মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ ক্ষেত্ৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে। বৰপেটা জিলাৰ মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ১১৯৮ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ।
তেজপুৰত চিআৰপিএফ জোৱানৰ আকস্মিক মৃত্যু
তেজপুৰত আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লৈছে এগৰাকী চিআৰপিএফ জোৱানে ৷ ৰাজস্থানৰ জয়পুৰৰ জোৱানগৰাকী চিআৰপিএফৰ ৩০নং বেটেলিয়নত কৰ্মৰত আছিল ৷
লংকাত চুৰি সামগ্ৰী উদ্ধাৰ
হোজাইৰ লংকা আৰক্ষীৰ বৃহৎ সফলতা লাভ । এক অভিযান চলাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে এজন চোৰ ৷ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে একাধিক চুৰি সামগ্ৰী ৷
স্বাস্থ্যকৰ্মীক মাহিলী বেতনৰ লগতে সকলো প্ৰয়োজনীয় সুবিধা দিয়া উচিতঃ উচ্চতম ন্য়ায়ালয়
স্বাস্থ্য কৰ্মীসকলৰ আবাস গৃহৰ সুবিধা,সময়মতে দৰমহা মুকলি দিয়া আদি সকলো প্ৰয়োজনীয় সুবিধা প্ৰদান কৰাৰ নিৰ্দেশ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ । এই নিৰ্দেশ উলংঘা কৰাটো এটা অপৰাধ বুলি প্ৰকাশ কৰে ন্যায়ালয়ে ।
মকতব্ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনাক লৈ যোৰহাটত প্ৰতিবাদ
শতবৰ্ষ গৰকা, ৰাষ্ট্ৰপতি পদক লাভ কৰা যোৰহাটৰ ঐতিহ্যমণ্ডিত মকতব্ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ নাম ফলকক লৈ শিক্ষা বিভাগে প্ৰদান কৰা এক নিৰ্দেশাই ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজ তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলক ৷