Police assaulting civilian in Guwahati: SI প্ৰণৱ কুমাৰ ডেকাক তৎকালীনভাৱে ৰিজাৰ্ভ ক্ল'জ
পল্টন বজাৰৰ ৰাজপথত এজন লোকে পত্নী-সন্তানসহ মটৰ চাইকেলেৰে গৈ থকাৰ পথত যানযঁটৰ বাবে কিছু সময় ৰোৱাৰ সময়তে যান-বাহন শাখাৰ এজন আৰক্ষীৰে বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ ইয়াৰ পিছতে সেই স্থানত উপস্থিত আৰক্ষীৰ এটা দলে পত্নী-সন্তানৰ সন্মুখতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল লোকজনক (Police assaulting civilian in Guwahati) ৷ এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই অসম আৰক্ষীৰ শীৰ্ষ নেতৃত্বই তৎকালিনভাৱে হোৱাকৈ গ্ৰহণ কৰিছে ব্যৱস্থা ৷
APSC ৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত : ন্যায়াধীশ শৰ্মা আয়োগৰ প্ৰতিবেদন সাজু
সাজু হৈ উঠিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগ (Justice Biplab Kumar Sarma Commission) ৰ প্ৰতিবেদন ৷ অসম লোকসেৱা আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ কাৰ্যকালত সংঘটিত নিযুক্তি কেলেংকাৰী (Assam Public Service Commission recruitment scam) ৰ সন্দৰ্ভত এই প্ৰতিবেদন সাজু কৰিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ৷
Bongaigaon Encounter : আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ী
বঙাইগাঁৱৰ মাজগাঁৱত শুকুৰবাৰে নিশা আৰক্ষীৰ গুলীত আহত হয় এটা ড্ৰাগছ ব্যৱসায়ী (Drug smuggler injured in Bongaigaon) ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীটো ধুবুৰীৰ মহম্মদ হুছেইন (২০) বুলি জানিব পৰা হৈছে ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীৰ গুলীত আহত হয় মহম্মদ হুছেইন ৷
Woman found dead in Kalgachia: কলগাছিয়াত বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা
কলগাছিয়াত সংঘটিত হৈছে বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা ৷ শাহুৰ আৰু স্বামীয়ে মিলি বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে (Woman found dead in Kalgachia) ৷ ইতিমধ্যে সোধপোচৰ বাবে আটক কৰা হৈছে অভিযুক্ত স্বামীক ৷
নগাঁৱত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি
নগাঁৱত সংঘটিত ভয়ংকৰ ভূমিকেন্দ্ৰিক সংঘাত (Terrible consequences of land dispute in Nagaon)। দুই ফৈদৰ সংঘাতত প্ৰাণ গ'ল এগৰাকী মহিলাৰ । শিশু মহিলাসহ আহত ১২ গৰাকীকৈ লোক। ঘটনাসন্দৰ্ভত নগাঁও আৰক্ষীৰ তদন্ত আৰম্ভ ।