অসম

assam

ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-ten-at-7-pm
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Apr 11, 2022, 7:08 PM IST

Weapons rescued: কোকৰাঝাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

কোকৰাঝাৰত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ (Weapons rescued in Kokrajhar)। কোকৰাঝাৰ আৰক্ষীয়ে উল্টাপানী বনাঞ্চলৰ দুঠাইত পৃথকে পৃথকে অভিযান চলাই মাটিৰ তলত প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বিটিআৰত পুনৰ আন এক অজ্ঞাত সশস্ত্ৰ সংগঠন সক্ৰিয় হোৱাৰ সন্দেহ ৷

ব্য়ৰ্থ গুৱাহাটী স্মাৰ্ট আৰক্ষী: এমাহে সন্ধান নাই গাড়ীগাঁও দলবদ্ধ ধর্ষণকাণ্ডৰ ৪ অভিযুক্তৰ

ৰাজ্য় কঁপোৱা গাড়ীগাঁৱৰ কিশোৰীৰ দলবদ্ধ ধৰ্ষণকাণ্ড পাৰ হ'ল এটা মাহ(Garigaon Gang rape) । মূল অভিযুক্ত বিকি আলীক এনকাউন্টাৰ কৰা অসম আৰক্ষীয়ে (Biki ali encounter)আজি পৰ্যন্ত সন্ধান উলিয়াব নোৱাৰিলে ধৰ্ষণকাণ্ডৰে জড়িত পলাতক আন চাৰি অভিযুক্তৰ । অসহায় স্বীকাৰোক্তি আয়ুক্ত হৰমিত সিঙৰ ।

পাকে টাইগাৰ ৰিজাৰ্ভত কেন্দ্ৰীয় বনমন্ত্ৰীৰ হাতত ৮২ টা এয়াৰ গান সমৰ্পণ

অৰুণাচল প্ৰদেশত অচিৰেই অৱসান ঘটিব জনসাধাৰণ আৰু বন্যপ্ৰাণীৰ মাজৰ সংঘাত(Man-Animal conflict in Arunachal Pradesh) । ইতিমধ্যে ৰাজ্যখনত ২০২১ চনৰ ১৭ মাৰ্চত আৰম্ভ হোৱা এয়াৰ গান আৰু অনুজ্ঞাপত্ৰ থকা বন্দুক বন বিভাগৰ ওচৰত সমৰ্পণ অভিযান আৰম্ভ হোৱাৰ পিছত মুঠ ২,২০০টা এয়াৰ গান আৰু বন্দুক জমা দিয়া কাৰ্যক আদৰণি জনাইছে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু বতৰ সলনি, শ্ৰম দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে(Union Minister Bhupinder Yadav) ।

লোকসভাৰ অধ্যক্ষই উদ্বোধন কৰিলে ICPA সন্মিলন

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সোমবাৰে অসম বিধানসভাত ভাৰতীয় কমনৱেল্থ পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছনৰ (ICPA) অষ্টম সংখ্যক সন্মিলনৰ শুভাৰম্ভ কৰে (Lok Sabha Speaker inaugurates ICPA Conference in Guwahati)। সোমবাৰৰ পৰা আৰম্ভ হোৱা এই সন্মিলনত ভাৰতবৰ্ষৰ ২২ খন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষই অংশগ্ৰহণ কৰে ৷

GMC Election 2022: গুৱাহাটীক ন-কৈ সজোৱাৰ প্ৰতিশ্ৰুতিৰে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে সোমাবাৰে বিজেপি দলে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ (BJP releases election manifesto)। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এই নিৰ্বাচনী ইস্তাহাৰ ৷

VVIP সুৰক্ষাৰ মাজত এখন বিশেষ আমৰ বাগান

গ্ৰীষ্মকাল সমাগত ৷ গ্ৰীষ্মকালত উৎকট গৰমৰ মাজতো এটা কথাই আমাৰ সকলোৰে মনলৈ তৃপ্তিৰ ভাৱ কঢ়িয়াই আনে ৷ সেয়া হৈছে আম ৷ এতিয়া শৰ্কৰা(Blood Sugar), মধুমেহ ৰোগীয়েও খাব পাৰিব আম ৷

Brahmastra new poster: 'ব্ৰহ্মাস্ত্ৰ'ৰ নতুন পোষ্টাৰ মুকলি

অয়ন মুখাৰ্জীয়ে দেওবাৰে শ্বেয়াৰ কৰিলে 'ব্ৰহ্মাস্ত্ৰ'ৰ এখন নতুন পোষ্টাৰ (Brahmastra new poster) ৷ পোষ্টাৰখনৰ সৈতে ছবিখনৰ এটি গান 'কেশৰিয়া'ৰ অলপ আভাসো দিলে ছবিখনৰ নিৰ্মাতাজনে (Brahmastra movie songs) ৷

প্ৰবীণ অভিনেতা শিৱ সুব্ৰমনিয়ামৰ দেহাৱসান

টু ষ্টেটছ নামৰ হিন্দী ছবিখনত আলিয়া ভাটৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হোৱা জনপ্ৰিয় অভিনেতাৰ লগতে চিত্ৰনাট্য লিখক শিৱ সুব্ৰমনিয়াম আৰু নাই (Actor Shiv Subrahmanyam passes away) ৷ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই সুব্ৰমনিয়ামৰ মৃত্যুৰ কাৰণ ৷

Shruti Haasan Assam visiting: অসমীয়াৰ উষ্ম আদৰণিয়ে হৃদয় চুই গ’ল শ্ৰুতি হাছানৰ

ৰঙালী বিহু উদযাপন কৰিবলৈ অসমলৈ আহিল অভিনেত্ৰী শ্ৰুতি হাছান (Shruti Haasan Assam visiting) ৷ প্ৰেমিক শান্তনু হাজৰিকাৰ সৈতে অসমৰ বাপতি সাহোন বিহুটিৰ সোৱাদ ল’বলৈ আহি (Shruti Haasan celebrated bihu in Assam) অসম আৰু অসমীয়াৰ প্ৰেমত পৰিল অভিনেত্ৰী গৰাকী ৷


অপঞ্জীয়নকৃত ৰিক্সাৰ চলাচলত বাধা আৰোপৰ নিৰ্দেশ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে (Tripura High Court) ৰাজ্য চৰকাৰৰ লগতে অন্যান্য পৌৰ নিগমসমূহক তাৎক্ষণিকভাৱে পঞ্জীয়ন নকৰা ৰিক্সাসমূহৰ চলাচলত বাধা আৰোপ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে (Tripura High Court orders ban on unregistered rickshaws) ।

ABOUT THE AUTHOR

...view details