অসম

assam

ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি... - Top Ten at 7 PM

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

Top Ten at 7 PM
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Oct 18, 2020, 7:00 PM IST

আছুৰ বাবে নীলকণ্ঠৰ দৰে কাম কৰি যাব সমুজ্জল ভট্টাচাৰ্যই

মহানগৰীৰ ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ধাৰাপুৰ ছাত্ৰ সন্থা আৰু পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশন । অসুস্থতাৰ মাজতে এই অধিবেশনত অংশগ্ৰহণ কৰে আছুৰ উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ।

হোজাই জিলা বিজেপি যুৱ মৰ্চাৰ বাইক ৰেলীত মাৰপিট

দেওবাৰে হোজাই জিলা বিজেপি যুৱ মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাৰ বাইক শোভাযাত্ৰাত অঘটন ৷ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মনক বাইক শোভাযাত্ৰাৰে আনি থকা অৱস্থাত এজন মানসিক বিকাৰগস্ত যুৱকে যুৱ-মৰ্চাৰ কৰ্মীসকলক হাতত চোকা অস্ত্ৰৰে বাট আগচি ধৰে ৷ ইয়াৰ পাচত যুৱ মৰ্চাৰ কৰ্মীয়ে মাৰপিট কৰে যুৱকজনক ৷

ন কৈ সজোৱা হৈছে হাতীমূৰাৰ ইতিহাস বিজড়িত দুৰ্গা মন্দিৰ

হাতীমূৰা দুৰ্গা মন্দিৰত দ্ৰুত গতিত চলিছে মেৰামতি আৰু নৱ-নিৰ্মাণৰ কাম ৷ সমাগত দুৰ্গাপূজাৰ বাবে সাজু মন্দিৰ পৰিচানা সমিতি ৷ চৰকাৰী নীতি-নিয়মেৰে পালিত হ'ব এইবাৰৰ দুৰ্গা পূজা ৷

NEETত পটেন্সিয়েল এণ্ড কনচেপ্ট এডুকেশ্য়নৰ ঐতিহাসিক ফলাফল

মহানগৰীস্থিত পটেন্সিয়েল এণ্ড কনচেপ্ট এডুকেশ্য়নৰ চলিত বৰ্ষৰ NEET পৰীক্ষাত সুন্দৰ ফলাফল । NEET আৰু JEE পৰীক্ষাত সৰ্বোত্তম ফলাফল দিবলৈ সক্ষম হৈছে এই প্ৰতিষ্ঠানটোৱে ৷ সংবাদমেলযোগে এই কথা জনায় প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক বিকাশ চিচ’ড়িয়াই ৷

আৰক্ষীৰ অভিযানত উদ্ধাৰ হেৰ’ইন: ধৃত দুই

কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে প্ৰায় তিনি কেজি নিষিদ্ধ হেৰ’ইন ৷ যাৰ বজাৰ মূল্য প্ৰায় 21 কোটি টকা ৷ আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত থকা দুই সৰবৰাহকাৰীক আটক কৰিছে ৷

ৰাজ্যত থাকিব সংস্কৃতটোল আৰু মাদ্ৰাছা : দিপাংক নাথ

ৰাজ্যত থাকিব সংস্কৃতটোল; থাকিব মাদ্ৰাছা; সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক নাথৰ এই মন্তব্য মৰিগাঁৱত ৷

মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব পদত বহিব কোন !

বিগত প্ৰায় এমাহেই খালি হৈ আছে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ গুৰুত্বপূৰ্ণ আসনখন । পৰৱৰ্তী প্ৰধান সচিব পদৰ বাবে চৰ্চিত হৈছে কেইবাজনো শীৰ্ষ আমোলাৰ নাম । ৰাজধানী দিছপুৰত এতিয়া সবাটোকৈ চৰ্চাৰ বিষয়টো হ'ল কোন হ’ব মুখ্যমন্ত্ৰীৰ পৰবৰ্তী প্ৰধান সচিব ৷

মুছলপুৰত বিপিএফৰ স্বচ্ছ ভাৰত অভিযান

মুছলপুৰত বিপিএফ প্ৰাইমাৰীৰ চাফাই অভিযান । কাৰ্যসূচীত মুছলপুৰ পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী তথা প্ৰাক্তন ই এম অনচুমৈ খুংগুৰ বড়োই অংশগ্ৰহণ কৰে ৷

বোৱাৰী হত্যাত জড়িত স্বামী-দেওৰক আটক আৰক্ষীৰ

কৰিমগঞ্জ আৰক্ষীৰ তদন্তকাৰী দলে বোৱাৰী হত্যাত জড়িতৰ অপৰাধত আটক কৰে অনুপম ৰায় আৰু অৰূপ ৰায় নামৰ দুগৰাকী ব্যক্তিক ৷ বোৱাৰীগৰাকীৰ মৃত্যুৰ দিনাৰ পৰাই পলাতক অৱস্থাত আছিল ব্যক্তি দুগৰাকী । আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলাইছিল এই অভিযান ৷

বিশ্ব ক্ষুধা সূচক 2020 ৰ তালিকাত ভাৰতৰ স্থান 107 খন দেশৰ ভিতৰত 94

Global Hunger Index 2020 ৰ তথ্য অনুসৰি, 107 খন দেশৰ ভিতৰত ভাৰতৰ স্থান 94 ৷ শেহতীয়াকৈ সংস্থাটোৱে প্ৰকাশ কৰিছে প্ৰতিবেদন ৷ সংস্থাটোৰ প্ৰতিবেদন অনুসৰি, 27.2 নম্বৰৰ সৈতে ভাৰতত 14 শতাংশ লোকে পুষ্টিহীনতাত ভুগিব লগা হৈছে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details