কেন্দ্ৰই ধানৰ দাম বঢ়ালেও উপকৃত নহ'ব অসমৰ কৃষক
নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বুধবাৰে এক কেবিনেট সিদ্ধান্ত যোগে বৃদ্ধি কৰিলে ধানৰ ন্যূনতম সমৰ্থন মূল্য । এতিয়াৰে পৰা চৰকাৰে খেতিয়কৰ পৰা ধান ক্ৰয় কৰিব প্ৰতি কুইন্টলত ১,৯৪০ টকাকৈ । কিন্তু ইয়াৰ দ্বাৰা অসমৰ কৃষক লাভান্বিত এইবাৰো হয়তো নহ'ব ।
ৰাজ্যত পুনৰ আক্ৰমণৰ বলি চিকিৎসক
হোজাইৰ উদালিত এজন কৰ'ণা ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ডাঃ সেউজ সেনাপতিসহ এগৰাকী স্বাস্থ্যকৰ্মীক প্ৰহাৰৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ বিশ্বনাথত সংঘটিত হৈছে চিকিৎসক আক্ৰমণৰ ঘটনা ৷ বুধবাৰে বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত একাংশ উদণ্ড যুৱকে প্ৰহাৰ কৰিলে বাগিচাখনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকক ৷
ইটিভিৰ বাতৰি প্ৰভাৱ : পিংগলেশ্বৰ দেৱালয়ৰ জীৱ-জন্তুক খাদ্য সামগ্ৰী বিতৰণ ভক্তৰ
ইটিভি ভাৰতত প্ৰকাশিত বাতৰিৰ প্ৰভাৱ ৷ মন্দিৰৰ জীৱকূলক খাদ্য আগবঢ়াবলৈ ওলাই আহিল একাংশ লোক ৷ ৰাজ্যত জাৰি কৰা আংশিক ল'ক ডাউনে অন্যান্য ক্ষেত্ৰ লগতে দেৱালয় সমূহৰ পুখুৰীত থকা মাছ-কাছকে ধৰি দেৱালয়ত থকা হাঁহ-পাৰ, গৰু-ছাগলী আদিৰ বাবে এক খাদ্য সংকট নমাই আনিছিল ৷ এই সমগ্ৰ বিষয়টো সৰ্বিস্তাৰে প্ৰতিবেদন প্ৰস্তুত কৰি ইটিভি ভাৰত অসমত প্ৰকাশ কৰা পাচতে এক ধনাত্মাক সঁহাৰি দেখা গৈছে ৷ ইতিমধ্যে পিংগলেশ্বৰ দেৱালয়ৰ মাছ, কাছ, হাঁহ আদিক খাদ্য যোগান ধৰাৰ আগবাঢ়ি আহিছে বহু ভক্ত তথা শুভকাংক্ষী ৷
মহানগৰীত উদ্ধাৰ জোনাইৰ ১০ বছৰীয়া শিশু
মহানগৰীৰ গণেশগুৰিস্থিত থেংকইউ লজৰ সমীপত উদ্ধাৰ জোনাইৰ এটি 10 বছৰীয়া শিশু । ঘটনাস্থলীত সংবাদ মাধ্যমৰ লগতে দিছপুৰ আৰক্ষী উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰি ক'ভিড টেষ্ট(covid test) তথা স্বাস্থ্য পৰীক্ষা কৰি ছাইল্ড লাইন(childline)ক গতাই দিয়ে ৷
সংকটত শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰী
যিকোনো মূহুৰ্ততে ভাগি পৰিব পাৰে জয়সাগৰ পুখুৰীৰ পাৰ ৷ পৰিস্থিতিৰ বুজ ল’লে জিলা উপায়ুক্ত বিষ্ণু কমল বৰা ৷ পুখুৰীটোৰ দক্ষিণ পাৰ অনতিপলমে মেৰামতিৰ আশ্বাস জিলা উপায়ুক্তগৰাকীৰ ৷