অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি...

5 বজাৰ শীৰ্ষ দহটা বাতৰি...

5 বজাৰ শীৰ্ষ দহটা বাতৰি...
5 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : May 18, 2021, 5:13 PM IST

বিধায়কৰ ৰূপত চাবুৱাত সৰ্বানন্দ সোণোৱাল

নিৰ্বাচনৰ ফলাফলৰ পাচত প্ৰথমবাৰৰ বাবে গৃহ চহৰ চাবুৱাত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ আপোন গাওঁবাসীৰ সৈতে কথা হ'ল কুকৈ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক সততাৰে কাম কৰি যাবলৈ আহ্বান জ্যেষ্ঠ ভাতৃৰ ৷

বামুণীগাঁও আদৰ্শ চিকিৎসালয়ত স্থাপন ক'ভিড কেয়াৰ চেণ্টাৰ

শেহতীয়াভাৱে বকো আৰু ছয়গাঁৱতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণাই ৷ ঠাইখনত দ্ৰুতহাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে বকো আৰু ছয়গাঁৱবাসী ৰাইজ ৷ সোমবাৰে নৱ নিৰ্বাচিত বিধায়ক ৰেকিবুদ্দিন আহমেদ অঞ্চলটোত উপস্থিত হৈ বামুণীগাঁও আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা ক'ভিড কেয়াৰ চেণ্টাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ৷

শিলচৰত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ স্বাস্থ্য ব্যৱস্থা পৰ্যবেক্ষণ কৰি সোমবাৰে নিশা শিলচৰত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ শিলচৰৰ স্বাস্থ্য ব্যৱস্থা পৰ্যবেক্ষণ কৰি সন্তষ্টি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ

৯২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলঙৰ দৈৰ্ঘ্য ৮ কিলোমিটাৰ । সম্প্ৰতি মাজুলী দক্ষিণপাট অঞ্চলত প্ৰায় ৫০ বিঘা মাটি লিজত লৈ দলঙৰ যাৱতীয় সা-সামগ্ৰী মজুত কৰিছে নিৰ্মাণকাৰী সংস্থাই ৷

নগাঁৱৰ কচুৱাত গাঞ্জাসহ আটক এজন যুৱক

নগাঁও জিলাৰ কচুৱাত গাঞ্জা আৰু ড্ৰাগছৰ অবৈধ বেহা ৷ গাঞ্জাসহ আটক চাইফুদ্দিন নামৰ এজন যুৱক ৷

কলগাছিয়াত ভূমিকেন্দ্ৰিক সংঘৰ্ষত হত্যাৰ চেষ্টা এজনক

কলগাছিয়াৰ দেউকুৰাত এটা পথৰ ওপৰত ঘৰ বনোৱাক কেন্দ্ৰ কৰি হোৱা বিতৰ্কৰ পৰিণতিত দুর্বৃত্তই ডেগাৰেৰে হানি-খুচি হত্যাৰ চেষ্টা কৰে ইমান আলী তালুকদাৰ নামৰ এজন ব্যক্তিক ৷ আহত ইমান আলী বৰ্তমান চিকিৎসাধীন ।

বৰপেটা মেডিকেল কলেজ হাস্পতালত হেৰাল ৰোগীৰ ক'ভিড পৰীক্ষাৰ নমুনা

ক'ভিড পৰীক্ষাৰ ছেম্পল হেৰাল বৰপেটা মেডিকেল কলেজ হাস্পতালত ৷ মেডিকেল কলেজৰ অধ্যক্ষক অভিযোগ ৰোগীৰ অভিভাৱকৰ ৷ অধ্যক্ষৰ নিৰ্দেশমৰ্মে তৎকালীনভাৱে ৰোগীজনৰ পুনৰ সম্পন্ন কৰা হয় ক'ভিড পৰীক্ষা ৷


ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

লাকুৱাৰ ৰীগৰ পৰা অপহৃত হোৱা অ’এনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ ঘৰত মঙলবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । পৰিয়ালৰ লোকক সাক্ষাৎ কৰি অতি সোনকালে ৰিতুল শইকীয়াক উদ্ধাৰ কৰিব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে সাংসদ তপন কুমাৰ গগৈ, পল্লৱ লোচন দাস, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আদি ৷

উত্তৰ প্ৰদেশ: বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন কিমান শুদ্ধ?

বিশ্ব স্বাস্থ্য সংস্থাৰ এক শেহতীয়া প্ৰতিবেদনে উল্লেখ কৰিছিল যে, ভাৰতৰ সবাতোকৈ জনবহুল ৰাজ্য উত্তৰ প্ৰদেশত এটা পাঁচদিনীয়া ক'ভিড পৰীক্ষণৰ কেম্পেইন কৰা হৈছিল ৷ য'ত স্বাস্থ্য কৰ্মীসকলে ঘৰে ঘৰে গৈ ক'ভিড-19 ৰ পৰীক্ষা সম্পন্ন কৰিছিল । কিন্তু যেতিয়া ইটিভি ভাৰতৰ সাংবাদিকে সেই ঠাইসমূহলৈ গৈ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছিল, তেতিয়া বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ ওলোটা ছবি এখনহে দেখা পোৱা গৈছিল ।

ধেমাজিত নদীত মাছ ধৰিবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি

ধেমাজিৰ বঙলামাৰী মিছিং গাঁৱত নদীত মাছ ধৰিবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি ৷ মিচিং গাঁৱৰ সমীপৰ লেচিয়া নৈত মাছ ধৰিবলৈ গৈছিল নিশিল কুম্বাং ( ১৪) আৰু ৰন্জু কুম্বাং (১৫ ) নামৰ দুই কিশোৰ ৷ পৰৱৰ্তী সময়ত নদীত ডুব গৈ মৃত্যু হয় দুই কিশোৰৰ ৷

ABOUT THE AUTHOR

...view details