাৰ বাবে ১৯ জুনত অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক। দেশৰ সকলো দলৰ মুৰব্বীসকলে সন্ধিয়া পাঁচ বজাত ভিডিঅ' কনফাৰেন্সঙিৰ জড়িয়তে অংশগ্ৰহণ কৰিব পাৰিব বৈঠকত । এই কথা টুইটযোগে অৱগত কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।
বাঢ়নী পানীয়ে উটুৱাই নিলে চিৰাঙৰ নাঙলভাঙাৰ একমাত্ৰ বাঁহৰ দলং
প্ৰায় ৬০-৭০ খন গাঁৱৰ লোকৰ একমাত্ৰ যাতায়াতৰ মাধ্যম হিচাপে পৰিগণিত হৈ অহা চিৰাং জিলাৰ নাঙলভাঙা অঞ্চলৰ বাঁহৰ দলং খন উটুৱাই নিয়ে নাঙলভাঙা নদীৰ বাঢ়নি পানীয়ে ৷ সম্প্ৰতি নাৱেই হৈ পৰিছে স্থানীয় ৰাইজৰ বাবে একমাত্ৰ সমল ৷
১০০ বছৰ জীয়াই থাকিব পৰা ড্ৰেগনৰ পোৱালী ক'ত ?
দক্ষিণ শ্লোভেনিয়াত থকা 'Postojna Cave'ত বহু পৰ্যটকৰ আগমণ হয় আৰু পৰ্যটকসকলে ড্ৰেগন পোৱালিবোৰ পৰ্যবেক্ষণ কৰিব পাৰে আৰু গুহাৰ ভিতৰেৰে ট্ৰেইন যাত্ৰা কৰিব পাৰে। ইয়াৰ লগতে পোন প্ৰথমবাৰৰ বাবে গুহাটোত এটা একুৱাৰিয়ামত তিনিটা ড্ৰেগন পোৱালি পৰ্যটকৰ আকৰ্ষণৰ বাবে ৰখাৰ ব্যৱস্থা কৰিছে ।