বেদখলকাৰী নগাক উচ্ছেদৰ আহ্বান ৰূপজ্যোতি কুৰ্মীৰ
নগা দুৰ্বৃত্তই আক্ৰমণ কৰাৰ পাচতে অনশনত বহিছে কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ আৰক্ষী-প্ৰশাসনৰ বুজনিয়েও যেন গা লৰাব পৰা নাই বিধায়ক কুৰ্মীৰ ৷ মৰিয়নীৰ সীমা সমস্যাৰ সমাধান নোহোৱালৈকে অনশন অব্য়াহত ৰখাৰ হুংকাৰ বিধায়কগৰাকীৰ ৷
ভাৰত-ভূটান সীমান্তৰ লাইমুতিত স্থাপন হ'ল প্ৰথমখন দলং
আন ঠাইৰ লগত সংযোগ স্থাপনৰ বাবে যোগাযোগৰ কোনো ব্যৱস্থা নথকা চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ লাইমুতিত এখন দলং উদ্ধোধন কৰে স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰীয়ে ৷ এনডিএফবিৰ ঘাটি ৰূপে জনাজাত হোৱা অঞ্চলটোত বিটিআৰৰ পৰা আৱন্টন দিয়া দুই লাখ টকা আৰু ৰাইজৰ অনুদানেৰে দলং নিৰ্মাণ কৰি অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান দিয়ে ৷
ৰূপজ্যোতি কুৰ্মীক গুলীচালনাৰ তদন্ত বিচাৰি গৃহমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ
বৃহস্পতিবাৰে বিয়লি অসমৰ ভূমিতেই বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাক গৰিহণা দিয়ে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে । শুক্ৰবাৰে নগাঁৱৰ বটদ্ৰৱাত উপস্থিত হৈ চৰকাৰক সমালোচনা কৰে গৌৰৱ গগৈয়ে । অসমৰ ভূমিত নগা বেদখলকাৰীয়ে এগৰাকী জনপ্ৰতিনিধিক গুলীওৱাৰ প্ৰসংগ উত্থাপন কৰি এইখন অসমত জনপ্ৰতিনিধি এজনৰ সুৰক্ষা নাই বুলি দাবী কৰে গৌৰৱ গগৈয়ে । বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাৰ তদন্ত বিচাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ ইতিমধ্যেই পত্ৰ প্ৰেৰণ কৰিছে সাংসদ গৌৰৱ গগৈয়ে ।
অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন জি পি সিঙৰ
বৃহস্পতিবাৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আঘাতপ্ৰাপ্ত হোৱাৰ পাচতে শুকুৰবাৰে মৰিয়নীৰ সীমান্ত অঞ্চলত উপস্থিত হয় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ চৰকাৰৰ বিশেষ দলৰ লগত পাহাৰৰ ওপৰতে এক আলোচনাত মিলিত হয় বিশেষ আৰক্ষী সঞ্চালক গৰাকী ।
পদপথত বাস কৰা লোকক খাদ্য বিতৰণ নগাঁৱৰ ছাত্ৰ সমাজৰ
নগাঁৱৰ কেইগৰাকীমান ছাত্ৰৰ প্ৰশংসনীয় পদক্ষেপ । নিজৰ গাঁঠিৰ ধন ভাঙি পদপথত বসবাস কৰা লোক সকলক বিতৰণ কৰে খাদ্য সামগ্ৰী ৷