অসম

assam

By

Published : Sep 6, 2020, 7:16 PM IST

ETV Bharat / state

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

TOP TEN AT 7
সাত বজাৰ শীৰ্ষ দহ বাতৰি...

নিজৰ প্ৰাপ্যৰ অপেক্ষাত দিশহাৰা হৈ পৰা এগৰাকী ঠিকাদাৰ

আজিও নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে ধেমাজিৰ এগৰাকী ঠিকাদাৰ ৷ গড়কাপ্তানি বিভাগৰ অভিযন্তা কাৰ্যালয়ৰ পঞ্জীয়নভুক্ত ঠিকাদাৰ উত্তম চাংমাইয়ে বিভাগীয় বহু কাম কৰি আজিও নাপালে নিজৰ প্ৰাপ্য ৷

গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লুণ্ঠনৰ অভিযোগ

ফুটুকাৰ ফেনত পৰিণত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি ৷ গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লুণ্ঠন চলাৰ এক অভিযোগ উত্থাপিত হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে সুবিধা লাভৰ পৰা বঞ্চিত হিতাধিকাৰীসকলে ৷

অভিশপ্ত নেকি অগপ: বাৰে বাৰে কিয় বিভাজিত হয় দলটো !

ঐতিহাসিক অসম আন্দোলনৰ বুকুত 1885 চনৰ 14 অক্টোবৰত গোলাঘাটত জন্ম লাভ কৰা দলটোৱে সেই বৰ্ষৰ বিধানসভা নিৰ্বাচনত 69 খন আসনত জয় লাভ কৰি চৰকাৰ গঠন কৰে ৷ উক্ত চৰকাৰৰ নেতৃত্ব বহন কৰিছিল দলটোৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই ৷ মহন্ত আছিল অসমৰ প্ৰথমগৰাকী কণিষ্ঠ মুখ্যমন্ত্ৰী ৷

হিৰেণ গোহাঞি আচলতে বামপন্থী চিন্তা ধাৰাৰ মানুহ: জয়ন্ত মল্ল বৰুৱা

হিৰেণ গোহাঞিয়ে এসময়ত নামঘৰ সমূহ অসমৰ জাতীয় জীৱনৰ এক অংগ বুলি মন্তব্য কৰি, এতিয়া নামঘৰলৈ প্ৰদান কৰা আৰ্থিক অনুদানৰ বিৰোধিতা কৰিছে ৷ হিৰেণ গোহাঞি আচলতে বামপন্থী চিন্তা ধাৰাৰ মানুহ বুলি সংবাদ মাধ্যমযোগে মন্তব্য কৰে পৰ্যটন বিভাগৰ অধ্যক্ষ তথা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাই ৷

ঘোষণা কৰা হ’ল আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ কাৰ্যক্ৰমণিকা

অহা 19 ছেপ্তেম্বৰৰ পৰা 10 নৱেম্বৰলৈ অনুষ্ঠিত হ’ব আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ ৷ প্ৰথমখন মেচত মুখামুখি হ’ব ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছ বনাম ৰোহিত নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ ৷ 46 দিনলৈ অনুষ্ঠিত হ’ব আইপিএলৰ লীগ মেচ ৷ কৰ’ণা ভাইৰাছৰ ফলত সংযুক্ত আৰৱ আমিৰাতত অনুষ্ঠিত হ’ব 2020 বৰ্ষৰ আইপিএল ৷

Exclusive : তাপীৰ গাৱৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিৰ নাচো ৰাজহ চক্ৰৰ মেক মোহন লাইনৰ ভাৰত চীন সীমান্তৰ পৰা চীনা সৈন্যই 5 গৰাকী লোকক বন্দী কৰি নিয়া কথা স্বীকাৰ সাংসদ তাপীৰ গাৱৰ । ইটিভি ভাৰতৰ লগত হোৱা এক সুকীয়া সাক্ষাৎকাৰত পূৱ অৰুণাচল প্ৰদেশৰ বিজেপিৰ সাংসদগৰাকীয়ে কয় যে, যোৱা মাৰ্চ মাহৰ ঘটনাৰ পুনৰাবৃত্তি কৰিলে চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীয়ে ।

ব্ৰাউন চুগাৰসহ বৰপেটাত গ্ৰেপ্তাৰ আৰু এজন ড্ৰাগছ ব্যৱসায়ী

বৰপেটা জিলাৰ বিভিন্ন স্থানত 5 দিনৰ ভিতৰত 8 জনকৈ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ ৷ শনিবাৰে সন্ধিয়া হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত আৰক্ষী এটা দলে হাজীপাৰা গাঁৱত অভিযান চলাই কৰায়ত্ব কৰিলে আৰু এজন ড্ৰাগছৰ ব্যৱসায়ী ৷

আজৱ: ইয়াত বিয়াৰ পূৰ্বে ভগা হয় ভিন্ন পাত্ৰ

এখনৰ পাচত আনখন প্লেট ভাঙে, ফুলদানিও ভাঙে বিয়াৰ পূৰ্বে ৷ জাৰ্মানিত বিয়াৰ পূৰ্বে এনে ধৰণৰ কিছুমান ৰীতি পালন কৰা হয় বহু পৰিয়ালত ৷ কিন্তু এই নিয়মৰ আঁৰত কি কাৰণ আছে ?

আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ধুবুৰীবাসীৰ

ধুবুৰীত গৰাখহনীয়াৰ কবলত বিস্তৰ অঞ্চল ৷ বছৰ বছৰ ধৰি ভুক্তভোগী ৰাইজে জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক সমস্যা সমাধানৰ বাবে অবগত কৰাৰ পিছতো সমস্যা সমাধানত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷ অতিশীঘ্ৰে সমস্যাৰ স্থায়ী সমাধান নকৰিলে নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ ৷

খাৰুপেটীয়াৰ যুৱকে উদ্ভাৱন কৰিলে বেটাৰী চালিত চাইকেল

প্ৰতি ঘন্টাত ২৫ কিঃমি বেগত চলা চাইকেলখনৰ নিৰ্মাণত খৰচ হৈছে 20 হাজাৰ টকা । কাৰিকৰী প্ৰশিক্ষণ নথকা যুৱকজনে আৰ্থিক সহায় পালে আগলৈ হেলিকপ্তাৰ নিৰ্মাণৰ সপোন দেখিছে ।

ABOUT THE AUTHOR

...view details