অসম

assam

By

Published : Mar 31, 2021, 9:04 AM IST

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা খবৰ...

9 বজাৰ শীৰ্ষ দহটা খবৰ...

top ten at 9 am
9 বজাৰ শীৰ্ষ দহটা খবৰ

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ্য নিৰ্বাচন আয়ুক্তক অভিযোগ কংগ্ৰেছৰ

মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থিত্বক অযোগ্য ঘোষণাৰ দাবী কংগ্ৰেছৰ ৷ মন্ত্ৰী ড৹ শৰ্মাই হাগ্ৰামা মহিলাৰীক জেললৈ প্ৰেৰণ কৰাৰ কথা ৰাজহুৱাকৈ কৈ নিয়া-ৰ তদন্তৰ আওতালৈ অনাৰ ভাবুকি স্বৰূপ বক্তব্যৰ পাছতে মুখ্য নিৰ্বাচন আয়ুক্তক অভিযোগ পত্ৰ দাখিল কৰে কংগ্ৰেছে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন: ৩৪ গৰাকীয়ে দাখিল কৰিলে মনোনয়ন

সমগ্ৰ ৰাজ্য এতিয়া আক্ৰান্ত নিৰ্বাচনী জ্বৰত ৷ অসম বিধানসভাৰ নিৰ্বাচনৰ লেখীয়াকৈ পূৰ্ণ প্ৰস্তুতি চলিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ 34 গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন ৷

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণঃ ভোটগ্ৰহণ কেন্দ্ৰ অভিমুখে ৰাওনা নিৰ্বাচনী বিষয়া

অহা ১ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ডিমা হাছাও জিলা প্ৰশাসন । হাফলং সমষ্টিৰ ১০২টা ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত নিৰ্বাচনী বিষয়াসকলে মঙলবাৰে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰ অভিমুখে ৰাওনা হয় । বুধবাৰে বাকী ১৪৪টা ভোটগ্ৰহণ কেন্দ্ৰলৈ যাব নিৰ্বাচনী বিষয়াসকল ।

মন্ত্ৰী হিমন্তক নিৰ্বাচন খেলাৰ ক্ষেত্রত অযোগ্য ঘোষণাৰ দাবী কংগ্ৰেছৰ

গুৱাহাটীৰ ৰাজীৱ ভৱনত মঙলবাৰে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভৰ ঘোষণা- সাৰদা আৰু লুইচ ৱাৰ্জাৰ কেলেংকাৰীৰ পুনৰ তদন্ত হ'ব । তদন্ত হ'ব ক'ভিড-19ৰ নামত হোৱা কেলেকাৰীৰ । হতাশ-নিৰাশ হিমন্ত বিশ্ব শৰ্মাই ভয়-ভাবুকিৰ ৰাজনীতিত নামিছে ।

এইমছত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বাইপাছ অস্ত্ৰোপচাৰ সম্পন্ন

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক শুকুৰবাৰে বুকুৰ বিষৰ বাবে সেনাৰ গৱেষণা আৰু ৰেফাৰেল চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ শনিবাৰে তেওঁক দিল্লী এইমছলৈ স্থানান্তৰ কৰা হয় ৷ এইমছৰ চিকিৎসকৰ দলে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি বাইপাছ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয় ।

বিজ্ঞাপন বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ দিলীপ শইকীয়াৰ

দৈনিক বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ সন্দৰ্ভত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সাংসদ দিলীপ শইকীয়াই ৷ সাংসদ গৰাকীয়ে কয়, আদাক দেখি উঠিল গা কাটুৰীয়ে বোলে মোকো খা ৷ মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ দলগাঁও সমষ্টিত বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব যদিও বাকী কেইটা সমষ্টিত আশানুৰূপ চমকপ্ৰদ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বিজেপি ৷ কংগ্ৰেছ দলে হাজাৰ চেষ্টা কৰিলেও বিজেপিৰ সমান হ'ব নোৱাৰে ৷

ৰাহুল গান্ধী অবিবাহিত সমস্যা সৃষ্টিকাৰী লোক: জইচ জৰ্জ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক "অবিবাহিত সমস্যা সৃষ্টিকাৰী লোক" আখ্যা দিলে প্ৰাক্তন সাংসদ জইচ জৰ্জে । এই সন্দৰ্ভত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কয় যে, তেওঁলোকে ৰাহুল গান্ধীক ৰাজনৈতিক আদৰ্শগত কাৰণতহে সমালোচনা কৰে, ব্যক্তিগতভাৱে নহয় । আনহাতে, বিৰোধী দলৰ নেতা ৰমেশ চেন্নিথালাই কয় যে, প্ৰাক্তন সাংসদ জইচ জৰ্জৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰা উচিত ।

ত্ৰিপুৰাত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচীকলৈ প্ৰতিবাদ

সৰ্বভাৰতীয় শিক্ষাৰ্থী সংগঠনৰ ত্ৰিপুৰা গোটে মঙলবাৰে ব'ৰ্ড পৰীক্ষাৰ পূৰ্ব বাছনি পৰীক্ষাৰ সময়সূচীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী শিক্ষাৰ্থী অভিযোগ কৰা মতে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ পূৰ্ব বাছনি পৰীক্ষাৰ তিনিটা বিষয়ৰ মাজত অধ্যয়নৰ বাবে সময়ৰ ব্যৱধান দিয়া হোৱা নাই য'ত গণিত বিষয়ো অন্তৰ্ভূক্ত আছে ।

জনপ্ৰিয় পঞ্জাৱী কণ্ঠশিল্পী দিলজানৰ দেহাৱসান

চিৰ বিদায় মাগিলে পঞ্জাৱী কণ্ঠশিল্পী দিলজানে । মঙলবাৰে পুৱা দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় কণ্ঠশিল্পীগৰাকীৰ । দিলজানৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ পঞ্জাৱী সংগীত জগতত ।

আফগানিস্তানত শান্তি প্ৰক্ৰিয়া: এছ জয়শংকৰ-আশ্ৰৰফ ঘানিৰ আলোচনা

আফগানিস্তানত শান্তি স্থাপন সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰৰফ ঘানিৰে ফোনযোগে বাৰ্তালাপ কৰে । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতে আফগানিস্তানক স্পষ্টভাৱে সাৰ্বভৌম, গণতান্ত্ৰিক ৰূপত চাব বিচাৰে, যিয়ে সংখ্যালঘুসকলৰ স্বাৰ্থৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

ABOUT THE AUTHOR

...view details