লোকসেৱা কেলেংকাৰী : তদন্ত আয়োগৰ কাষ চাপিল পাঁচ APS-ACS বিষয়া
ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে জাননী জাৰি কৰাৰ পাচতে আয়োগৰ কাষ চাপিছে পাঁচ গৰাকী বিষয়া ৷ অসম লোকসেৱা আয়োগ (APSC)ৰ পৰীক্ষাত সন্দেহজনকভাৱে উৰ্ত্তীণ হোৱা ১৯ গৰাকী প্ৰাৰ্থীলৈ ইতিমধ্যে ন্যায়াধীশ শৰ্মা আয়োগে জাননী জাৰি কৰি পোন্ধৰ দিনৰ ভিতৰত তেওঁলোকৰ পৰা উত্তৰ বিচাৰিছিল ।
বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ পুনঃযোগদানক লৈ তীব্ৰ চাঞ্চল্য
বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত 12 বছৰীয়া বনকৰা শিশুক নিৰ্যাতন কৰাৰ অভিযোগত মৰাণ মহাবিদ্যালয়ৰ নিলম্বন হোৱা প্ৰাক্তন অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ পুনৰ মহাবিদ্যালয়ত যোগদান ৷ বৰ্তমানৰ অধ্যক্ষৰ অজ্ঞাতে মহাবিদ্যালয়ত উপস্থিত হৈ সোমবাৰে অধ্যক্ষৰ আসনত বহে বিতৰ্কিত ড৹ মিতালী কোঁৱৰ ৷ ঘটনাক লৈ জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷
এসময়ৰ ৰঞ্জী ক্ৰিকেটৰ দুৰ্দান্ত বলাৰ এতিয়া ফুটপাথৰ চাহ দোকানী
এসময়ত, বাংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমীত(NCA) ভাৰতীয় দলক বলিং কৰিবলৈ আমন্ত্ৰণ কৰি নিয়া হৈছিল অসমৰ লেফ্ট স্পিনাৰ(lef প্ৰকাশ ভগতক ৷ কিয়নো তেওঁৰ বলিং নিউজিলেণ্ডৰ ক্ৰিকেটাৰ ডেনিয়েল ভেট্টৰী(Newzealand cricketer Deniel Vettori)ৰ দৰে আছিল বুলি বিশ্বাস কৰিছিল বহুতেই ৷ কিন্তু, এতিয়া এইগৰাকী ক্ৰিকেটাৰে চাহ আৰু ফাষ্ট ফুড বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছে ৷
চৈতন্যৰ তুলিকাত প্ৰাণ পাইছে দেশৰ বহু মহীৰূহই
কলিয়াবৰৰ চে'ণ্ট ৰবাৰ্টচ হাইস্কুলৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী এগৰাকী প্ৰচাৰ বিমুখ ছাত্ৰ ৷ যি গৰাকী ছাত্ৰই ৰং-তুলিকাৰ মাজেৰে বহু মহান মনিষীৰ চিত্ৰই প্ৰাণ পাই উঠিছে ৷ ছাত্ৰ গৰাকীৰ কাম-কাজক লৈ এতিয়া গৌৰৱান্বিত অভিভাৱক সকলো ৷
চৰকাৰ নে মুখ্যমন্ত্ৰী; স্বৈৰাচাৰী কোন ?
সংবাদমেলত অসম চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম জাতীয় পৰিষদৰ (AJP) সাধাৰণ সম্পাদক জগদীশ ভূঞা । নতুন চৰকাৰৰ ৪০ দিনত ৩০ টা এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছে । এই সমগ্ৰ প্ৰক্ৰিয়াটো সন্দেহজনক। অসমত চৰকাৰৰ (ASSAM GOVERNMNET)পৃষ্ঠপোষকতাত ছিণ্ডিকেট চলি আছে ।