অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি - top news

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

top ten at 7 am
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jun 3, 2021, 7:03 PM IST

প্ৰাণৰ মমতাত শংকিত এতিয়া চিকিৎসাকৰ্মী

প্ৰাণৰ মমতাত শংকিত হৈ পৰিছে চিকিৎসক তথা চিকিৎসাকৰ্মীসকল ৷ ৰাজ্যত এতিয়া এজনৰ পাচত আনজন চিকিৎসকক কৰা আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷ লংকাৰ উদালীৰ ফুলতলী ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসকক প্ৰহাৰ কৰা ঘটনাৰ উত্তেজনা মাৰ নৌ যাওঁতেই, পুনৰ অনুপৰূপ ঘটনা সংঘটিত হৈছে কাছাৰৰ কাটিগড়াৰ কালাইন হাস্পাতালত ৷ মঙলবাৰে কালাইন এফআৰইউৰ এদল স্বাস্থ্য কৰ্মীৰ ওপৰত আক্ৰমণৰ চেষ্টা চলোৱা হৈছিল । বাগিছাখনৰ শ্ৰমিক সকলৰ ক’ভিড টেষ্ট কৰিবলৈ যোৱাটোৱেই দোষ হ’ল স্বাস্থ্যকৰ্মী দলটোৰ ৷

ড৹ লক্ষ্মীনন্দন বৰাৰ জন্মস্থান নগাঁৱত শোকাকুল পৰিবেশ

খহি পৰিল অসমীয়া সাহিত্য জগতৰ আন এক উজ্জ্বল নক্ষত্ৰ । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ঔপন্যাসিক, গৰিয়সী আলোচনীৰ সম্পাদক ড৹ লক্ষীনন্দন বৰাৰ আৰু নাই ৷ সু-সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত সমগ্ৰ অসমৰ লগতে নগাঁও জিলাও শোকাচ্ছন্ন হৈ পৰিছে ।

ড৹ লক্ষ্মীনন্দন বৰাৰ বিয়োগত ড৹ নগেন শইকীয়াৰ শোক প্ৰকাশ

কালৰূপী কৰ'ণাত আক্ৰান্ত হৈ ইহ সংসাৰৰ পৰা বিদায় ল'লে 'পাতাল ভৈৰৱী'ৰ স্ৰষ্টা তথা প্ৰতিথযশা সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাই । কৰ'ণাত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা বৰেণ্য কথাশিল্পী, বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাই বৃহস্পতিবাৰে দুপৰীয়া গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । ড৹ লক্ষ্মীনন্দন বৰাৰ দেহাৱসানত এতিয়া শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী ৷ প্ৰতিথযশা সাহিত্যিক গৰাকীৰ বিয়োগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াৰ শোক প্ৰকাশ ৷

কৰ'ণাত আক্ৰান্ত হৈ কোকৰাঝাৰত কোচ-ৰাজবংশী নেতাৰ মৃত্যু

ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ মৃত্যুৰ কিৰিলি । কৰ'ণাত আক্ৰান্ত হৈ কোকৰাঝাৰত পুনৰ মৃ্ত্যু এজনৰ । জিলাখনৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী, ইতিহাসবিদ তথা বাঁওপন্থী নেতা বিপিন বৰ্মনৰ বুধবাৰে মৃত্যু হয় । কৰ'ণাত আক্ৰান্ত হৈ ৮০ বছৰ বয়সত মৃত্যু হয় কোকৰাঝাৰ চহৰৰ হাদানপাৰাৰ নিবাসী নেতাগৰাকীৰ ।

ড৹ লক্ষ্মীনন্দন বৰাৰ বিয়োগত কুলধৰ শইকীয়াৰ শোক প্ৰকাশ

অসমীয়া সাহিত্য জগতৰ বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ ড৹ লক্ষ্মীনন্দন বৰাৰ বৃহস্পতিবাৰে দেহাৱসান ঘটে । ক’ভিড-১৯ত আক্ৰান্ত হৈ যোৱা ২০ মে’ৰ পৰা চিকিৎসাধীন হৈ থকা যশস্বী সাহিত্যিকগৰাকীয়ে বৃহস্পতিবাৰে গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷ প্ৰায় ৬০ খনৰো অধিক গ্ৰন্থেৰে অসমীয়া সাহিত্যৰ ভড়াল টনকিয়াল কৰি যোৱা এইগৰাকী সাহিত্যিকৰ মৃত্যুত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰাৰ লগতে অসম সাহিত্য সভাৰ সভাপতি তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান কুলধৰ শইকীয়াইও গভীৰ শোক প্ৰকাশ কৰিছে ৷

বৰেণ্য কথাশিল্পী, সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰা: জীৱন আৰু সাহিত্য

"পাতাল ভৈৰৱী"ৰ স্ৰষ্টা প্ৰতিথযশা সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰা আৰু নাই । কালৰূপী কৰ'ণাই স্বনামধন্য সাহিত্যিকগৰাকীক লৈ গ'ল ঘূৰি নহাৰ বাটেৰে । কৰ'ণাত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা বৰেণ্য কথাশিল্পী, বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাই বৃহস্পতিবাৰে দুপৰীয়া গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ।

ডিমা হাছাওত গ্ৰেপ্তাৰ এনএছচিএন (আইএম)ৰ সদস্য

বৃহস্পতিবাৰে পুৱা মাহৰ আৰক্ষী থানাৰ অন্তৰ্গত লাইচঙৰ পৰা নগা উগ্ৰপন্থী সংগঠনৰ এজন সদস্যক আটক কৰে অসম ৰাইফলছে । দুদিন পূৰ্বে লাইচঙৰ পৰা কিলাঙচুঙবে জেমি নামৰ এগৰাকী এনএছচিএন (আইএম) উগ্ৰপন্থী সংগঠনৰ সদস্যক অসম ৰাইফলছে গ্ৰেপ্তাৰ কৰাৰ পিছতে পুৱা পুনৰ লাইচঙৰ পৰা হেইলুহিয়ামবে নামৰ এনএছচিএন (আইএম) উগ্ৰপন্থী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰে ।

ডোভাল, ভাল্লা, "ৰ"ৰ মুৰব্বীৰে কি কথা পাতিলে মুখ্যমন্ত্ৰীয়ে !

দিল্লীত কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লা, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু "ৰ"(R&AW)ৰ মুৰব্বী শ্যামন্ত গোৱেলৰে সুকীয়া সুকীয়াকৈ বৈঠকত মিলিত হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এই বৈঠক সন্দৰ্ভত চৰকাৰীভাৱে কোনো কথা প্ৰকাশ কৰা হোৱা নাই যদিও ৰাজ্যৰ‌ গৃহ বিভাগৰ এক শীৰ্ষ সুত্ৰই জনোৱা মতে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ কিদৰে আনিব পাৰি সেয়াই আছিল বৈঠকৰ প্ৰধান উদ্দেশ্য ।

আগষ্ট মাহলৈকে কিস্তি দিব নালাগে মাইক্ৰ'ফাইনেন্স কোম্পানীৰ পৰা ঋণ লওঁতাই

ত্ৰিপুৰাত আগষ্ট মাহলৈকে ঋণৰ কিস্তি মাফ কৰিব মাইক্ৰ'ফাইনেন্স কোম্পানীয়ে । ছেপ্টেম্বৰ মাহ পৰ্যন্ত ঋণৰ কিস্তি বিচাৰিব নোৱাৰিব ৰাজহুৱা খণ্ডৰ বেংকে । উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই মাইক্ৰ'ফাইনেন্স কোম্পানী কৰ্তৃপক্ষৰে আলোচনাত মিলিত হোৱাৰ পিছতে বিত্তীয় প্ৰতিষ্ঠানসমূহে ঋণৰ কিস্তি ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ।

টীয়কত উদযাপন বিশ্ব চাইকেল দিৱস

আজি বিশ্ব চাইকেল দিৱস ৷ প্ৰতিবছৰে জুন মাহৰ ৩ তাৰিখে বিশ্বজুৰি পালন কৰা হয় বিশ্ব চাইকেল দিৱস । ২০১৮ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ৩ জুন তাৰিখক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল ।

ABOUT THE AUTHOR

...view details