অসম

assam

ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ খবৰ

7 বজাৰ 10 টা শীৰ্ষ খবৰ

TOP TEN at 7 pm
7 বজাৰ 10 টা শীৰ্ষ খবৰ

By

Published : Oct 23, 2020, 7:00 PM IST

অসমত বৃষ্টিপাতৰ সম্ভাৱনাঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

কৰ'ণাসৃষ্ট পৰিৱেশে শাৰদীয় দুৰ্গা পূজাৰ উছাহ ম্লান কৰাৰ পিছত এই বিধি-পথালি দিছে বতৰে। অহা ২৪ ঘণ্টাৰ ভিতৰত অসমৰ কোনো কোনো ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে বেছি ভাগ স্থানতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই কথা প্ৰকাশ কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ কৰ্তৃপক্ষই।

অসমতো বিনামূলীয়াকৈ উপলব্ধ হ'ব COVID-19ৰ ভেকচিনঃ স্বাস্থ্য মন্ত্ৰী

সমগ্ৰ দেশৰ লগতে অসমতো COVID-19ৰ ভেকচিন বিনামূলীয়াকৈ লাভ কৰিব ৰাইজে। নগাঁৱৰ আমোলাপট্টি পূজা সমিতিৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

"মোগলজোট" ৰ প্ৰভাৱঃ সংখ্যালঘু অধ্যুষিত সমষ্টিত বিজেপিৰ বিশেষ তৎপৰতা

বিজেপিৰ এক শীৰ্ষ সুত্ৰই ই টিভি ভাৰতক জানিবলৈ দিয়া মতে, নামনি অসমৰ সংখ্যালঘু অধ্যুষিত ছয়খন জিলাত সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে দলৰ সংখ্যালঘু মৰ্চাক ৷

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত চলিব ১৫ খন উৎসৱ বিশেষ ৰে'ল

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত চলিব লগা ৰে'লৰ সংখ্যা বৃদ্ধি ৷ এতিয়াৰে পৰা উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত চলিব ১৫ খনকৈ নতুন উৎসৱ-বিশেষ ৰে'ল ৷ উৎসৱৰ বতৰত যাত্ৰীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰে'ল কৰ্তৃপক্ষৰ এই বিশেষ ব্যৱস্থা গ্ৰহন ৷

নলবাৰীৰ বৰভাগত আছু-যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

বৰভাগ অঞ্চলৰ বিভিন্ন পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত ব্যাপক দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগৰ তদন্তৰ বাবে প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে সংগঠন দুটাই ৷

ক’ভিড প্ৰটকলৰ মাজেৰে মালিগাঁৱত দুৰ্গা পূজা

মালিগাঁও-পাণ্ডু আনন্দ নগৰ পূজা কমিটিয়ে এইবাৰৰ পূজা আনবাৰৰ দৰে উদযাপন কৰা নাই যদিও আধ্যাত্মিক পৰিৱেশ পূৰ্বৰ দৰেই বৰ্তি আছে ৷ কেৱল লাখটকীয়া পূজা মণ্ডপৰ পৰিৱৰ্তে কম বাজেট সাপেক্ষে নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ ৷

পূজাৰ আনন্দৰ মাজতে ডিব্ৰুগড়ত অপহৰণৰ ঘটনা

শাৰদীয় দূৰ্গোৎসৱৰ মাজতে ডিব্ৰুগড়ৰ লাহোৱালত ভয়ংকৰ ঘটনা। অপহৰণ কৰি অকথ্য নিৰ্যাতন চলোৱাৰ লগতে ধনদাবী। মাজনিশা গছত বান্ধি আক্ৰমণ। উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ দুৰ্বৃত্তৰ।

মৰাণৰ নাহৰণি পঞ্চায়তত অসম জাতীয় পৰিষদৰ সমিতি গঠন

প্ৰায় ডেৰ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সমিতি গঠন সভাখনত আগন্তুক জাতীয় শক্তিক শক্তিশালী কৰাৰ ক্ষেত্ৰত সকলোৱে অংগীকাৰবদ্ধ হয় ৷

অনুষ্টুপীয়া কাৰ্যসূচীৰে দৰঙত দুৰ্গা পূজা পালন

বিশ্বৰ ইতিহাসত 2020 বৰ্ষতো যেন এক আতংকময় দিন হিচাপে পৰিগণিত হৈ ৰ'ব চিৰদিন ৷ মহামাৰীৰ পয়োভৰৰ বাবে হয়তো প্ৰথমবাৰৰ দেশবাসীয়ে অনুষ্টুপীয়াকৈ পালন কৰিছে বহু অপেক্ষিত উৎসৱ-পাৰ্বন ৷

সদস্য সাংবাদিকৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ

দুৰ্গোৎসৱৰ পবিত্ৰ ক্ষণত গুৱাহাটী প্ৰেছ ক্লাবৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সদস্য সাংবাদিকৰ সন্তানে মহানগৰীৰ ১১খন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বিনামূলীয়াকৈ অধ্যয়নৰ সুবিধা লাভ কৰিব।

ABOUT THE AUTHOR

...view details