অগপৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ
অগপই দেওবাৰে প্ৰকাশ কৰিলে তৃতীয়খন প্ৰাৰ্থী তালিকা ৷ ১৩টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে অগপই ৷
ভাৰতীয় লোক সমতা পাৰ্টিৰ প্ৰাৰ্থী প্ৰবীণ কুমাৰ হাজৰিকাৰ এক আছুতীয়া সাক্ষাৎকাৰ
প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটাদিন বাকী থকা সময়তে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰতিদিনে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে অনুষ্ঠিত কৰিছে ইখনৰ পাচত সিখনকৈ প্ৰচাৰ সভা ৷ আন আন সমষ্টি সমূহৰ দৰে ১২২ নং তিনিচুকীয়া সমষ্টিটো বৃদ্ধি পাইছে নিৰ্বাচনীক তৎপৰতা ৷
৭৭ নং বিহালী বিধানসভা সমষ্টিৰ ভোটাৰৰ মনৰ কথাৰে আজিৰ জনতাৰ কন্ঠ...
৭৭ নং বিহালী বিধানসভা সমষ্টিৰ বিধায়ক হ’ল বিজেপি মিত্ৰজোঁট চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত ৷ ২০১৬ৰ বিধানসভা নিৰ্বাচনত মন্ত্ৰী ৰঞ্জিত দত্তই কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপক শৰ্মাক পৰাজয় কৰি ৫২ হাজাৰৰো অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু চৰকাৰৰ খন অতি গুৰুত্বপূৰ্ণ বিভাগ ৰেচম, হস্ততাঁত বস্ত্ৰ শিল্প আৰু সংখ্যালঘু দপ্তৰৰ দায়িত্বত থাকি মন্ত্ৰীগৰাকীয়ে নিজ সমষ্টিৰ মহিলাসকলৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিলে তথা বিগত পাঁচ বছৰে সমষ্টিবাসীয়ে বিধায়কগৰাকীৰ পৰা কি পালে কি নাপালে, তাৰেই এক পৰ্যালোচনা ৷
বিজেপিৰ মিথ্যাচাৰৰ বিৰুদ্ধে সৰৱ ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল
ডিব্ৰুগড়ত ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল সংবাদমেল ৷ উজনিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমত আহি উপস্থিত হৈছে বাঘেল ৷ ডিব্ৰুগড়ৰ টিংখাং, চেপন, চাবুৱা, শদিয়া, নাজিৰা, ডিব্ৰুগড়, নাহৰকটীয়া আৰু ডুলিয়াজানত চলাব নিৰ্বাচনী প্ৰচাৰ ৷
অগপৰ হাতীয়ে চাবুৱাত বিজেপিৰ ঘৰ বাৰীহে ভাঙিলে: অজয় ফুকন
চাবুৱাত সংগীত শিল্পী তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী অজয় ফুকনৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ চাবুৱাত বিজেপিৰ ভেঁটিক অগপই শেষ কৰাৰ লগতে অগপৰ হাতীয়ে বিজেপিৰ পদুম গচকি শেষ কৰিলে মন্তব্য ফুকনৰ ৷