অসম

assam

By

Published : Jul 15, 2021, 9:01 AM IST

ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি...

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি
পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

অসমৰ গো-সংৰক্ষণ বিধেয়কে উত্তৰ-পূৱত আশাহত কৰিব নেকি বিজেপিক ?

12 জুলাইত অসম বিধানসভাৰ মজিয়াত শাসকীয় বিজেপি দলে ‘গো-সংৰক্ষণ বিধেয়ক 2012’ (Cattle Preservation Bill) উত্থাপন কৰিছিল ৷ কিন্তু এই বিধেয়কখনে প্ৰভাৱ পেলাব পাৰে উত্তৰ-পূৱত গেৰুৱা দলৰ শেহতীয়া উত্থানত ৷

অৱনমিত বিধানসভাৰ মৰ্যাদা : অধ্যক্ষ-বিধায়কৰ ভূমিকাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

অসম বিধানসভাৰ মজিয়াত নতুন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু একাংশ বিধায়কৰ বক্তব্য আৰু আচৰণে সচেতন নাগৰিকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰশ্ন উঠিছে যে জনজীৱনৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ দকৈ আলোচনা কৰি‌ তাৰ সমাধান সূত্ৰ উলিওৱাৰ বাবেহে বিধানসভাৰ অধিবেশন । কিন্তু এতিয়া চলিছে কি !

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়ণক লৈ সমস্যাত শিক্ষা বিষয়া

বুধবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী (EDUCATION MINISTER) ডাঃ ৰনোজ পেগুৱে (Ranoj Pegu) সংবাদমাধ্যমৰ আগত সদৰি কৰে যে, ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বাতিল হোৱা হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS)ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল অহা ৩১ জুলাইৰ পূৰ্বে ঘোষণা কৰিব ।

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল

পুনৰ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল ৷ বুধবাৰে ৰাজ্যৰ গৃহ বিভাগে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ কিছু ৰদ-বদল কৰিছে ৷ অসমৰ সীমান্ত আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক হিচাপে নিয়োজিত হৰমিত সিঙক অতিৰিক্তভাৱে প্ৰশাসন, সুৰক্ষা আদিৰ লগতে মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব অৰ্পণ ৷

ঈদৰ পূৰ্বে গো-সুৰক্ষা বিধেয়ক কিয় ? সৰৱ হ'ল সাংসদ আব্দুল খালেক

গো-সুৰক্ষা বিধেয়কখন আইনত পৰিণত হ'লে নতুনকৈ বৃহৎ চিণ্ডিকেট গঢ়ি উঠাৰ সম্ভৱনা আছে । সীমান্তত গৰুৰ চোৰাং বেহা প্ৰতিৰোধত সম্পূৰ্ণৰূপে ব‍্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ । মছজিদৰ কমেও ৫০০ বৰ্গ মিটাৰলৈকে গাহৰি মাংস কটা নিষিদ্ধ কৰিবলৈ চৰকাৰক দাবী জনালে সাংসদ আব্দুল খালেকে ৷

মোক লাইফ বনাই দিম বুলি কোৱাত বেচিছিলো কিডনী : চাঞ্চল্যকৰ স্বীকাৰোক্তি

নগাঁৱৰ কৈৱৰ্ত হুজগাঁৱৰ সাতজনকৈ লোকে কিডনী বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহিছে । ইয়াৰে এগৰাকী লোকে কিডনী বিক্ৰী কৰা বুলি প্ৰতক্ষ্যভাৱে স্বীকাৰ নকৰিলেও স্বীকাৰ কৰিছে কিডনী দিয়াৰ আঁৰৰ কথা ।

এনকাউণ্টাৰৰ প্ৰসংগত সদনত কি ক'লে মুখ্যমন্ত্রীয়ে

আৰক্ষীক (POLICE) লক্ষ্য কৰি ল'লে উত্তৰ পাবই । আইনৰ ভিতৰত থাকি আৰক্ষীয়ে চৰম পন্থা লওক। বিষ পান কৰিবলৈ মই সাজু আছো । কোনো সমালোচনাই আমাক টলাব নোৱাৰে । বিধানসভাৰ মজিয়াত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) ৷

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ

কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ DA আৰু DR ১১ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে । নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ এক বৈঠকত এই সিদ্ধান্ত লোৱা হয় ।

World Youth Archery Championship লৈ নিৰ্বাচিত বোকাখাতৰ বিশাল

অসমবাসীৰ বাবে এক সু-খবৰ ৷ আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগীতালৈ নিৰ্বাচিত হৈছে বোকাখাতৰ সন্তান চাংমায়ে । পোলেণ্ডত অনুস্থিত হ’ব এই World youth Archery chempionship । বোকাখাতৰ সন্তান বিশাল চাংমায়ে স্থান লাভ কৰিছে ভাৰতীয় দলত ।

৭ গৰাকী মল্লযোদ্ধাৰে টকিঅ' অলিম্পিকলৈ যাত্ৰা ভাৰতৰ

ভাৰতে এইবাৰ সাতগৰাকী মল্লযোদ্ধাৰ সৈতে ৰিঙত অৱতীৰ্ণ হ'ব ভাৰত । শিৰোনামত আছে সাহসী বিনেশ ফোগাট আৰু অতি শক্তিশালী বজৰং পুনিয়া । তাৰ পিছতে অংশু মালিক আৰু সোনম মালিকৰ দৰে যুৱ প্ৰজন্মৰ প্ৰতিভাৱান মল্লযোদ্ধাও আছে, যিয়ে এই ক্ষেত্ৰখনত কনিষ্ঠৰ পৰা তেওঁলোকৰ দ্ৰুত সফলতাৰে সকলোকে আচৰিত কৰি আহিছে ।

ABOUT THE AUTHOR

...view details