জম্মু কাশ্মীৰত অব্যাহত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন
জম্মু কাশ্মীৰৰ ভাৰত-পাক সীমান্তত অব্যাহত আছে যুদ্ধ বিৰতি উলংঘন । সোমবাৰে প্ৰায় ৩.৩০ বজাত পুঞ্জ জিলাৰ কৃষ্ণাঘাটী আৰু মনকোট এলেকাত পুনৰ যুদ্ধ বিৰতি উলংঘন কৰে পাকিস্তানী সেনাই । ইয়াৰোপৰি, প্ৰায় ৫.৩০ বজাত নৌশেৰা এলেকাতো যুদ্ধ বিৰতি উলংঘন কৰে ।
তিনিচুকীয়াত পথ নিৰ্মাণৰ নামত দুৰ্নীতি
তিনিচুকীয়াত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ নিৰ্মাণ হোৱা পথত দুৰ্নীতি ৷ প্ৰায় ৪ কোটি ২২ লাখ টকা ব্যয় সাপেক্ষে ২০১৭-১৮ বৰ্ষত অনুমোদন হোৱা পথটো বৰ্তমানেও হোৱা নাই নিৰ্মাণ ৷ যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসী ৷ অতি শীঘ্ৰে পথটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ দাবী মৰাণ ছাত্ৰ সন্থাৰ দাইচা শাখা সমিতিৰ লগতে আদিবাসী ছাত্ৰ সন্থাৰ ৷
2021 ত ভোট বৰ্জনৰ হুংকাৰ কাটিগড়াবাসীৰ
জন প্ৰতিনিধিৰ অৱহেলাৰ বাবে পৰৱৰ্তী অসম বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে কাছাৰৰ কাটিগড়া সমষ্টিৰ ফুলবাড়ী শ্ৰীপুৰ গাঁৱবাসীয়ে ৷ স্বাধীনতাৰ পিছৰ পৰা আজিকোপতি উন্নয়নৰ কোনো মুখ নেদেখা গাঁৱবাসীয়ে জনপ্ৰতিনিধিৰ অৱহেলাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷
ভুল চিকিৎসাৰ বাবে কামপুৰত পংগুত্বক সাৱটিবলগীয়া হৈছে বহু লোকে
ভুল চিকিৎসাৰ বাবে কামপুৰৰ শালমৰা অঞ্চল কেইবাগৰাকীও লোকে পংগুত্বক সাৱটিব লগীয়া হৈছে ৷ শালমৰা আদৰ্শ বজাৰস্থিত কবিৰ মেডিকেল হলৰ স্বত্বধিকাৰী নজৰুল ইছলাম নামৰ লোক জনৰ বিৰুদ্ধে উত্থাপন হৈছে ভুল চিকিৎসা কৰাৰ অভিযোগ ৷
ৰাছিয়াৰ আগন্তুক ৰাষ্ট্ৰপতি পদৰ পৰা বাহিৰ নহয় পুটিন
আগন্তুক ১ জুলাই তাৰিখে ৰাছিয়াত সাংবিধানিক সংশোধনৰ আধাৰত এক গণভোট কাৰ্যসূচী আয়োজন কৰা হ'ব । যদি এই বিলখন পাছ হয় তেন্তে এই বিলখনে ব্লাডিমিৰ পুটিনক ২০২৪ চনত পুনৰ ৰাষ্ট্ৰপতি পদৰ বাবে সমৰ্থন কৰিব ।