নেৰানেপেৰা বৰষুণে ম্লান পেলাইছে দুৰ্গা পূজাৰ উচ্ছাহ-উদ্দীপনা
ৰাজ্যত এফালে ক’ৰণা মহামাৰী আনফালে নেৰানেপেৰা বৰষুণৰ বাবে এই বেলি দুৰ্গা পূজাৰ মাদকতা ম্লান পেইলাইছে ৷ ধেমাজিৰ ঐতিহাসিক শ্ৰী শ্ৰী সাৰ্বজনীন বিষ্ণু মন্দিৰত পুৱা ভাগত কিছু ভক্তৰ সমাগম হৈছিল যদিও আবেলি পুনৰ সেৰেঙা হৈ পৰে । মহাষ্টমীৰ এনে পূজাৰ অভূতপূৰ্ব পৰিৱেশক লৈ বিষাদগ্ৰস্ত হৈ পৰিছে পূজা সমিতি আৰু ভক্তসকলৰ ।
অযোধ্যাত বলৱৎ কৰা হৈছে 144 ধাৰা
17 ডিচেম্বৰলৈকে অযোধ্যাত বলৱৎ কৰা হৈছে 144 ধাৰা ৷ জিলা দণ্ডাধীশ অনুজ কুমাৰ ঝাৰ মতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে অংশ ল’ব দ্বীপোৎসৱত আৰু উৎসৱৰ মাজতে কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত হ’ব ৷ এই কাৰ্যসূচীসমূহ যাতে নিয়াৰিকৈ অনুষ্ঠিত কৰিব পৰা যায়, তাৰ বাবেই সান্ধ্য আইন জাৰী কৰা হৈছে বুলি জনালে জিলা দণ্ডাধীশ গৰাকীয়ে ৷
পাণ্ডুৰ অষ্টমী পূজাত ভাগ ল'লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
অষ্টমীৰ পূজাত ভাগ ল'বলৈ মহানগৰীৰ পাণ্ডুত উপস্থিত হয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । পাণ্ডুৰ আটাইকেইখন পূজাস্থলীলৈ গৈ দেৱীৰ ওচৰত মূৰ দোৱাই সেৱা আগবঢ়াই মন্ত্ৰীগৰাকীয়ে । পাণ্ডু ৰেষ্টকেম্প কালীবাৰী, বৰ বজাৰ, পাণ্ডু আমেৰিকান কলনী, পাণ্ডু কেবিন আদিত পূজাস্থলীত দেৱীৰ আশিস লয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
ট্ৰাম্পক ভাৰতৰ শত্ৰু আখ্যা দিলে ভাৰতীয় মূলৰ আমেৰিকানে
বিডেন আৰু হেৰিছে ভাৰত তথা ভাৰতবাসীক ভালকৈ বুজি পায় বুলি মন্তব্য ভাৰতীয় মূলৰ আমেৰিকানৰ ৷ ট্ৰাম্পক ভাৰতৰ শত্ৰু আখ্যা অধিকাংশ ভাৰতীয় মূলৰ আমেৰিকানৰ ৷ বিডেন আৰু হেৰিছৰ দল শাসনলৈ আহিলে ভাৰত তথা আমেৰিকা উভয় দেশৰে অৰ্থনৈতিক অৱস্থাৰ উন্নতি হ'ব বুলিও ভাৰতীয় মূলৰ আমেৰিকান সকলে মন্তব্য প্ৰদান কৰে ৷
কলকাতাত 20 কোটি টাকাৰ মুল্যৰ হিৰ’ইন জব্দঃ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী
কলকাতা আৰক্ষীয়ে চহৰখনৰ গাৰডেন ৰিচ অঞ্চলৰ এখন মালবাহী গাড়ীৰ পৰা 4 কেজিতকৈও অধিক হিৰ’ইন জব্দ কৰাৰ লগতে দুজনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰে ৷ যাৰ মুল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত 20 কোটিতকৈও অধিক হ’ব ৷